পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব মহাভঙ্গে পলাই বীৰ কৌৰৱনৃপতি। নাকে মুখে ফধিৰ কৰম্ভে যাই বাস্তি॥ হেন দেখি হাসি তাক বীৰত্ব বচনে। আশেষ বিকৰ্থি নিন্দি বুলিলা অৰ্জ্জুনে। ১৯৮৯৮ শুন অৰে দুৰাচাৰ কুৰু-কুলাধম। ৰণ এৰি পলাৱ ক্ষত্ৰিয়ৰ কোন কৰ্ম্ম॥ কৈক গৈল ৰাজা তোৰ ঐশ্বৰ্য্য প্ৰচণ্ড। আজি কিয় লগে নাই তোৰ বাদ্যভণ্ড॥ ১৯৮৯৯ নিচিনস যেৱে মোক চিনাওঁ তেৱে শুন। যুধিষ্ঠিৰ ৰাজা ভাই মইতো অৰ্জ্জুন॥ যত নিন্দা বিকৰ্থনা কৰিলি পূৰ্ব্বত। সিসব কাহিনী কিয় নপৰে মনত॥ ১৯৯০ মই আজি সাজি আসি আছো সেই কাজে। নযুজি পাপিষ্ঠ তই পলা কোন লাজে॥ জগতে প্ৰখ্যাত তোক বোলে দুৰ্য্যোধন। দুখে সম্ভে কেহো তোক নযায় যুজন॥ ১৯৯০১ কদাচিতো ভঙ্গ তোৰ মুহিব সংগ্ৰাম। তেৱেসে উচিত এই দুৰ্য্যোধন নাম॥ সিংহৰ আক্ৰান্ত যেন পুষ্পৰ পতন। ধিকাছোক মিছা তোৰ নাম দুৰ্য্যোধন॥ ১৯৯০২! নিবাৰম্ভ নাহি তাক আনৰ প্ৰৱন্ধে॥ প্ৰলয় অগনি যেন জ্বলৈ চমৎকাৰ। সবে যশ কীৰ্ত্তি নাম কৰিয়া বিনাশ। ৰণ এৰি দুৰাচাৰ কিসক পলাস॥ তেহ্ৰয় বৎসৰ দুখ দিলি যত যত। এবে কৈক যাইবি দুষ্ট মোহোৰ হাতত॥ '৯০৩ গুণি চাৱা মনে ৰাজা এ তিনিভুৱনে। পলালে বা ৰাজা তোক ৰাখিবেক কোনে। স্বৰ্গক যাৱস যেৱে বিচাৰি আনিবো। পাতালে পলাস সাতো পাতালে ফুৰিবে৷।’৯০২ সাগৰত বুৰ দেস মৰিবাক ডৰে। তহিতো নেৰাইবি খেদি নিবে মোৰ শৰে॥ বৈশম্পায়ন বাতি শুনিয়ে জন্মেজয়। শৰাঘাৱে জৰ্জ্জৰিত নসছে হৃদয়। ১৯৯০৫ অৰ্জ্জুনৰ নিন্দা বাণী শুনি কুৰুৰায়। পালটিল হস্তী যেন অঙ্কুশৰ খাই ১৩৪ সৰ্পৰ লাঞ্ছত যেন পাৱে দিল লাথি। মহাক্ৰোধে বহ্নি সম জ্বলি গৈল আতি॥ ১৯৯০৬ ধনু ধৰি অৰ্জ্জুনক যুক্তিবাক সাব্জ। প্ৰমত্ত হস্তীক যেন ধাইল মত গজ || হেন দেখি ভীষ্ম দ্ৰোণ অশ্বত্থামা কৰ্ণ। শকুনি বিকৰ্ণ দুঃশাসন চিত্ৰসেন॥ ১৯৯০৭ দুঃসহ দুম্মুখ জয় বিবিংশতি ৰূপে। ৰাজাৰ লগত সবে ধাইল এক চিপে॥ দিব্য অস্ত্ৰ অৰ্জুনক অনেক মালি। পৰ্ববতক ঢাকি যেন মেঘে বৰিষিল। ১৯৯৮ ধনু ধৰি ধনঞ্জয় অস্ত্ৰৰ প্ৰভাৱে। যেন মহা মেঘদল উৰুৱাইল বাৱে। অস্ত্ৰে অস্ত্ৰ হানি ছন্ন কৰিল সমস্ত। পাচে ইন্দ্ৰ অস্ত্ৰ আনি চৰাইলা গুণত॥ ১৯৯০৯ ত্ৰিভুৱনে চমৎকাৰ কাম্পে যাৰ নামে। ইন্দ্ৰে তাক জানন্ত জানিলে শ্ৰীৰামে॥ দেৱাহুৰ নাগ যক্ষ ৰাক্ষস মানৱে। তিনিয়ো লোকত আৰ নজনিয় কেৱে৷ ১৯৯১০ দায়াতৰে অৰ্জ্জুনক গোপ্যে দিলে ইন্দ্ৰে। দেখি জীৱ উৰি গৈল কৌৰৱী সেনাৰ॥ ১৯৯১১ মহাৰথী সবাৰো কম্পিয়া গৈল বুক। কাংস পৰি জিম গৈল ভৈলেক নিচুক। মন্ত্ৰ পঢ়ি অৰ্জ্জুনে ধনুৰ গুণ টানি। প্ৰহাৰিলা নিদ্ৰাবাণ কৌৰৱক ছানি॥ ১৯৯১২ দেৱদত শঙ্খগোট বাইলেক পাগুৱে। কম্পি গৈল হৃদয় সবাৰো শঙ্খৰাৱে॥ কৰ্ণ ৰূপ অশ্বত্থামা ৰাজা দুৰ্য্যোধন। গুৰু দ্ৰোণ মুখ্যে সবে কুৰুসেনাগণ॥ ১৯৯১৩ ৰথী ৰথ সাৰথি নৃপতি ৰাজহুত। হস্তী ঘোৰা পৰিলন্ত ৰাহুত মাহুত্ত। নিদ্ৰাবাণে পৰিলেক হৰিল গিয়ান। পৰিল হাতৰ ধহু অস্ত্ৰ তূপ যা ১৯৯১৪