পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত ৰজস্বল৷ সময়ত এক বস্ত্ৰ কৰি। দ্ৰৌপদীক পাপিষ্ঠ নিয়াইলি চুলে ধৰি॥১৯৭৯৫ মিছা বুলি বঞ্চি ৰাজ্য লৱালি আমাৰ। থাক দুৰাচাৰ তাৰ কৰো প্ৰতিকাৰ। ধৰ্ম্মপাশে বন্ধ হেতু ক্ষেমিলে৷ পূৰ্ব্বত। এৱে কৈক যাইবি দুষ্ট মোহোৰ হাতত॥ '৯৬ যদি গহ আছে এৱে খেদি আস মোক। তোৰ মোৰ যুদ্ধ আৱে চাওক পৰে লোক # কৰ্ণে বোলে শুন অৰে বিকৰ্থনা এৰ। তোৰ যমকাল মই আসি আছো হেৰ। ১৯৭৯৭ অকাৰণে মিছা কিয় লপস বিস্তৰ। যদি যুদ্ধ দিবি তেৰে শীঘ্ৰে কৰ শৰ। তোৰ দৰ্প শুনি মোৰ কাণ কণ্ডুৱাই। এৰ মিছ৷ টাই দৰশায়ো মুনিষাই॥ ১৯৭৯৮ ধৰ্ম্মপাশে বন্ধ হেতু ক্ষেমিলো পূৰ্ব্বত। এভো বদ্ধ নৌ গুচে নেৰ যেৱে সত্য | যদি ধৰ্ম্ম সমুচিতে কৰস জিজ্ঞাস। পুনৰপি যাইবে লাগৈ সেহি বনবাস॥ ১৯৭৯৯ পাৰিলে সে ক্ষেমিয়৷ আছয় এতকাল। শিল কি কোমল ভৈলে এৰয় শৃগাল॥ ক্ষুদ্ৰ পতঙ্গক মাৰি কৰ মহমহ। মোহোৰ আগত আজি খানিতেক বহু॥ ১৯৮০ বালুকি সদৃশ হেৰ দেখ দুই ভুজ। ক্ষণিতেকে আজি মোৰ পৰাক্ৰম বুজ॥ ঝাণ্ট কৰি যি দেৱক লাগে তাক পূজ। ত্ৰিদশে দেখোক আজি তোৰ মোৰ যুঞ্জ॥ ৮১ যদি ইন্দ্ৰে সাজি তোৰ হোৱন্ত সহায়। তাহাঙ্কে। সমৰে মাৰে৷ কিছো দোষ নাই॥ দেখ শৰচয় মোৰ প্ৰচণ্ড বিশাল। তক্ষক সমান ঘোৰ তোৰ যমকাল। ১৯৮০২ এহি শৰ হানি ধমকৰণে পঠাওঁ I আউৰ যেন মুশুনয় ধনঞ্জয় নাউ। অৰ্জ্জুনে বোলন্ত শুন অৰে দুৰাচাৰ। যেন দুৰ্য্যোধন তেন পাত্ৰ তই তাৰ। ১৯৮০৩ আপুনাক মহমহ দেখল দুন্দুৰ। মোহোৰ হাতত তই যাইবি যমপুৰ। একবাৰ যুজি আসি পলাই যাস কিয়। নিলাজক হুই তই বৰ সুখে জীয়॥ ১৯৮০৪ ভায়েৰক মাৰিলোহে৷ নাৰাখিলি কিক। তোহোৰ বীৰত্ব সবে আছোক ধিক ধিক॥ ঠোঁঠকটা চেঙ্গ অৰে লাগস উলটি। খুষ্টিয়াই পলাশ যেন ঘাটে চৰ৷ পুঠি। ১৯৮০৫ নিলাজ যেহেন কাক ফুৰ ছেগ চাই। খানিতেক ৰহ যমপুৰে দিবো ঠাই॥ হৰত শৰণ লস কৈলাসক যাস। সাগৰত ডুব দেস পাতালে পলাস॥ ১৯৮০৬ যদি যম কুবেৰত লৱস শৰণ। তথাপি অৱশ্যে তোক মাৰিবোহে৷ কৰ্ণ॥ তোৰ মোৰ যুদ্ধ ইহ জনমে নভাঙ্গে। শুন দুষ্ট বোলে৷ তই জানি থাক সাঙ্গে॥ ৮০৭ তোৰ শিৰ শোণিতে পূজিবো ৰণচণ্ডী। হৃদয়ৰ শূলগুলি তেৱে যাইবে খণ্ডি॥ আউৰ কত নীচক যে কৰোহো উত্তৰ। এহি বুলি ধলুখান কৰিলা টঙ্কাৰ। ১৯৮০৮ আকৰ্ণ পূৰিয়া কোপে টানি ধলুগুণ। কুৰি শৰে হানি তাক ভেদিল| অৰ্জ্জুন॥ শৰচোটে ৰবিহুত কৰ্ণ মহাবলী। ঘৃত পাইয়া অগ্নি যেন আতি গৈল জ্বলি॥ ১৯৮০৯ তীখাল বিষাল অসংখ্যাত চণ্ড শৰে। অৰ্জ্জুনৰ গাৱত ভেদিলা নিৰন্তৰে উৰু শিৰ ললাট কাটিল৷ ৰক্ষস্থলে। নাক মুখ পেট কোষ শালিল সকলে। ১৯৮১ চাৰি শৰে বানৰধ্বজক পতাকাক। দুই শৰে ধনু চাৰি ৰথৰ ঘোৰাক॥ সাত শৰে উত্তৰক ভেৰিলেক দ্ৰুত। কুতূহলে সিংহনাদ কৰিল৷ বহুত॥ ১৯৮১১ বানৰৰ ধ্বজ গোটে কোপে অৰ্জ্জুনৰ। কৰ্ণৰ ভীতিক চাই গৰ্জ্জিল বিস্তৰ