পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব অশ্বত্থামা অৰ্জ্জুনে লাগিল যুদ্ধ বৰ। যেন দুই গ্ৰহ যুদ্ধ মঙ্গল বুধৰ॥ ১৯৭৭৮ বিদ্যুৎ সঞ্চাৰে ফুৰৈ দুইহন্তৰ ৰথ। ধনুৰ টঙ্কাৰে মহী কাম্পয় পৰ্ব্বত॥ শৰহানি দুইকে৷ দুই চানিল সমূলে। যেন মেশৃঙ্গত পলাশ পুষ্প ফুলে॥ ১৯৭৭৯ দুৰ্জ্জয় অৰ্জ্জুন বীৰ কুম্ভীৰ তনয়। শৰে হানি কাটিল ৰথৰ চাৰি হয়। বাহুকী সদৃশ বিষক্ষুৰ দশ বাণ। অৰ্জ্জুনৰে৷ হিয়াত ভেদিল বৰ টান॥ ১৯৭৮০ হাঞ্চুতি ঘামিল বীৰে দেখি তমোময়। কম্পি কম্পি ক্ষণেক বহিলা ধনঞ্জয়॥ সেহি বেলা অশ্বত্থামা সমৰে নিপুণ। শৰে হানি অৰ্জ্জুনৰ কাটি ধলুগুণ॥ ১৯৭৮১ পুনৰপি সাত শৰে ভেদিল হৃদয়। দেখি কুৰুবলৰ আনন্দ জয় জয়॥ দেৱালুৰ নাগ যক্ষ্ দানৱ মানৱ। ভীষ্ম দ্ৰোণ আদি কৰি যতেক কৌৰৱ॥ ১৯৭৮২ সিদ্ধ মুনি বিদ্যাধৰে যতেক দেখিল। সাধু অশ্বত্থামা বুলি সবে প্ৰশংসিল॥ অৰ্জ্জুনে বোলম্ভ সাধু সাধু গুৰুপুত্ৰ। এহি বুলি আন গুণ লগাইলা ধনুত॥ ১৯৭৮৩ কৰ্ণমানে টানি ঘোৰ কৰিল টঙ্কাৰ। শৰ বৰিষিলা যেন যেতে বাৰিষাৰ॥ অশ্বত্থামা বীৰে শৰ বৰিষিলা কোপে। হাজাৰে হাজাৰে লক্ষে লক্ষে একে জোপে॥ ৮৪ অযুত নিযুত শৰ যাই একেবাৰ। হুইৰো শৰে দশোদিশ ভৈল অন্ধকাৰ। বিপৰীত তুমুল লাগিল ধুমাৰ্জ্জয়। দিশ পাশ আকাশ দেখিয় তমোময়। ১৯৭৮৫ দুয়ো বীৰ তৰণ দাঁক্ষণ পৰ্যাক্ৰম। দুয়ো মহা ধন্দুৰ্দ্ধৰ ভুল্য শৰীৰ ৰণত নিপুণ দুয়ো গুণে নিৰূপম। মহাবল মহাভুল হইতো দুই সঙ্গ। ১৯৭৮৬ 108) দ্ৰোণৰ যে শিষ্য দুয়ো বয়সে সমান। কিন্তু অশ্বত্থামাৰ ঢুকাল সবে বাশ॥ ধনহান প্ৰাণী যেন বুদ্ধি হোৱে হীন। সেহিমতে অশ্বত্থামা কিছে৷ ভৈল ক্ষীণ # ১৯৭৮-৭ অক্ষয় তৃণৰ যিটো নাহি ক্ষয়ব্যয়। সি কাৰণে তান্ত কৰি চাৰ ধনঞ্জয়॥ ৰণ এৰি অশ্বত্থাম৷ সি হেতু শঙ্কুচি। শিঙ্গভাঙ্গা বৃষ যেন গৈল পাচ্ গুচি॥ ১৯৭৮৮ অৰ্জ্জন থাকিল৷ যেন মেৰুশৃঙ্গখণ্ড। কৌৰৱ কুমুদ বনে পৰিয়া মাৰ্ত্তণ্ড॥ হেন দেখি আগবাঢ়ি কৰ্ণ” মহাৰথী। অৰ্জ্জুনক ধাইল যেন কোপে মত্ত হস্তী। ১৯৭৮৯ ধনুৰ টঙ্কাৰ যেন মেঘৰ গৰ্জ্জন। অৰ্জ্জুনে দেখন্ত কোপে খেদি আসে কণ”। অশ্বক মহিষে যেন স্বভাৱে বিৰোধে। কৰ্ণকো অৰ্জুনে দেখি খেদি গৈল ক্ৰোধে॥'৯০ অশ্বত্থামাৰ শৰসব ভাল ভাল চাই। পদাতি কটক সব নিলেক কোঞ্চাই॥ ! ক্ৰোধত অৰ্জ্জুনে চক্ষু ফুৰাই ঘনে ঘন। ডাক দিয়৷ বোলে অৰে খেদি আসে কৰ্ণ॥ '৯১ সভা মাজে তই বুলি আছিলি পূৰ্ব্বত। মোক সম বীৰ কোন আছয় লোকত। সিসব বচন আৱে সত্য কৰ আব্জি। হেৰ দেখ মই আছে৷ ধনুগুণ মাব্জি॥ ১৯৭৯২ ধৰ্ম্মপথ এৰি যত বুলিলি অলেখ। সবে মিছা তোহোৰ জলৰ যেন ৰেখ॥ যত যত বিকৰ্থনা কৰিলি পাপিষ্ঠ t কুটনাট বহুবিধ চিন্তিলি অনিষ্ট। ১৯৭৯৩ বিষ খুৱাই মাৰিবে চাহিলি এক বেলি। জলত ডুবালি পাশে বান্ধি হানি মেলি | যোগৃহ সাব্জিলি পুৰি মাৰিবাক লাগি। নিমিত্তেসে দুৰ্য্যোধন তই মূল ঘাগি॥ ১৯৭৯৪ শকুনিৰ বোলে সবে খেলিয়া ফুটপাশ। বাহুৰ বৎসৰ খটাইলিহি বনবাস।