পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bobb ক্ষণো বামে প্ৰদক্ষিণ কৰৈ পৰিৱৰ্ত্ত। কৃপক সমুখে নিয়া ৰাখিলেক ৰথ॥ ১৯৭২৭ কুৰু অৰ্জ্জুনৰ যুদ্ধ চাহিবে কৌতুকে। আকাশত একঠাই ভৈল৷ দেৱলোকে। হংসধানে ব্ৰহ্মা বৃষভত মহেশ্বৰ। মূষৰ বাহুনে গণপতি লম্বোদৰ। ১৯৭২৮ ময়ূৰ বাহনে চড়ি দেৱ ষড়ানন। ঐৰাৱত কন্ধে ইন্দ্ৰ সঙ্গে মগণ॥ ছাগলৰ কন্ধে অগ্নি মহিষত যম। কুবেৰ পুষ্পক দিব্য বিমানে উত্তম॥১৯৭২৯ হৰিণ বাহনে বায়ু মকৰে বৰুণ। দিব্য ঘণ্টা কিঙ্কিণী বাজয় ৰুণঝুন। অষ্টবহু ৰুদ্ৰগণ অশ্বিনীকুমাৰ। চন্দ্ৰ সূৰ্য্য গৈলা ৰথে চড়ি আপুনাৰ॥ ১৯৭৩০ দেৱঋষি পিতৃগণ সিদ্ধ বিদ্যাধৰ। দৈত্য যে দানৱ যক্ষ গন্ধৰ্ব্ব কিন্তুৰ। দিব্যৰথে চড়ি আৰ গৈলা ৰাজাগণ। বসুমন্ত বলাক্ষ যে সুপ্ৰভ নন্দন॥ ১৯৭৩১ অষ্টক যে গিৰি গজ যযাতি নহুষ। কৃষ্ণাক্ষ সগৰ ভানু ৰঘু সন্ধকুশ | দিব্যৰত্ন মণিমালা পুষ্প পৰিধান। আকাশ ছানিল আসি দেৱৰ বিমান॥ ১৯৭৩২ শ্বেত যে পতাকা গীত আৰকত বৰ্ণ। আকাশে প্ৰকাশে ছত্ৰ চামৰ ব্যঞ্জন॥ নানাবিধ পুষ্প আগে যোগাৱৈ বসন্ত। দিব্য অধিগন্ধ বায়ু সবাকে সেৱন্ত। ১৯৭৩৩ বৈশম্পায়ন নিগদতি জন্মেজয় ৰাই। কৌতুকে ত্ৰিদশ দেৱে আছা যেৱে চাই॥ কৃপক সমুখে খেদি গৈলা ধনঞ্জয়। শঙ্খনাদ কৰিলন্ত শুনি লাগে ভয়॥ ১৯৭৩৪ পৰ্বৰত উপৰে যেন ভৈল বজ্ৰপাত। শৱদে পূৰিল দিশ পৃথিৱী দিশান্ত॥ তাঙ্ক দেখি কূপে শঙ্খ ফুল্কিল তহিত। শুনি জীয়া জন্তু সবে ভৈল ভয়ভীত॥ ১৯৭৩৫ মহাভাৰত নিৰ্ঘাত সদৃশ ঘোৰ টঙ্কাৰ যে কৰি। অৰ্জ্জুনক লাগি খেদি আইল ধনু ধৰি এ কৰ্ণমানে ধলুখান টানি দশ বাণে। অৰ্জ্জুনৰ হিয়াত ভেদিল বৰ টানে॥ ১৯৭৩৬ অৰ্জ্জুনো নৰাচ বৰিষিলা জাকে জাক। শৰে হানি কৃপবৰে কাটিলন্ত তাক॥ হেন দেখি মহাকোপে জ্বলি কুন্তিত। কৃপক লাগিয়া শৰ মাৰিলা বহুত॥ ১৯৭৩৭ হাজাৰ অযুত শত লক্ষ একেবাৰ। আকাশ পৃথিৱীখান কৈলা একাকৰি॥ শব্ঘাৱে অগ্নি সম জ্বলিল গৌতম। মহাকোপে শৰীৰৰ বহি যায় ঘাম॥ ১৯৭৩৮ মাৰো ধনঞ্জয় থাক বুলি দশ শৰ। গাৱত ভেদিল সিটো বাণে অৰ্জ্জুনৰ। বোম্বালে ৰুধিৰ বহে অৰ্জ্জুনৰ গাৰ। পৰ্ববতৰ হস্তে যেন বহে গেধাৰ॥ ১৯৭৩৯ শৰে ফুটি অগ্নি সম কোপে ধনঞ্জয়। চাৰি শৰে কৃপক মাৰিলা চাৰি হয়॥ কাটিল৷ যুৱলি ঈষাদণ্ড যোটজৰী। কতোদূৰ গৈলা কৃপ পৰিলা উফৰি॥ ১৯৭৪• হাসি বীৰ ধনঞ্জয় ৰহিলা উপেক্ষি। নকৰিলা শৰ গুৰু গৌৰৱক ৰাখি॥ ক্ৰোধিলাহ৷ ৰূপে বৰ মনত আতুষ্টি। বায়ুবেগে ধাইল বীৰ আন ৰথে উঠি॥ ১৯৭৪১ অৰ্জ্জুনো প্ৰচণ্ড বীৰ ত্ৰৈলোক্য প্ৰধান। তিনি শৰে কৃপৰ কাটিলা ধলুখান আউৰ চাৰি শৰ হানি কাটিলা সন্নাহা। উদাস ভৈলেক বীৰ সৰ্ব্ব গাৱে খাহা॥ ১৯৭৪২ গুচিল কৱচ কৃপ ভৈলন্ত সঙ্কোেচ। যেন মহাসৰ্পগোটে এৰিলেক ডোঞ্চ । আৰ এঞ্চ সল্লাহ। পিন্ধিলা শীঘ্ৰ কৰি। কোপে ৰূপে অৰ্জ্জুনক ধাইলা ধনু ধৰি॥১৯৭৪৩ আউৰ শৰ ধনঞ্জয়ে কৰিবে নিদিল। শৰ হানি কৃপৰ যে ধনুক ছেদিল।