পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩০৬ স্থৱৰ্ণ পুথিয়া শৰ মাৰম্ভ আথাক। অগনিকণিকা সম দেখি জাকে জাক॥ ১৯৭০৪ শৰে শৰ হানি দুয়ো কৰম্ভ সংহাৰ। তেখনে প্ৰসন্ন হোৱৈ গুচে অন্ধকাৰ॥ দুইৰো ৰথ এক ঠাই যেন চন্দ্ৰ সূৰ্য্য। নানাৰত্নে কান্তি কৰৈ কণকৰ পুঞ্জ॥ ১৯৭০৫ পাচে বীৰ ধনঞ্জয় দাৰুণ সমৰে। কৰ্ণক ভেদিল হানি তিনিশত শৰে॥ ৰথ ধ্বজ সাৰথিক আৰ এক শত। আঙ্গুলেকে। সন্ধি নাই কৰ্ণৰ গৱিত॥ ১৯৭০৬ ফুলিল অশোক যেন আৰকত বৰ্ণ। মহাকোপে অগ্নি সম জ্বলি গৈল কৰ্ণ॥ নিৰ্ঘাত শব্দ কৰি ধনুৰ টঙ্কাৰ। মেঘৰ গৰ্জ্জন যেন গৰ্জ্জিল আপাৰ॥ ১৯৭০৭ অৰ্জ্জুনকো ভেদিল প্ৰচণ্ড শত বাণে। উত্তৰকো সাত শৰ হৃদযত টানে॥ বানৰধ্বজক কোপে তিনি শৰে শালি। দশ শৰে ঈশাদণ্ড ৰথৰ যুৱালি॥ ১৯৭০৮ কুৰিপাট শৰে ভেদি ৰথৰ ঘোৰাক। সিংহনাদ কৰি কোপে বোলে থাক থাক। দেখি কুৰুসেনাৰ হৰিষ ভৈল বৰ। ছত্ৰচি গাউল নচুৱাৱৈ তুলি দড়॥ ১৯৭০৯ মহাভাৰত ঢাক ঢোল মৃদঙ্গ শব্দ কৰে কেৱ। জয় কৰ্ণ বুলি ৰঙ্গে নাচে চেৱে চেৱ॥ ভীষ্ম গুৰু দ্ৰোণ ৰূপ যতেক আছিল। সাধু সাধু কৰ্ণ বুলি সবে প্ৰশংসিল॥ ১৯৭১০ পুনৰপি ৰথখান ফুৰাই চক্ৰাকাৰে। অৰ্জ্জুনৰ হিয়াত ভেদিল৷ সাত শৰে॥ প্ৰমত্ত সিংহক যেন ঝোঙ্কাইলেক হাতী। কাৰ্শলা সৰ্পক যেন পাৱে দিল৷ লাথি। ১৯৭১১ ঘৃত পাই অগ্নি সম জ্বলিলা অৰ্জ্জুন। আকৰ্ণ পুৰিয়া কোপে টানি ধলুগুণ। যমদ ও সম ঘোৰ এক শত বাণে। বৰ টানে ভেদিলা কৰ্ণৰ মৰ্ম্মৰ্থানে॥ ১৯৭১২ দুই বাহু কপাল উদৰ শিৰ গ্ৰাৱে। নাকে মুখে দুয়োকোখে পেট পিঠি হিয়ে॥ কাটন ফুটন শৰগোটে ফুটি কৰ্ণ। ঢলোপৰে৷ কৰে দেহ! হৰিল চেতন॥ ১৯৭১৩ সকল শৰীৰ ঢাকি বহুৱৈ শোণিত। সহস্ৰজালীয়া ঘট সম জৰ্জ্জৰিত॥ মুচ্ছা গৈলা ক্ষণিকতে দেখে যমপথ। সাৰথিক বোলে ঝাণ্টে পালটায়ো ৰথ॥ ১৯৭১৪ ইঙ্গিত জানিয়৷ কাৰ্য্য সাৰথি লুজান। বায়ুবেগে পলুৱাই নিল ৰখখান॥ প্ৰমত্ত হস্তীক যেন ভঙ্গাইলে মাতঙ্গ। কৰ্ণ পলাইল ভয়ে ভৈল ৰণভঙ্গ॥ ১৯৭১৫ অৰ্জ্জুনে মাৰম্ভ ৰঙ্গে হস্তী ঘোৰা ৰথ। অসংখ্যাত সেনা যেৱে গৈলা যমপথ। পলাইল কুৰুবল কেৱে নচাৱয় পাচ। কুম্ভীৰক ডৰে যেন পলাই সবে মাছ। ১৯৭১৬ অৰ্জ্জুনক বোলে মৎস্যৰাজাৰ কুমাৰ। আউৰ কৈক ৰথখান ডকাইবে৷ তোমাৰ। পালটাইলা গৰু ভঙ্গ ভৈল কৌৰৱৰ। I আউৰ কাক তুমি এৱে কৰিব৷ সমৰ॥ ১৯৭১৭ অৰ্জ্জুনৰ দ্বাৰা ফুৰুবীগণক উত্তৰৰ পৰিচয়

অৰ্জ্জুনে বোলন্ত দেখা নীল যে পতাকা হালৈ যাৰ। লুৱৰ্ণৰ বৃষভত কৃষ্ণ হয় ৰথে সমে কালমেঘ সম বৰ্ণ সূৰ্য্য যেন জ্বলে চমৎকাৰ॥ ইহাক সম্মূখে তই ধ্বজগোট বিপৰীত এহেস্তে দুৰ্জ্জয় ৰীৰ কৃপ। ৰক্ত উৎপল সম স্থাগত দেখাহা যাক ৰথখান ডাক মোৰ এহে সমে যুজে৷ এক চিপ॥ ১৯৭১৮ চাৰি ঘেঁষি ৰথখান কমণ্ডলু ধ্বজগোট আগে।