পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব কেহো জৰ্জৰিত ভাৱে ফুটি সবে অঙ্গে। ৰণ এৰি কুৰুসেনা পলাইল বিভঙ্গে॥ ১৯৬৮৭ গুৰুদ্ৰোণে বোলে ওবা মিলিল অকাজ। নিশ্চিন্ত আছাহা কিয় পাত্ৰ যে সমাজ | অৰ্জ্জুন সাগৰে তল যাই কুৰুৰায়। আমি সবে ঐত কাৰ উৰুৱাইবে৷ চাই॥ ১৯৬৮৮ এহি বুলি সবে হন্তে আসি আথেবেধে। অৰ্জ্জুনক খেদি গৈল৷ মহাবথীযূথে॥ সৈন্যৰ আন্দোলে যেন যাই ভূমি তল। ধৰ ধৰ মাৰ মাৰ ৰিঙ্গ কোলাহল॥ ১৯৬৮৯ হেন দেখি উত্তৰক বুলিলা অৰ্জ্জুনে। দেখা মোক খেদি আসৈ মহাৰথীগণে॥ সবাৰে আগতে মুখ ধনুৰ্দ্ধৰ কৰ্ণ। তাক লাগি বায়ুবেগে ৰায়ে৷ ৰথখান॥ ১৯৬৯০ এহি শুনি ৰথখান ডাকিলে উত্তৰে। ৰথবৃন্দ মাজত পশিলা একেশ্বৰে। হৰিণযূথক যেন সিংহ গৈল খেদি। যেন কালপৰ্বতক চক্ৰে থৈলা ভেদি॥ ১৯৬৯১ দেখি কৌৰৱৰ হৃদি কম্পিবে লাগিল। পদাতি কটক মানে গিৰিসাই ভাগিল॥ হেন দেখি চাৰি বীৰে ধনু ধৰি হাতে। আগবাঢ়ি অৰ্জ্জুনক ধাইলা মহাভ্ৰুতে॥১৯৬৯২ চিত্ৰসেন বিকৰ্ণ যে শত্ৰুজিত জয়। এহি চাৰি অৰ্জ্জুনক শৰ বৰিষয়॥ দুৰ্জ্জয় অৰ্জুন মহাবীৰ লঘুহস্ত। কুৰি শৰে চাৰিৰো কাটিলা চাৰি ৰথ। ১৯৬৯৩ চোট পাই হোসকিল চিত্ৰসেন জয়। মহাভয়ে পলাই গৈল প্ৰাণৰ সংশয়॥ আন ৰথে বিকৰ্ণ যুজক ভৈলা সাজ। শৰে হানি অৰ্জ্জুনে কাটিলে ধলুধ্বজ॥ ১৯৬৯৪ আউৰ শৰে বৰ্থহস্তে পৰিল উফৰি। ভূমিপাৱে প্ৰাণ ৰাখি পলাইল লৱৰি॥ হেন দেখি শত্ৰুজিত বীৰ গৈলা ধাই। প্ৰচণ্ড অগ্নিত জাগ পতঙ্গ পৰায়। ১৯৬৯৫ ১৩৩৫ মহাকোপে অৰ্জ্জুনক দিলে শৰঝাক। পথতে অৰ্জ্জুনে যাণে কাটিলন্ত তাক চাৰি শৰে তাহান কাটিলা ৰথখান। দশ শৰে সাৰথিক নিলা যমথান॥ ১৯৬৯৬ আউৰ শৰ হানি তাৰ কাটিলন্ত শিৰ। বজ্ৰে শৃঙ্গ ভাঙ্গি যেন পেলাইলা গিৰিৰ॥ হুৱৰ্ণৰ অলঙ্কাৰে হুমণ্ডিত কায়। পৃথিৱীত পৰি দেহা অধিকে শুহাই॥ ১৯৬৯৭ শত্ৰুজ্জিত হত দেখি কৰ্ণ মহাবীৰ। ভ্ৰাতৃশোকে মহাকোপে নসহৈ শৰীৰ॥ প্ৰমত্ত সিংহক যেন ধাইলেক মাতঙ্গে। ধন্টু ধৰি অৰ্জ্জুনক ধাইলা বৰ খঙ্গে॥ ১৯৬৯৮ দশ শবে অৰ্জ্জুনক ভেদি বৰ টানে। উত্তৰৰো হাতত ভেদিল দুই বাণে॥ চাৰি শৰে ৰথৰ ভেদিলা চাৰি হয়। হেন দেখি কোপে জ্বলি গৈলা ধনঞ্জয়॥ ১৯৬৯৯ বাসুকী সদৃশ শৰ শতেক নৰাচে।

কৰ্ণকে৷ অৰ্জ্জুনে শৰ ভেদিলন্ত পাচে॥

দুইকো দুয়ে৷ আগবাঢ়ি কোপে গৈলা ধাই। অন্তৰি কৌৰৱী সেনা যুদ্ধ আছে চাই॥ ১৯৭০ দুয়ো বীৰ তৰুণ দাৰুণ পৰক্ৰিম। দেৱবীৰ্য্য কলেৱৰ দুইকো দুই সম ত্ৰিভুৱনে চমৎকাৰ অৰ্জ্জুন মুনিষ। পৃথিৱীমণ্ডলে নাই কৰ্ণৰ সদৃশ॥ ১৯৭০১ দুয়ে৷ মহাধমুৰ্দ্ধৰ সমৰে নিপুণ। ৰবিহুত কৰ্ণ ইন্দ্ৰতনয় অৰ্জ্জুন | মহাবল মহাকায় মহাবুদ্ধিমত্ত। দুইকো দুই অসংখ্যতি শৰ বৰিষজ্ঞ। ১৯৭২ যেনে যুদ্ধ ভৈল পূৰ্ব্বে বলি বাসৱৰ। সেহিমতে মহাযুদ্ধ কৰ্ণ অৰ্জ্জুনৰ॥ দুইৰো শৰে অন্ধকাৰ ছানিল আকাশ। নাকলিয় দিশ নাই ৰবিৰ প্ৰকাশ॥ ১৯৭০৩ শ্ৰাৱণ মাসত যেন বৰিষন্ত দেৱ। মাৰন্তে জোৰন্তে শৰ নাকলিয় কেৱ।