পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব পাঞ্চ পাঞ্চ বৰিষত বাঢ়ে দুই মাস। হেন জানি পাণ্ডৱৰ ভৈলেক উদাস৷ ১৯৬৫৩ তেহ্ৰয় বৎসৰ কিছে৷ সমাধিক গৈল। সি কাৰণে ধনঞ্জয় সাজি আসি ভৈল | পাণ্ডৱৰ শ্ৰী আসি মিলিল উদয়। পুনৰপি সম্পদ মিলিল জয় জয়॥ ১৯৬৫৪ যুধিষ্ঠিৰ ৰাজা যাৱে থাকন্ত কুশলে। কদাচিতো সত্যক নেৰিব একোকালে॥ মহ৷ দাতাৱন্ত ৰাজা মহা বুদ্ধিমস্ত। গুণে গুণৱন্ত সন্ত শ্ৰীমন্ত মহন্ত || ১৯৬৫৫ লজ্জাৱস্ত ক্ষমাৰম্ভ অধৰ্ম্ম নাশস্ত। ধৰ্ম্ম আচৰম্ভ সম্ভজনক পালন্ত॥ শত্ৰু মিত্ৰ উদাসীন সবে প্ৰবৰ্ভস্ত। নেৰিবস্ত সত্য যাৱে পৰাণে জীৱম্ভ॥ ১৯৬৫৬ যিবা ভীম অৰ্জুন নকুল সহদেৱ। প্ৰাণ পৰম্ভেও সত্য নেৰিবস্তু কেৱ || পৰম বৈষ্ণৱ পাণ্ডৱৰ পাঞ্চ ভাই। চলে বলে পাৰিলেও নকৰে অন্যায়॥ ১৯৬৫৭ কদাচিতো মুহিবেক আচাৰত বজি। সময় পাইলে নেৰিবস্ত আপুনাৰ ৰাজ॥ আমি যত জানিলোছে৷ কহিলোহে৷ সৱে। আপুনি নৃপতি যেন ঘুৱাই কৰা আৱে॥১৯৬৫৮ ভীষ্মক সম্বুধি ৰাজা বোলৈ সমাজত। ইকথা বোলাহা মোৰ নপশৈ কাণত॥ কদাচিতো পাগুৱক নেদিবোহো ৰাজ্য। যুদ্ধক প্ৰবন্ধ কৰা পাত্ৰ যে সমাজ॥ ১৯৬৫৯ আমাক পাগুৱে আৰ নেদেখিবে ভাল। আৰ্থিৰ যে কুটা দশনৰ যেন শাল॥ নিদাৰণ ৰোগে যেন পীড়ৰ গৰ্ভত। পাণ্ডৱক লাগি মোৰ নাই মন সুস্থ॥ ১৯৬৬০ আজিয়ে গুচিবো নহি মুগুচয় দন্দ। হেন জানি কৰা সবে যুদ্ধক প্ৰবন্ধ॥ বিশেষত অৰ্জ্জুন আসয় একেশ্বৰে। আমি সাজি আসিয়াছে৷ সবে চপকৰে॥১৯৬৬১ ১৩৩৩ আমি আজি অৰ্জ্জনক পেশো যমপুৰ। পাণ্ডৱৰ ৰাজ্যভোগ আশা হোক দুৰ॥ ঝাণ্ট কৰি কটকৰ পাতা বেহুখান। আগ হুই অৰ্জ্জুনক যুজস্তোক কৰ্ণ। ১৯৬৬২ আমাৰ আদেশ হেন জনাবা লোকত। বেহু এৰি যিবা জন পলাই সমৰত॥ সত্যে সত্যে আন শান্তি নকৰিবো তাক। এক হাত পাৱ কাণ কাটিবোহো নাক॥ ১৯৬৬৩ ভীষ্মে আনিলন্ত তাৰ যুদ্ধকেসে মন। সম্বুধি বোলন্ত শুন ৰাজা দুৰ্য্যোধন॥ আমি হিত বোলো গুৰু দ্ৰোণৰ সন্মত। অৰ্দ্ধেক কটক লউ তোহোৰ লগত॥ ১৯৬৬৪ অৰ্দ্ধেক কটক নই আমি গুৰু দ্ৰোণ। কৰ্ণ ৰূপ অশ্বত্থামা সবে বীগণ॥ আমি সবে বেহু পাতি যুজো অৰ্জ্জুনক। আগ হুই গৰু লৈয়া চল নগৰক। ১৯৬৬৫ অৰ্জ্জুনে পাইলে কোনে মেলাইবেক গাঠি। লাভক চাহস্তে যোনে! মূল হোৱে নাঠি ভীষ্মৰ বচন হিত শুনি দুৰ্য্যোধন। বৈদ্যৰ ঔষধ ৰুগীয়াৰে৷ সেহি মন। ১৯৬৬৬ অৰ্দ্ধেক কটক ভীষ্মে দ্ৰোণে সমে থই। চলি গৈল নৃপতি পালৰ,গৰু লই॥ দুঃশাসন সহিতে সোদৰ ঊনশত। আগে পাচে বেঢ়ি চলে ৰাজাৰ আগত॥১৯৬৬৭ বৈশম্পায়নে বোলে শুনিয়োক জন্মেজয়। ভীষ্মে পাল দিয়া তেৱে ৰাজাক পঠাই॥ যুদ্ধক প্ৰবন্ধে পাতিলেক বেখান। বেহুৰ মুখত কৰ্ণ আৰ বীৰগণ॥ ১৯৬৬৮ গুৰুপুত্ৰ অশ্বত্থাম৷ বেহুৰ পিচত। কৃপক যে থৈলপ্ত বেহুৰ ডাহিনত। আনো সব বীগণ থৈল ভাগে ভাগে। সহস্ৰ সংখ্যাত ৰথ থৈল৷ তাৰ আগে। ১৯৬৬৯ মহা ৰথবৃন্দ সমে কৰে ধলু ধৰি 1 আপুনি থাকিলা ভীষ্মে সেনা ৰক্ষা কৰি