পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত ১৩২৮ অভেদ কৱচখান পিন্ধিল গাৱত। ধ্বজক প্ৰণমি গৈই চৰিল৷ ৰথত॥ ১৯৬০৬ ঊত্তৰ সাৰথি ৰথ ডাকিবাক লৈলা। দেখি কুৰুসেনা সবে সচকিত ভৈলা॥ অৰ্জ্জুনো গাণ্ডীৱ ধহু কৰিল৷ টঙ্কাৰ। মেঘৰ গৰ্জ্জন সম শুনি বাৰবাৰ॥ ১৯৬০৭ শঙ্খনাদ কৰিলন্ত অতি বিপৰীত। জানু পাৰি চাৰি ঘোৰা পৰিলা মাটিত॥ উত্তৰ সাৰথি ভৰে বাঘজৰী এৰি। চক্ষু মুদি ৰথত থাকিয়া গৈল পৰি॥ ১৯৬০৮ হেন দেখি ধনঞ্জয়ে উঠি তেতিক্ষণে। জৰী ধৰি ৰথখান তুলিলা তেখনে॥ উত্তৰকো হাতে ধৰি বুলিলা বুজাই। আকোৱালি গ্ৰীৰে চাপি কহিল! বুজাই॥ ৬০৯ ৰাজাৰ কুমাৰ হুই লোক হুঁহুৱালি। শঙ্খগোট বাইলো তই তাহাতে ডৰিলি॥ উত্তৰে বোলয় শুনি আছো বহুতৰ। শঙ্খ সিংহনাদ গদমত্ত কুঞ্জৰৰ॥ ১৯৬১০ হেন শঙ্খনাদ নোউ শুনো এতকাল। খলকিল বুকু মোৰ কৰ্ণে দিলে তাল॥ অৰ্জ্জুনে বোলস্ত থিৰ হৈয়ো আপুনাক। পুনৰপি শঙ্খ বাওঁ ৰথখান ডাক॥ ১৯৬১১ এহি বুলি অৰ্জ্জুনে আৰকা বাইল শঙ্খ। শুনি কুৰুকটকত লাগি গৈল চঙ্ক॥ পৰ্ববতত আসি যেন ভৈল বজ্ৰপাত। শৱদে পূৰিল গিৰি গুহা সাগৰান্ত॥ ১৯৬১২ কম্পিল পৃথিৱীখান পাতাল পৰ্য্যন্ত। ভৰে জীৱজন্ত বোলে মিলিল যুগান্ত॥ বানৰৰ ধ্বজগোটে ভেজিলা আতাস। স্বৰ্গ ফাটি গৈল বুলি সবাৰে তৰাস॥ ১৯৬১৩ বজ্ৰঘোষ সম শুনি ধনুৰ টঙ্কাৰ। জৰে জীৱ উৰি গৈলা কৌৰৱী সেনাৰ। বোলন্ত কংসাৰি কৰি এৰা আন কাম। পাপৰ ভাণ্ডাৰ পোৰা বোলা ৰাম ৰাম। ১৯৬১৪ কুবলত উৎপাত আৰু দ্ৰোণৰ উপদেশ যেতিক্ষণে ধনঞ্জয় উত্তৰে সহিতে খেদি যাস্ত। ভীষ্ম দ্ৰোণ আদি কৰি সবে দেখি বিস্ময় ভৈলন্ত॥ সবাৰে শুখাইল মুখ হাত পাৱ কাম্পে বুক ঝাঁত ঝাঁত শিহৰয় গাৱ। সাগৰ সমান সৈন্য কাংশ পৰি ঝিম গৈল অদভুত দেখা আঙ্গি বাদ্য ভাণ্ড নাহি ৰাৱ চাৱ॥ ১৯৬১৫ হেন দেখি গুৰু দ্ৰোণে সবাকে বুলিল৷ তেৱে শুনা সবে মহাৰথী লোক। আৱৰ দেখিয়া বৰ আউৰে আউৰে চাই কৰৈ শোক॥ ক্ৰব্যাদক পক্ষীগণে গাণ্ডীৱ ধনুক লই সমুখে বহুৱে খৰ বাৰ। মেঘৰ গৰ্জ্জন বৰ কৌৰৱৰ সেনা যত দিবসতে সন্ধ্যা নয় হেৰা শুনা শৃগালৰ ৰাৱ॥ ১৯৬১৬ কান্দে যত গজ বাজী মাংসলোভে কিলকিলি আকাশত শোণিতৰ বৰ্ণ। উলুকা নিৰ্ঘাত পৰে অদভুত বিমঙ্গল- ওপৰত কোলাহলে হেন জানি বীৰগণ গগনে উদিত তাৰাগণ॥ বৰিষে কধিৰ যত আৱৰ দেখাহ৷ কেনে চৌভিতি সেনাক বেঢ়ি ভূত প্ৰেত ভৈৰৱ পিশাচে বিষণ্ন দুৰ্গম ঘোৰ দশোদিশ তমোময় ঊৰ্দ্ধবাহু কৰি সবে নাচে॥ ১৯৬১৭ কৰাল দশন তৰি ধ্বজচয় কাম্পে ঘনে ঘন। সঘনে পৃথিবী লৰে ঝাণ্টে ছোৱা সাৱধান হেৰ আজি পাইলে ঘোৰ ৰণ॥ ভাল সৈন্য ৰাজা পাল ৰাখিবাক আৱে দিয়া ঝাণ্টে পাতা কটকৰ বেহু। আমি আছো পৰ ৰাজে নদী নদ পৰ্ব্বত দুৰূহ॥ ১৯৬১৮