পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গদ৷ মুগৰ শেল শকতিৰ জাক। পৰিব পা টশ ঘাৱে মাৰয় সেনাক॥ শৰবৃষ্টি কৰিল নিসন্ধি কৰি চাপি। বাৰিষাৰ মেঘ যেন বৰিষে বিয়াপি॥ ১৯৩৫৯ সহিবে নোৱাৰি সবে মৎস্যৰ কটক। ৰণ এৰি পলাই হস্তী পদাতি ঘোটক॥ মহাৰথীগণ ডৰে পলাইবাক মন। বিৰাট পৰ্ব্ব হেন দেখি মৎস্যৰাজে বাঢ়ি দিলে ৰণ॥ ১৯৩৬০ আগ ভৈল শতানীক বীৰ সূৰ্য্যদত্ত। মদিৰাস্য বীৰ মৎস্যৰাজাৰ পাচত॥ কৰে চাপ ধৰি এহি চাৰি মহাৰথী কদলী বনত যেন পশি চাৰি হস্তী। ১৯৩৬১ শৰ হানি মাৰে সবে ত্ৰিগৰ্ভ সেনাক। ৰথী ৰথ পদাতি সাৰথি ঘোটকক॥ উৰু শিৰ নাস৷ হস্ত কাটিলেক গ্ৰীৰ। হৃদয়ত পশি কাৰে৷ শঙ্কলিল জীৱ॥ ১৯৩৬২ কাটি ওপোচাইল৷ মুণ্ড ৰণস্থলী ৰঞ্জি। যেন পদ্মবন হস্তী পেলাইলে উভঞ্জি॥ একশত ৰথক মাৰিল৷ শতানীক। তিনি শত ঘোঁৰা আৰো ৰথ তিনি শত॥ ১৯৩৬৩ ছয় শত ঘোঁৰা আৰো ৰথ তিনি শত॥ সম্মুখ সমৰে মাৰিলেক সূৰ্য্যদত্ত॥ পঞ্চশত ৰথ মাৰি নৃপতি বিৰাট। নৱশত ঘোঁৰাক পেশিলা যমবাট # ১৯৩৬৪ চাৰিশত ৰথক মাৰিল৷ মদিৰান্য। দেখি ত্ৰিগৰ্ভৰ বৰ মিলিল তৰান্য॥ তেৰ শত ৰথক মাৰিল৷ চাৰি ভাই। পদাতি সৈন্যৰ তাৰ লেখা জোখা নাই। ১৯৩৬৫ ৰাহুত মাহুত হস্তী ঘোঁৰা সমন্বিতে। কতেক মাৰিলা তাৰ নাই পৰিমিতে॥ শোণিতে কৰ্দ্দমে মাংসে ভৈল ৰণস্থলী। দেখি ৰাজা হুশৰ্ম্মায়ে ক্ৰোধে গৈলা জ্বলি॥ '৬৬ হস্তীৰ বিক্ৰমে যেন খঞ্জিল কেশৰী। বায়ুবেগে ৰখে চৰি থাইল ধনু ধৰি। 1 ১৩১১ আগবাঢ়ি বোলে অৰে শুন মৎস্যৰাজা। ক্ষুদ্ৰ পিম্পৰাক যেন কিয় মাৰ প্ৰজা॥ ১৯৩৬৭ আৱে গহ আছে যেৱে যুদ্ধ দিয়া মোক। সম্মুখ সমৰে মাৰি পেশে৷ যমলোক॥ তোৰ কালযম হেৰ৷ আসি আছে৷ সাজি। গোতবৰ দেৱ মই দেখাইবোহো আজি॥ ১৯৩৬৮ গৰ্বিত বচন হেন শুনি সুশৰ্মাৰ। ক্ৰোধে মুখ বহ্নি সম বিৰাট ৰাজাৰ আকৰ্ণ পুৰিয়৷ বীৰে ধলুখান টানি। ভেদিল অনেক শৰে সুশৰ্ম্মাক হানি৷ ১৯৩৬৯ হুশৰ্ম্মাক মাৰিল৷ অনেক শত শৰ। দুহানো শৰীৰে তেজ বহয় বিস্তৰ বসন্ত কালত যেন ফুলিল অশোক। অ'কাশ চানিয়৷ যুদ্ধ চান্ত দেৱলোক॥ ১৯৩৭০ অৰ্দ্ধচন্দ্ৰ বিপাত বৰিষে ক্ষুৰধাৰ। দুইৰ শৰে কতোদূৰ ভৈল অন্ধকাৰ॥ শ্ৰাৱণমাসৰ যেন মেঘাকুল ৰাতি। নাকলিয় তাৰাগণ চন্দ্ৰৰ জেউতি॥ ১৯৩৭১ সেহিবেলা মৎস্যৰাজ৷ ক্ষুৰ দশবাণে। সুশৰ্ম্মাৰ গাৱত হানিলা বৰ টানে॥ কুৰি শৰে ৰথ ৰক্ষা সাৰথি ঘোঁৰাক। আৰে৷ কুৰি শৰ লৈয়া বো থাক থাক। '৭২ এহি শুনি হুশৰ্ম্মা বোলয় কাৰ্য্য বুজি। আন যুক্তি কতোবেলি থাকিবোহো যুজি॥ আছাৰি পেলাইলা ধহু ক্ৰোধে বহ্নি প্ৰায়। গদ৷ ধৰি ৰথহস্তে নামি গৈলা ধাই॥ ১৯৩৭৩ কৰে ধনু ধৰি-যেন কালান্তক যম। বিশ্বাদ শৱদে খেদি গৈলা বায়ু সম ৰাজাক ধাইবাৰ দেখি সৈন্য সবে থাইল। অস্ত্ৰৰ জাকত মৎস্যৰাজাক ভঙ্গাইল॥ ১৯৩৭৪ হেন দেখি মৎস্যৰাজা দিলা শৰজাক। মহাবলা দুশৰ্ম্মায়ে নগণিলে তাক। ভয়ঙ্কৰ গদাগোট দুই হাতে ধৰি। নিৰ্ঘাত শৱদে কোন উপৰক কৰি। ১৯৩৭