পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3000 মহাভাৰত মৎক্তৰাজৰ পালৰ গৰু ৰণ লুশৰ্ম্মা বদতি ৰাজা এৰিয়োক কাজ। কীচক মৰিল আৰে৷ মাৰো মৎস্যৰাজ। ১৯৩০০ গগণ আছে তাৰ পালৰ ভিতৰ। ধনে জনে ৰাজ্যখান সম্পূৰ্ণ মৎস্যৰ। আছিল পাপিষ্ঠ কীচকৰ শত ভাই। অনেক ৰাজ্যক মাৰি কৰি এক ঠাই॥ ১৯৩০১ আমাকে৷ পাপিষ্ঠে পীড়৷ কৰিছে অনেক। লুটি পুটি ৰাজ্যখান সবে ভাঙ্গিলেক॥ সেহি মৎস্যে ৰাজ্য কৰে কীচক সহিতে। ৰাজ্য চাৰি আসিলোহে৷ তাহাৰ নিমিত্তে॥ ২ কীচকেসে জানে৷ তাৰ আছিল মুনিষ। তাহাৰেসে প্ৰতাপে কাপিল দশোদিশ॥ কীচক মৰিল আৰে৷ নাহি বলদপ’। কি কৰিতে পাৰে বুঢ়া দাস্ত ভাঙ্গা সৰ্প॥১৯৩০৩ তুমি আমি আসা আজি চপকৰে যাওঁ। ধন ধান্য ৰত্ন লুড়ি আনো সবে খাওঁ। অনেক সহস্ৰ ধেলু আছে ভাল ভাল। আসা লুড়ি-পুৰি আনো চলিয়ো সকাল॥ '৩০৪ খেদি যুদ্ধ দেই যদি মাৰিবো কটক। বন্দী কৰি আনো ধৰি বুঢ়৷ বিৰাটক॥ বাহুবলে ৰাজ্যখান কৰি একছত্ৰ। ময়ো এবে বসো গই আপুন ৰাজ্যত॥ ১৯৩০৫ যুদ্ধে জিনি ৰাজ্যখান কৰিয়োক দৈন্য। তেবেতো বিস্তৰ পাইবা হস্তী ঘোঁৰা সৈন্য॥ তেবেতো তোমাৰ হৈব অসংখ্যাত প্ৰজা। ৰাজ ৰাজেশ্বৰ তুমি হৈব| মহাৰাজা॥ ১৯৩০৬ কৰ্ণে তাক অনুমানি বুলিল৷ ৰাজাক। কি কৰিব হীনবল পাগুৱে আমাক। ঠনগণ পাঞ্চগোটা আজি খাইবে নাই। বনৰ বানৰ যেন ভিক্ষুক পৰায়। ১৯৩০৭ তাৰ হুই কোন জনে প্ৰাণ উছগিৰে। পৰৰ প্ৰাহ্মত কিয় পৰে জানু দিবে। | । | আৰো নতু হোৱে তাৰ প্ৰতিজ্ঞা পূৰণ। কিবা ডৰে মৰি গৈল যমৰ কৰণ॥ ১৯৩০৮ অনাগত চিন্তা ৰাজা এৰিয়োক আক। ভালে সে বুলিলা ৰাজা হুশৰ্ম্মা তোমাক॥ আস৷ মৎস্য নৃপতিক মাৰি আনো গই। সিয়ো ৰাজ্যখান বশ্য কৰি এৰো গই॥ ১৯৩০৯ তেবেতো তোমাৰ সম হুইবে আসি কোনে। কৰিয়ে৷ সম্মত এহি ভীষ্মে ৰূপে দ্ৰোণে॥ ৰাজা বোলে দুঃশাসন ভ্ৰাতৃ যুৱৰাজ। ভীষ্ম পিতামহ সমে ঝাণ্টে সৈন্য সাজ॥ ১৯৩১০ দুঃসহ দুৰ্ম্মুখ জয় দুৰ্জ্জয় বিকৰ্ণ। চিত্ৰসেন বিবিংশতি সাব্জা বীৰগণ॥ কৰ্ণ কৃপ গুৰু দ্ৰোণ সাজা অশ্বত্থামা। আপুনাৰ সৈন্য সাব্জি চলিয়ো লুশৰ্ম্মা॥ ১৯৩১১ দক্ষিণ দিশৰ সবে আনা আজি গাই। ত্ৰিগৰ্ত্তৰ পথে তুমি সাব্জি চলি যাই॥ যত গৰু আছে মৎস্যনৃপতিৰ জান॥ দক্ষিণৰ পাল যত তুমি সবে আনা॥ ১৯৩১২ কালি প্ৰভাততে আমি চপকৰে যাওঁ। উত্তৰ পালৰ মানে আনো যত পাওঁ। হেনয় আলচ কৰি সাব্জিয়৷ কটক। দুই ভিতি দুই ধাৰ দিবে বিৰাটক। ১৯৩১৩ । সপ্তমীৰ আগদিনা নৃপতি ত্ৰিগৰ্ভ। আপুনাৰ সৈন্য লৈয়া গৈলা দক্ষিণত॥ যত গৰু আছিলেক মৎস্যৰ ৰাজ্যত। লুটি পুটি গোৱালক খেদিল সমস্ত॥ ১৯৩১৪ দক্ষিণ ভাগৰ সবে আনিলা পালক। অষ্টমীত কুৰুবলে গৈলা উত্তৰক॥ বৈশম্পায়নে কহে জন্মেজয়ৰ আগত। আছম্ভ পাণ্ডৱ তৈত সেহি সময়ত। ১৯৩১৫ 1 | সবে ছদ্মৰূপে সেৱা কৰন্ত ৰাজাৰ। । পাণ্ডৱক লাগি আৰ নাহি দ্বাৰ বাৰ॥ ধৰ্ম্ম ভীম সহদেৱ দুৰ্জ্জয় নকুল। । কীচকক মাৰি এবে এহি সবে মূল৷ ১৯৩১৬