পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব বিলম্ব নকৰি তুমি যায়োক সকাল। আমিয়ো যাইবোহো সেহি হুপকাৰশাল॥ পুছন্ত নৃপতি বৈশম্পায়নে কহন্ত। হেনৰূপে ভীমে সবাহাস্কো মাৰিলন্ত॥ ১৯২১৭ সেনাপতি সমে একাধিক শত মাৰি। পূৰ্ব্বদিশ গৈল মৎস্যৰাজাৰ ওৱাৰি। আন সবে দেখি তাক তৈলেক তৰাস। নমাতি ৰহিল যেন হৰিল উশাস॥ ১৯২১৮ আমাকে৷ মাৰয় যৌনো কীচকৰ খঙ্গে। আথেবেধে পলাই প্ৰজা যেন ৰণভঙ্গে॥ যি ঠাইত বসিয়৷ আছে মৎস্য ধৰ্ম্ম ৰাজা। সি ঠাইক লাগিয়া আসি ভৈলা সবে প্ৰজ'॥ কৰযোৰ কৰি বোলে শুনিয়ে৷ ভূপাল। গন্ধৰ্ব্বে মাৰিলে তোমাসাৰ শত মাল॥ যেন বজ্ৰঘাৱে গিৰি-শৃঙ্গ যায় খসি। সেইভাৱে ধৰণীত পৰি আছে নশি॥ ১৯২২০ গান্ধাৰীক মেলাইলেক তাসম্বাক মাৰি। পুনৰপি আলৈ তাই তোমাৰ ওৱাৰি। তাঙ্ক দেখি কোনে নকৰিব পৰিহাস। আছোক যুৱক বৃদ্ধ তাৰে৷ অভিলাষ॥ ১৯২২১ যুৱাজনে তাঙ্ক দেখি মাতিব আয়াসে। তাকে৷ মাৰি গন্ধৰ্ব্বে পেশিব যমবাসে॥ এতেকে জানিবা প্ৰভু মিলিল অকাৰ্য্য। গান্ধাৰী নিমিত্তে আৱে ছন্ন হইবে ৰাজ্য॥১৯২২২ সৈৰিন্ত্ৰীক মাতি সিটো যাইবে নতু পায়ে। ইসব কাৰ্য্যক আৱে চিত্তিয়ো উপায়ে | তাসম্বাৰ বচন শুনিয়া মৎস্যৰায়। সবাকো সম্বুধি পাচে বুলিলন্ত চাই॥ ১৯২২৩ সবাকো দিয়োক একে স্থানে চিতা সাজি। অগুক চন্দনে দাহ কৰায়োক আজি!! হুদেষ্ণাক চাই পাচে বিৰাট বাতি। সৈৰিক্ষী থাকয় যেৱে তোমাৰেসে ভীতি॥ ২৪ মোৰ বোলে তাহাৰ বুলিব। প্ৰিয় ভাৱ। এৱে হেন কৰ যাহত্তোক আন ঠাৰ ব্যাঘ্ৰে দেখিলেসে যেন হৰিণীৰ গতি। । কীচকতো সেহি ভাৱ ভৈল সমাপতি॥ ১৯২২৫ সুস্থ হৈয়া সৈৰিন্ত্ৰীয়ে৷ শৰীৰ পখালি। নিশি অৱসানে নগৰীক গৈল৷ চলি। দ্ৰৌপদীক দেখি আৰো গন্ধৰ্ব্বক ভৰে। পলাই পুৰুষ সবে দ্বীপ দ্বীপান্তৰে॥ ১৯২২৬ পলাইবে নপাৰি কত হোৱৈ অধোমুখ। চাইলে যোনে৷ হোৱৈ গন্ধবৰ মনভুখ। । আচম্বিতে দেখিলে চক্ষুত দিয়ে হাত। কেহো পিঠি দেই কেহে৷ ভূমি দেই মাথ॥ ′২৭ আছোক তৰুণ শিশু ছৱালো পলায়। সত্বৰে পলাও হেৰা গান্ধাৰিণী যায়॥ নগৰ দেশৰ কতে। গৈলেক এৰায়। সৈৰিস্ত্ৰী পশিল সুপকাৰশাল পায়॥ ১৯২২৮ তাহতে ভীমক গৈয়া পাইলা দৰিশন। দেখস্ত বসিয়া আছে আনন্দিত মন ভীমৰ সমীপ চাপি মাতৈ ধীৰে ধীৰ। শ্মশানশালত মাৰিলেক যত বীৰ॥ ১৯২২৯ তেহো গন্ধৰ্ব্বক হেৰা মোহোৰ প্ৰণাম। তাহান প্ৰসাদে ৰৈল গান্ধাৰিণা নাম॥ গন্ধৰ্ব্বে শুনিয়া বুলিলন্ত প্ৰিয় বাণা। সুখদে প্ৰথমে আসি ভৈলাহা আপুনি॥ ১৯২৩০ সৈৰিন্ধী বোলন্ত তান বচনত থিত। ময়ো তেৱে বশ প্ৰভু বোলে৷ নিতে নিত। তৈৰহস্তে দ্ৰৌপদী গৈলন্ত নৃত্যশালা। যি ঠাইত কুমাৰী নচাৱন্ত বৃহন্নলা॥ ১৯২৩১ নৃত গীত পৰিহৰি দ্ৰৌপদীক দেখি। উত্তৰা সহিতে বাজ ভৈলা যত সখী | সবেয়ে৷ বোলন্ত ৰঙ্গে দ্ৰৌপদীক চাই। ভাল ভৈল তুমি আয়ে আসিল৷ ইঠাই। ১৯২৩২ তোমাৰ কাৰণে যেন কৰাইলাহ! সতী। ভালে সবান্ধৱে মৰি গৈল অধোগতি॥ অৰ্জ্জুনে সোধ্য দ্ৰৌপদীক ভাৱ কৰি। তোমাক মেলাইলে কোনে কহিয়ো হুন্দৰী৷ '৩৩ ১৩০১ I