পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পব কিব৷ সৰ্পে খায় কিবা মাৰে কণ্ডিয়াই। কামিনীক পাইবে কামী তথাপিতো যায়॥ ৪৯ কিবা যাঠি লুঞ্চি মাৰে মৰৈ জলে বুৰি। তথাপি কামীয়ে নেৰে কামিনীৰ গুৰি॥ ৰজায়ে কাটয় কিবা জাতিকুল যায়। তথাপি কামীয়ে নেৰে কামিনীৰ ঠাই। ১৯১৫০ কিবা পিতৃ মাতৃ শুনে গঞ্জে মহাজনে। তথাপি সঙ্কোচ নাই কামুকৰ মনে॥ জাতিকুল হৰাই যেনে৷ হোৱে জাতিভ্ৰষ্ট। কামুক জনৰ তাতো নাহি মন কষ্ট॥ ১৯১৫১ কীচকৰ দেখ৷ আৱে ভৈল কেন ভাৱ। ৰজাৰ মহিষী ভৈলে জগতৰ মাৰ॥ আসে আপোনাৰ দেখা সোদৰ বহিনী। তাতো লাজ এৰিলেক দেখিয়| কামিনী॥ '৫২ হেন পুৰুষৰ দেৱতীৰ্থে নাহি কাজ। যাৱদেকে নপাৱয় সম্ভৰ সমাজ॥ দেৱতীৰ্থে যদি বাৰেকাদি শুদ্ধি কৰে। বাহিৰে পৱিত্ৰ হোৱৈ অন্তৰে নপাৰে॥ ১৯১৫৩ সম্ভৰ সঙ্গত যিটো শুনে কৃষ্ণ-কথা। তেৱেসে মনৰ মল হৰয় সবথা॥ হেন জানি নৰলোক এৰিয়া দুৰ্ম্মতি। যতন কৰিয়া লৈয়ো সন্তৰ সঙ্গতি॥ ১৯১৫৪ সন্তৰ সঙ্গেসে পুৰুষৰ বাৰণত। অধমো উত্তম হোৱৈ সম্ভৰ সঙ্গত। জানি সাধু সঙ্গতি লৈবাৰ কৰা কাম। সৰ্ব্বজনে উচ্চ কৰি বোলা ৰাম ৰাম॥ ১৯১৫৫ কীচক বন্ধ বৈশম্পায়ন বদতি শুনিয়ে৷ নৰপতি। কহে৷ কীচকৰ ভৈল যেন বিসঙ্গতি॥ সৈৰিীৰ বচনত মন ৰঙ্গ ভৈল। দিনগোট বাহাস্তে হাজাৰ যুগ গৈল॥ ১৯১৫৬ দ্ৰৌপদীৰ সম্ভোগ কীচকে চিত্তে মনে। দ্ৰৌপদী চিন্তয় পাপী মৰৈ ফেভিক্ষণে॥ ! 329 হেন সব মনত চিন্তস্ত নাহি আন। দিবসেকে ভৈল সিটো বৎসৰেক মান॥ ১৯১৫৭ লুগন্ধ চন্দন অলঙ্কাৰ পুষ্পমালা। পিন্ধিয়া কীচকে মানিলেক মনে ভালা মৰণ সময়ে কীচকৰ ভৈল কান্তি। নিমাইবাৰ বেলা যেন প্ৰদীপ জ্বলন্তি৷ ১৯১৫৮ একেশ্বৰে কীচক লৰিল কাছি পাৰি। ভীমত জনাইলা গৈয়৷ ভ্ৰুপদজীয়াৰী॥ নৃত্যৰ শালাক ভীমসেন চলি যাইবা। কীচকক মাৰি যম কৰালে পঠাইবা॥ ১৯১৫৯ হিড়িম্বক ৰধিলাহ৷ যেন ভৈল ধৃতি। সেহি বঙ্গ কৰি তাক মাৰিয়ে৷ বিগুটি॥ হস্তী যেন শ্ৰীফলক ভাঙ্গে আঁটি গুৰে। সেহিমতে শিৰ আঁটি নেও কীচকৰে। ১৯১৬০ আনো সব যত যুঞ্জে কীচকক ঢাকি। তাহাকে৷ মাৰিব আজি ত্ৰিদশে নৰাখি | পাচে মাৰিবোছে৷ কৌৰৱৰ শত ভাই। যেন যুধিষ্ঠিৰে ৰাজ্য পাৱন্ত দুনাই॥ ১৯১৬১ দ্ৰৌপদীক সম্বুধিয়া ছদ্মৰূপ হুই। নৃত্যৰ গৃহত ভীম থাকিলন্ত শুই॥ হৰিণক জুম্পি যেন সিংহ থাকে বসি। কতোক্ষণ কীচক মিলিল তৈকে আসি। ১৯১৬২ অন্ধকাৰ ঘৰত আছয় ভীম গুতি। গান্ধাৰী বুলিয়৷ পাশ চাপিলা দুৰ্ম্মতি॥ কামে পীড়িলেক সিটে৷ অচেতন হুই। ভীমৰ গাৱত হাত দিল নিয়া দুই॥ ১৯১৬৩ দাসীদাস অলঙ্কাৰ সুৱৰ্ণ ৰতন। তোমাক লাগিয়৷ সবে কৰিছে৷ যতন | সবাতো প্ৰমুখ্য হুইবা কৰি বহুমান। তোত পৰে মোত ভাল মুহিবেক আন॥ ১৯১৬৪ তৈৰ কন্যাগণে৷ মোত কৰয় হবিষ। বোলয় পুষ নাহি মোহোৰ সদৃশ॥ হুন্দৰ পুৰুষ ৰতিৰসত হুজান। দায়ায়ে সাগৰ সৰ্বৰকাৰ্য্যত দুঠান। ১৯৯৬৫