পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৯৬ 4 নৃপতিৰ প্ৰিয়পাত্ৰ বলত দুৰ্জ্জয়। অহঙ্কাৰী নিষ্ঠুৰ পাপকো নাহি ভয়॥১৯১৩২ ৰাজাৰ বল্লভ হুই নমানে কাহাকো। হেন জানি ভীমসেন ৰাখিয়ে| আমাকো। যিবা মোক বোলা তুমি ৰক্ষা কৰা সাৰ। আজি ক্ষম৷ নকৰৈ কীচক দুৰাচাৰ॥১৯১৩৩ কাল উপেক্ষিলে ভীম আমাক নপায়। তোমাসাৰ ভাৰ্য্যা নোহো বুলিলো দুনাই॥ ক্ষেত্ৰি ভৈলে যুজিবে দ্বিজক দিবে দান। বৈৰ মাৰণত পৰে ধৰ্ম্ম নাহি আন॥১৯১৩৪ ব্ৰাহ্মণে কহিলে হেন পুৰাণ কাহিনী। হেন জানি স্ত্ৰী-বৈৰী মাৰিয়ো আপুনি॥ জয়দ্ৰথে যৈসানি আমাক নিলে হৰি। তাকো ৰণে জিনি তুমি আনিলা উদ্ধাৰি॥ '৩৫ জ্যেষ্ঠৰ বচন নকৰিল৷ অন্যথা। তৈসানি মোহোৰ তুমি ভৈলা পৰিত্ৰাতা॥ ইদানিকে৷ কীচকত নভজিবো আমি। বিষ খাই মৰিবে৷ সাফল হুইব ভূমি॥১৯১৩৬ এহি বুলি দেৱী আই সাবটি ভীমক। শোকৰ বেগত আতি দেখিলা জমক || ঊৰুত শিথান দিয়া কান্দস্ত গোসানী। সাদৰ কৰিয়৷ কোলে ধৰিলা আপুনি॥১৯১৩৭ মাৰিবে৷ কীচক আজি বিলাপ নকৰ। সবান্ধৱে দুষ্টক পেশিবো যমঘৰ॥ কালি তাক দেখিলে বুলিবা প্ৰিয়ভাৱ। নৃত্যৰ শালাত দুয়ে৷ হুইবো একঠাৱ॥১৯১৩৮ দিনভাগে নাচি গাই থাকে কন্যাগণ। নিশাকালে সিথানে নথাকে একোজন॥ শুতিবাৰ খাট এক আছৈ সেহি ঠাৱে। তৈকে লাগি সঙ্কেতে চলিব৷ কামভাৱে॥ ১৯১৩৯ সিঠাইতে মাৰিয়া তাক পেসে| যমলোক। পুনৰপি আসি যেন নোজোকাৱে তোক॥ বিলম্ব নকৰি চল পুহাইল ৰজনী। ভীমক সম্বুধি পাচে গেল যাজ্ঞসেনী॥১৯১৪০ মহাভাৰত গুণস্তে গুণস্তে যেৱে ৰজনী পুহাইল। উঠিয়া কীচক ৰাজহুৱাৰক আইল॥ দ্ৰৌপদীক দেখি দুষ্টে বোলয় দুনাই। 1 এভো কৰ বচন চলিয়ে৷ মোৰ ঠাই॥১৯১৪১ ৰাজাৰ আগত গৈয়া পশিলি শৰণে। তহিতো মাৰিলে৷ তোক ৰাখিলেক কোনে॥ মৎস্য ৰাজ৷ নামমাত্ৰ মই অধিকাৰী। কষ্ট পৰিহৰি মোক ভজিয়ো সুন্দৰী॥১৯১৪২ একশত সাজি পাৰি দিবে। দাসী দাস। তুৰঙ্গ সহিতে ৰথ দিবোহো আবাস॥ সুবৰ্ণ সহস্ৰ পণ দিবো তোেক দান। মই তোৰ দাস ভৈলো ৰাখা মোৰ প্ৰাণ॥১৯১৪৩ দ্ৰৌপদী বোলন্ত আমি নজানিলো মনে। তোমাৰ বচন নকৰিলে৷ সি কাৰণে॥ কৰিবো বচন মোক পালিব৷ আপুনে। আতিশয়ে ডৰাওঁ গন্ধৰ্ধ্বে যেন জানে॥ ১৯১৪৪ যদি সেনাপতি তোৰ মোত আছে ৰস। এখানি বচন বোলো কৰিব৷ আৱস | অন্ধকাৰ ৰাত্ৰিত আসিবা একেশ্বৰে। নাচশালে বচনক ৰাখিবো তোমাৰে॥ ১৯১৪৫ তোমাৰ আমাৰে তৈতে মিলিবে সম্ভোগ। গন্ধৰ্ব্বে জানিলে বৰ মিলিবে বিয়োগ॥ কীচকেও সেহি বাক্য কৰিলা সম্মান। পৰম হৰিষে গৈলা আপুনাৰ থান॥ ১৯১৪৬ দ্ৰৌপদীৰ বোলে তাৰ উলসিল গাৱ। ৰঙ্গমনে চলিল ভূমিত নেদি পাৱ॥ লাস বেশ হৰিষ কৰয় ৰঙ্গমনে। আগত মিলিল কাল তাহাক নজানে। ১৯১৪৭ সৰ্ব্বজনে দেখা কেন কামীৰ চৰিত্ৰ। নমানৈ সুহৃদ মাতৃ পিতৃ কদাচিত কামী পুৰুষৰ জান৷ নাই লাজ ভয়। কামিনীক পাইলে কাটিবাক নডৰায়॥ ১৯১৪৮ কিবা বাঘে খাই উপৰত খাণ্ড৷ পৰে। কামী ভৈলে কামিনীক তথাপি নছাৰে। 1