পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্বব । দেখা ভীমসেন বুলি দেখাইলস্ত খাৰি। ভীমসেনে দেখি বোলৈ প্ৰাণ যায় ছাৰি॥১৯১১৫ | দ্ৰৌপদীৰ ক্ৰন্দন দেখিয়া বৃকোদৰ। শোকে পৰি ভীমসেন কান্দিলা বিস্তৰ॥ কষ্ট পৰিহৰি দ্ৰৌপদীৰ বিদ্যমানে। অসন্তোষে ভূমি চাহি ৰৈলা ভীমসেনে॥১৯১৯৬ ধিক ধিক আছোক মোহোৰ বাহুবল। ধিক ধিক অৰ্জ্জুনৰ গাণ্ডীৱ বিফল॥ মৰকত বৰ্ণ কৰ আতি লুকোমল। এৱে খাৰি বান্ধিলেক সেহি কৰ্তল॥১৯১১৭ যেতিক্ষণে কীচকে তোমাকে মাৰৈ পাৱে। মই তাক মাৰিবাক চালো সেহি ঠাৱে। 1 লগাইলোহে৷ দস্তে দ্বন্দ্ব মৎস্যৰ সমাজে। সঙ্কেত কৰিয়া বাধিলেক ধৰ্ম্মৰাজে॥১৯১১৮ কৰ্ণ যে শকুনি দুঃশাসন দুৰ্য্যোধন। তাসম্বাক মাৰো পূৰ্ব্বে কৰিলে| যতন॥ তাহাকে৷ নপাইলে৷ যুধিষ্ঠিৰৰ কাৰণে। এভো হৃদয়ত শাল আছে মোৰ মনে॥১৯১১৯ এৰিয়োক খেদ চিন্তিয়োক স্বামী-ধৰ্ম্ম। যুধিষ্ঠিৰে নসহিবে শুনি ইটে৷ কৰ্ম্ম॥ নাৰী হুই স্বামীৰ কৰয় উপালন্ত। সজ্জনে নিন্দিবে বৈৰে পাইবেক আসঙ্গ॥১৯১২০ নৃপতিৰ শোকে পাচে অৰ্জ্জুনো মৰিব। নকুল সহদেৱে৷ পাচে কালক কৰিব। তাসম্বাৰ তুলে মই যাইবে৷ অনুগামী। হেন জানি মোৰ বোল শুনিয়োক তুমি॥১৯১২১ শ্ৰীৰামৰ ঘৰিণী যে আছিল মৈথিলী। ৰামৰ লগত বনবাসে গৈল চলি। তাহাক ৰাৱণে পৰাভৱ কৰিলেক। স্বামীত ভকতি তেহে তভো নেৰিলেক। ১৯১২২ ইন্দ্ৰপত্নী আছিলন্ত নামত ইন্দ্ৰাণী। বয়সে তৰুণ অতি যৌৱনে সম্পন্নী। ইন্দ্ৰ শাপ পান্তে তেহে নেৰিলা ভকতি সহস্ৰেক বৰিষত পাইলা প্ৰিয় পতি॥১৯১২৩ । দেৱঋষি লগত কন্যাৰ বসবাস। লোপামুদ্ৰা নেৰিলন্ত অগস্তিৰ পাশ॥ তাসম্বাৰ সম তুমি পতিব্ৰতা নাৰী। পক্ষেক উপেক্ষি দুখ ভুঞ্জিয়ে৷ সুন্দৰী॥১৯১২৪ দেৱী বোলে উপালঞ্চ নকৰোহো হেন। কি কাৰণে কান্দিলো শুনিয়ে৷ কহো যেন॥ ধৰ্ম্মৱৰ্তী কুলৱতী সতী পতিব্ৰতা। তাৰ জীৱনক লাগি বৰ লাগে বেথা॥১৯১২৫ আমি যাৰ নাৰী ঘেৱে শুনে ইটো কথা। তেসম্বে শুনিলে তোক মাৰিবে সৰ্ব্বথা॥ হেন শুনি হাসিয়া বোলয় দুৰাচাৰে। ! ১২১৫ I কোথাত আছয় আৰ গন্ধৰ্ব্ব তোমাৰে॥১৯১২৬ হৌক লক্ষ গন্ধৰ্ব্ব তাহাকে৷ নডৰাওঁ। সমূলি মাৰিয়া যম কৰণে পঠাওঁ। মই বোলে৷ গন্ধৰ্ব্বক সম নোহ সাৰ। একহি গন্ধৰ্ব্বে তোৰ মুছৰিবে ঘাৰ॥১৯১২৭ মোৰ বোলে আসঙ্গ নপাইলে দুৰাচাৰে। সুদেষ্ণাত পাচে গৈয়া পৰিলা কাতৰে॥ ভ্ৰাতৃৰ কাতৰে হুদেষ্ণায়ে দায়াতৰে। মোক বোলৈ মধু আনি দিয়োক সত্বৰে॥১৯১২৮ মহাদৈৰ বাক্যে গৈলে৷ কীচকৰ ঠাৱে। অহম্মম এৰি মোক বোলৈ প্ৰিয়ভাৱে। তাহান বচন যেৱে আমি নকৰিলো। উঠি আসি দুষ্টে মোৰ আঞ্চলে ধৰিল॥১৯১২৯ মই তাক ভূমিত পেলাইলো দুয়ো হাতে। শৰণ পশিলো আমি ৰাজাৰ সভাতে॥ নৃপতিৰ সমাজত পাইলা গৈয়া খেদি। গন্ধৰ্ব্বে ৰাখোক আৱে বোলে মন্দবুদ্ধি॥১৯১৩০ ভূমিমধ্যে পেলাই পাচে লাথি মাৰিলেক। কঙ্ক মৎস্য দুয়োজনে দেখি ৰহিলেক॥ ৰাজাক কৰিলো উপালন্ত বাৰে বাৰ। সবাকো বুলিহো যত আছিল সভাৰ॥১৯১৩১ তভো প্ৰতিকাৰ নকৰিল মৎস্যৰায়। তাহাৰ প্ৰসাদে ৰাজ্য ভুঞ্জে সমুদায়॥