পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত ১২৯২ অগ্নি সম বলবীৰ্য্য তেজ গৈল ক্ষয়। জানিলে৷ সকলে স্বামী নপুংসক প্ৰায়॥ ১৯০৬৪ একো অপৰাধী নোহো আৰে৷ তিৰী জাতি। চুলিত ধৰি পেলাই মাৰে এক লাথি॥ আগতে মাৰ মোক ৰাজা আছে চাই। যেন বনমাজে মাৰৈ দেখা শুনা নাই॥ ১৯০৬৫ কিঞ্চিতেকে৷ ৰাজধৰ্ম্ম নাহিকে ৰাজাৰ। মোক মাৰন্তেও নকৰিলে প্ৰতিকাৰ। কীচক মনে এহে মুহিকন্ত ৰাজা। টেটনৰ ধৰ্ম্মেসে পালন্ত সবে প্ৰজা॥ ১৯০৬৬ কীচক দুৰ্জ্জন মৎস্য ৰাজাও টেটন। যত সভাসদ আছে সবেও দুৰ্জ্জন॥ কোন দোষে মোক আজি তোমাৰ আগত। কিমতে মাৰিলে লাথি যেন অৰণ্যত॥ ১৯০৬৭ সবে সভাসদ লোকে বেঢ়ি আছে চাই। এনে কৰি থৈয়া আছে ৰাজাক বুজাই॥ অনাথ তিৰীক পাইলে মাৰিবাক লাগে। এনয় ৰাজাক সেৱি থাকে বৰ ভাগে। ১৯০৬৮ দ্ৰৌপদীক চাহি ৰাজ৷ বুলিলা বচন। পৰোক্ষত দ্বন্দ্ব কৰিলাহা দুয়োজন॥ দোষ গুণ নজানোহো হটিবওঁ কিক। মোৰ কোন দোষ কিন্তু তুমি মুখাধিক॥ ১৯০৬৯ সভাসদগণ নৃপতিৰ চিত জানি। কীচকক প্ৰতি বুলিলেক নিন্দাবাণী॥ অন্যো অন্যে চাহি দ্ৰৌপদীক প্ৰশংসিল। দ্ৰৌপদীক লক্ষ্য কৰি বচন বুলিল॥ ১৯০৭০ সৰ্ব্বাঙ্গে সুন্দৰী নাৰী কুৰঙ্গনয়নী। মুহিকে মানুষী আমি দেৱী বুলি জানি। সেহি লোকে স্বৰ্গলাভ এছে যাৰ নাৰী। পৰম সম্পদ হুইবে বুলিবাক পাৰি॥ ১৯০৭১ সমাজত নিন্দে কীচকৰ মন্দ কৰ্ম্ম। দেখি যুধিষ্ঠিৰৰ ললাটে বহে ঘৰ্ম্ম॥ শোকে দুখে অপমানে নপাৱে চেতন। দায়ায় ভাৰ্য্যাক পাচে বুলিল| বচন॥ ১৯০৭২ শুনিয়ো সৈৰিন্ধী নথাকিবা ই থানত। হুদেষ্ণাৰ ঘৰে যাহা গুণিয়৷ মনত॥ বীৰৰ মহিষী ভৈলে পাৱে মহাদুখ। তথাপি স্বামীক সেৱি পাৱৈ মহাসুখ॥১৯০৭৩ মই জানে৷ গন্ধৰ্ব্বে তোমাৰ দুখ দেখে। ক্ৰোধৰ সময় মুহি কালক উপেক্ষে॥ কাল পাইলে তোৰ দুখ খণ্ডিবে সকলে। প্ৰিয় কৰ্ম্ম কৰিবাহা নুহিবা বিহ্বলে॥ ১৯০৭৪ আবুধি সৈৰিন্ধী তই কাল নজানস। নটৰ নটিনী যেন সমাজে লপস॥ ৰঙ্গ সমাজৰ মাজে পাতস বিঘিনি। সমাজ মাজৰ গুচ মনত যে গুণি॥ ১৯০৭৫ দ্ৰৌপদী বেলিন্ত কিছো নুবুলিবা মোক। যেহি সেহি এৱে জানো মাৰিবে ইহাক॥ যাতো মোৰ স্বামী ভৈল বৰহি দায়াল। তানে বৰ ভাই ভৈল বৰহি পাশাল॥ ১৯০৭৬ এহি বুলি দ্ৰৌপদীয়ে৷ কৰিলা গমন। মুক্তকেশ তাৰ ভৈল ৰকত নয়ন॥ | বদনমণ্ডল জ্বলে যেন শশধৰ। কান্দিয়া গৈলন্ত মহাদৈৰ বাসাঘৰ॥ ১৯০৭৭ পটেশ্বৰী বোলে তোক মাৰিলেক কোনে। তাৰ ভাল নাহিকয় জানিলোহো মনে॥ দ্ৰৌপদী বোলন্ত গৈলে৷ মধু আনিবাক। মধুকে৷ নিদিলে মোক মাৰিলে কীচক॥ ১৯০৭৮ জুনাই লাথি মাৰিলেক ৰাজাৰ সমাজ। মোৰ ভাগে সভ৷ যোনো ভৈল বনমাঞ্জ॥ পটেশ্বৰী বোলয় মাৰিবে| মই তাক।

অবলা নাৰীক অপমান কৰাইলেক॥ ১৯০৭৯

দ্ৰৌপদী বোলন্ত মাৱ শুনিবাহ৷ কাণে। । তুমি নমাৰস্তে তাক মাৰিবস্তু আনে। যাহাৰ ভাৰ্য্যাক জোঙ্কাইলেক কামভাবে। তেহে আজি তাক পঠাইবেক যমঠাৱে॥ '৮০ এহি বুলি দ্ৰৌপদী বাসাক লাগি গৈলা। স্নান কৰিলন্ত যানি পথালি