পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব 11 এহি বুলি হাতত ধৰিলা সেনাপতি। দীৰ্ঘ যে নিশ্বাস কাঢ়িলন্ত মহাসতী॥ ১৯০৪৭ বুৰিলো বুৰিলে৷ বুলি কান্দে দীৰ্ঘৰাৱে। বিস্তৰ ভৎ সিল৷ তাক নাৰীৰ স্বভাৱে। তাৱক্ষণে সৈৰিন্ধীয়ে৷ লৱৰেক দিল। কীচকেয়ো লৱৰিয়া হাতত ধৰিল॥ ১৯০৪৮ প্ৰাণক টাঙ্কিয়া পাচে আন্দোলেক দিল। চোট পায়৷ দুৰাচাৰে হাতত এৰিল। তেতিক্ষণে দুৰাচাৰে ধৰিল আঞ্চলে। আজোৰ পিজোৰ দুনাই লাগিল আন্দোলে॥ ৪৯ হেম্পোচ মাৰিলা তাৰ কিছো ছিদ্ৰ পাই। উফৰি পৰিল চুনাই মুখে মাটি খায়। পৃথিৱীত কীচকক পৰিবাৰ দেখি। নৱৰ দিলন্ত দেৱী খানিকো নাপেক্ষি॥ ১৯০৫০ কঙ্কে সম দেখে৷ গৈয়া বিৰাট ৰাজাক। এহি বুলি পলাই যান্ত ৰাজসমজ্যাক। ৰাজ সমাজক দেৱী দেখাদেখি ভৈল। কীচকেও দেখি পাচে পাচে খেদি গৈল॥ ৫১ লাগ পায়৷ দ্ৰৌপদীৰ চুলিত ধৰিল। ভূমিতে পেলায়| এক লাথি প্ৰহাৰিল॥ মাৰিবে খোজন্তে আৰো৷ কাহাকে৷ নাপেক্ষি। সেহিবেলা আদিত্যৰ ৰখীয়াই দেখি॥ ১৯০৫২ অশৰীৰী বায়ু সম দেখিতে নপায়। কীচকক আছাৰি পেলাইলা গিৰিসায়॥ ভীম যুধিষ্ঠিৰে দেখি আছন্ত সভাত। দুহানো মুগুত যেন পৰিল নিৰ্ঘাত॥ ১৯০৫৩ কীচকৰ বধক চিন্তিলা ভীমসেন। ক্ৰোধে কম্পমান বহ্নিকুণ্ড জ্বলে যেন ওৰ কলি সম চক্ষু ফুৰৈ গুঞ্জ যেন। কপালৰ ঘৰ্ম্ম মলচন্ত ঘনে ঘন॥ ১৯০৫৪ ভ্ৰূকুটি কুটিল মুখ পিষে হাতে হাত। ওঠ চেলেকন্ত ক্ৰোধে ঝঙ্কাৰম্ভ মাথ॥ উলটি পালটি কৰি চোবাৱস্ত দাস্ত। কীচকক মাৰে৷ বুলি উঠিৰাক চাস্ত। ১৯০৫৫ ১২৯১ । ভীমৰ হৃদয় যুধিষ্ঠিৰে জানিলন্ত। অঙ্গুষ্ঠতে টিপিয়া সঙ্কেতে ৰাখিলস্ত॥ ৰাজাৰ নিষেধ আৰো চিনিবাক ভৰে। সিগুণে পাপীক নমাৰিলা ব্লকোদৰে॥ ১৯০৫৬ ধূলি মাটি ঝঙ্কাৰি উঠিল৷ বৰনাৰী। সভাৰ দ্বাৰক গৈলা পাঞ্চাল কুমাৰী॥ দেখিলন্ত স্বামীসৰ মৃতক সমান। আকাৰ ৰাখয় যেন নিচিনয় আন॥ ১৯০৫৭ নয়নৰ জল বহি যায় সৰসৰি। 1 কান্দি কান্দি ৰাজাক বুলিলা নিন্দ! কৰি। দাৰুণ কটাক্ষে বহ্নি যেন সভা দহে। প্ৰতিজ্ঞাক ৰাখিয়া স্বামীত হেন কহে॥ ১৯০৫৮ যাৰ বৈৰী থাকে পাঞ্চ হাজাৰ অন্তৰে। নিদ্ৰ। নযায় ৰাত্ৰি হুখে শয্যাৰ উপৰে। তাসম্বাৰ ভাৰ্য্য৷ আমি স্বভাৱে মানিনী। কীচকে কিসক মোক মাৰে লাথি হানি॥ '৫৯ সৰ্ব্বকালে দান দেই নমাগে পৰত। ব্ৰাহ্মণত ভক্ত সত্য বোলে অবিৰত॥ তাসম্বাৰ ভাৰ্য্য৷ আমি স্বভাৱে মানিনী। কিমতে কীচকে মোক মাৰৈ লাথি হানি॥ '৬০ তেজৱন্ত তপৱন্ত ক্ষমাৱন্ত সাৰ। বৈৰক লাগিয়া ক্ৰোধ নুগুচে যাহাৰ॥ ক্ষণেকে বধিবে পাৰে সকলে লোকক। ধৰ্ম্মপথে বন্ধ হুয়া আপেক্ষে কালক॥ ১৯০৬১ মহা বলৱন্ত সবে আৰো ধৰ্ম্মৱস্ত। এখনে বধিবে পাৰে যাতো ক্ষমাৱন্ত॥ তাসঘাৰ প্ৰিয় পত্নী স্বভাৱে মানিনী। কিসক কীচনে মোক মাৰে লাথি হানি॥ '৬২ শৰণীয়া লোকক ৰাখস্তা বাৰে বাৰ। মৰণ কোথাই নাই তাহান ভাৰ্য্যাৰ॥ ছলৰূপে ফুৰন্ত নিচিনৈ ধাক আনে। সিটে৷ মহাৰথী আজি গৈল কোন থানে॥ ৬৩ পতিব্ৰতা ভাৰ্য্যাকো পাপিষ্ঠে লাথি মাৰে। কমন পুৰুষে তাক সহিবাক পাৰে।