পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব মৰিবাক লাগি যদি তোৰ আছে মন। আৰে৷ একাষাৰ বোল ধেমালি বচন॥ ১৯০১৩ যি কৰ্ম্মক শক্য নোহে অধম পুৰুষে। দিয়ে৷ কৰ্ম্ম মনে গুণে পৰম হৰিষে॥ মৰণৰ দিন যেন আঙুৰে চেঞ্চাৱে। তই বেটা আমাক চাহস সেহি ভাৱে। ১৯০১৪ অধম ছৱাল যেন থাকে নদী কোলে। সিপাৰ যাইবাক লাগি দুই হাত মেলে। তৰিবাক লাগি কৰে আকুল ব্যাকুল। তৰিবাক নপাৰয় আপুনাৰ আউল॥ ১৯০১৫ কতো কতো শিশু থাকে মাৱৰ কোলাত। আকাশত চন্দ্ৰ দেখি মেলে দুই হাত॥ অশক্য কৰ্ম্মক যেন কবয় প্ৰৱন্ধ। আমাক চাহন্তে যেন তোৰ পৰে কন্ধ॥ ১৯০১৬ পাতালে পশস যদি স্বৰ্গক পলাস। প্ৰাণৰ কাতৰে যদি কন্দৰে লুকাস॥ যদি বুৰ দেস তই সাগৰত নামি। তভো মায়া বলে মাৰিবেক মোৰ স্বামী॥১৯০১৭ 325 i যেহি যেহি প্ৰকাৰে সৈৰিী ভজে মোক। সেহি সেহি প্ৰকাৰে কৰিবে বোলো তাক॥ তোৰ সেৱকিনী যেৱে নলভোহে৷ মই। গলত কটাৰী দিয়া যাইবো যমালয়। ১৯০২২ কীচকে বৈৰাগ্য কৰে সুদেষ্ণাৰ আগে। সৈৰিন্ধীক পঠাই যেন মনত বৈৰাগে॥ তাহাৰ কাতৰ দেখি থিৰ নোহে কায়া। ৰাজ মহাদৈৰ পাচে সম্পজিল দায়া॥ ১৯০২৩ মনে গুণি বোলে কিনো অকাৰ্য্য মিলিল। সৈৰিীৰ নিমিত্তে বিঘিনি সম্পজিল॥ সৈৰিীক নপাইলে মৰিবে মোৰ ভাই। সৈৰিীক মোহোৰ বুলিতে হুযুৱাই॥ ১৯০২৪ বুলিলে নিসিজে আৰে৷ হুইবেক বিস্ময়। উপায়েসে কাৰ্য্য সিজে কৰিলো নিশ্চয়॥ সৈৰিষ্ক্ৰীক পঠাইবোহো কীচকৰ ঘৰে। দেখিবেক কীচকৰ বিভৱ বিস্তৰে। ১৯০২৫ সকলে সম্পুৰ্ণ দেখিবেক মনোনীত। তিৰীৰ স্বভাৱ তেৱে উলটিবে চিত্ত॥ এহিখানি মনে গুণি ৰাজপটেশ্বৰী। কীচকক বচন বুলিল৷ অম্ল কৰি॥ ১৯০২৬ এক পুণ্যতিথি তই কৰস সম্ভাৰ। মৎস্য সাংস অন্নপান বস্ত্ৰ অলঙ্কাৰ॥ সৈৰিন্ধীক পঠাইবোহো সুৰ৷ আনিবাক! বিস্তৰ কাকূতি কৰি বুলিবি ইহাক॥ ১৯০২৭ ৰত্নময় অলঙ্কাৰ দিবি খোজে মানে। তেৱে বশ্য হুইবেক নজানৈ যেন আনে। এহি বুলি ৰাজপটেশ্বৰী মৌন ভৈলা। কীচকে৷ মনত ৰঙ্গে নিজস্থানে গৈলা॥ ১৯০২৮ এক গোটা পৰ্বব ভৈল অলপ কালতে। অন্নপান মৎস্য মাংস মিলাইয়া সমস্তে॥ কীচকেয়ে৷ সুদেষ্ণাক সঙ্কেত কৰিল॥ সুদেষ্ণায়ো দ্ৰৌপদীক চলে পাঞ্চি দিল৷॥১৯০২৯ উঠিয়ে৷ সৈৰিী চল কীচকৰ ঘৰে। পিয়াস লাগয় লুৰা আন গই সঙ্কৰে॥ যেই চক্ষু কামভাৱে চাহা তুমি মোক। অঙ্গুষ্ঠ প্ৰমাণে সেই চক্ষু কাটিবেক॥ মোৰ ৰূপ বৰ্ণাৱস উপহাস কৰি। সেহি জিহ্বাখান তোৰ কাটিবে আজুৰি॥১৯০১৮ বাপেৰৰো গহ নাই মোক লঙ্ঘিবাক। গৌৰৱ ৰাখিয়া বেটা মনে মনে থাক॥ এতেক বুলিয়৷ মৌন ভৈলন্ত পাঞ্চালী। কীচকে৷ নৈৰাশ হুয়া গৈল৷ গাৱ চালি॥১৯০১৯ কামে জৰ্জ্জৰিত হুয়া মপাৰে চেতন। সুদেষ্ণাৰ মুখ চাই বুলিলা বচন | শুনিয়ে| ভগিনী তুমি কৰা মন্দ কাজ। মোহিনী কন্যাক ৰাখি আছা দাসী মাজ॥১৯০২০ এইৰ ৰূপ দেখি মোৰ ফুটি যায় প্ৰাণ। কাকুতি কৰিলে৷ তভো নযায় মোৰ থান॥ কাষ্ঠতো অধিক তোৰ হৃদয় কঠিন। কিবা মোৰ বিধাতা নোহয় দক্ষিণ॥ ১৯০২১