পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুনিয়োক আৱে সভাসদ বিৰাট পৰ্ব্বৰ কথা পদ একচিত্তে সবে এৰিয়৷ আন কথাক। বৈকুণ্ঠত থান পাইবা যেৱে ৰাম ৰাম সবে বোলা তেৱে মহাভাৰত এহিমানে জানা জীৱন সফল বাক॥ '৯৮ কীচকৰ দ্বাৰ৷ সৈৰিষ্ক্ৰীৰ অপমান পদ ইহেন অপূৰ্ব্ব ৰূপ প্ৰথম যৌৱন। স্বামী বিনে হীন তোৰ সবে অকাৰণ॥ যেন পুষ্পমালা কেহো নধৰয় অঙ্গে। তোমাকে। তেনয় দেখো স্বামী নাই সঙ্গে॥ '৯৯ পূবৰ যতেক পত্নী সকলে এৰিলো। সত্যে সত্যে আজি ধৰি দাসী কৰি দিলো। আপুনিয়ো দাসভাৱে সেৱিৰে৷ তোমাক। কামানলে পুৰি মৰে৷ ৰাখিয়ো আমাক॥ ১৯০০ এনয় কৰুণা বাণী বোলে পাপশালী। হৰিক চিন্তিয়া মনে ৰহিল৷ পাঞ্চালী॥ একোৱে প্ৰকাৰে যেৱে এৰাইতে নপাৰি। অধোমুখে বুলিলন্ত দ্ৰুপদঞ্জীয়াৰী॥ ১৯০০১ শুনা সেনাপতি তুমি মহাদৈৰ ভাই। এনয় বচন কেনে মুখত ওলাই॥ একে হীনজাতি আৰো পৰ সেৱকিনী। বিকৃত স্বভাৱ ভাৱ বিভৎস মালিনী॥ ১৯০০২ আপুনিয়ো পণ্ডিত শাস্ত্ৰৰ জান৷ মৰ্ম্ম। অকাৰ্য্যক এৰিব এহিসে মহাধৰ্ম্ম॥ ” পৰদাৰা সমে আলাপকো নোহে যোগ। ধৰ্ম্মপত্নী সহিতে ভুঞ্জিয়ো কামভোগ॥ ১৯০০৩। লোভমোহে পৰৰ নাৰীৰ যেবা বশ। প্ৰাণৰে৷ শঙ্কট ভয় লোকতো কুযশ॥ দাসীৰ সদৃশ নোহো ক্ষমা কৰা মোক। কথা কহিবাৰ দেখি শঙ্কিয়েক লোক॥ ১৯০৪ নিৰাশ৷ কৰিলা যাজ্ঞসেনী প্ৰিয়ভাৱে। কামানল উথলিল কীচকৰ গাৱে। যেনে দোষ হোৱৈ পৰদাৰ হৰণত। সবে দোষ জানৈ তাক নানয় মনত॥ ১৯০০৫ তাঙ্ক নমানয় কতে৷ পেলাৱয় কাটি। কাৰো ধন লৱে কতো কৰয় ভ্ৰূকুটি॥ মিলোক নৰক ইহলোকত কুযশে। জানিয়ে৷ নজানে সৈৰিষ্ক্ৰীৰ কামৰসে॥ ১৯০০৬ পুনৰপি বুলিলেক আতি প্ৰিয়ভাৱে। নিৰাশা কৰস কেনে বহ্নি দেহ গাৱে॥ দায়৷ কৰিবাক লাগে যত পাৰা মানে। তোমাৰ নিমিত্তে মোক পোৰে কামবাণে॥ ৭ তোৰ দাস ভৈলো তোক বোলো প্ৰিয়বাণী। নিৰাশা কৰহ কিছে। কথাক নজানি॥ নকৰিবা নৈৰাশ নিদিবা হৃদি তাপ। মোক লাগি তুমি পাচে কৰিব৷ সন্তাপ॥ ১৯০০৮ মই পাতি আছে৷ পাচে বিৰাটক ৰাজা। মই প্ৰতিপাল কৰো বিৰাটৰ প্ৰজা॥ মোৰ সম বলৱন্ত নাহি পৃথিৱীত। যৌৱন শোভন ভাগ্য ৰূপ লুললিত॥ ১৯০০৯ ৰত্নময় অলঙ্কাৰ পিন্ধি তই গাৱে। অন্নপান বিচিত্ৰ ভুঞ্জিবি ভাৱে ভাৱে। পত্নীগণ দাসী পাইলি মোকো পাইলি দাস। । তথাপিতো দাসী হুইবে তোৰ অভিলাষ॥ ১০ দ্ৰৌপদী বোলন্ত মোত মিলিল অকাৰ্য্য। চাটু বোলে নছাৰিব বৰহি নিলাজ ক্ৰোধে আৰকত চক্ষু কাম্পে ওষ্ঠাধৰ। গালি পাৰি কীচকক দিলন্ত উত্তৰ॥ ১৯০১১ । নিকোটাৰ পোৱ গোটে বৰ পাইলি নাই। বৰ ধূৰুতালি দেখো মোক চাই চাই॥ আৰে৷ একাষাৰ তই নমাতিবি মোক। অলপ বয়সে বেটা যাস যমলোক॥ ১৯০১২ গন্ধৰ্ব্ব পাঞ্চোটা পতি চলে ৰাখে মোক। যদি জানে এতিক্ষণে মাৰে আসি তোক॥