পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৮৬ মিছা কণাকণিতে শুনিব মহাৰাজ। গন্ধৰ্ব্বে শুনিলে হুইব বৰই অকাজ॥ ১৮৯৮১ দ্ৰৌপদীৰ শোক দেখি ৰাজপটেশ্বৰী। দ্ৰৌপদীৰ স্নেহত নোবোলে ব্যক্ত কৰি॥ হুদেষ্ণাৰ চিত জানি দ্ৰুপদকুমাৰী। সেৱা কৰি থাকিলন্ত আঠুশিৰ পাৰি॥ ১৮৯৮২ ধনঞ্জয়ে নিতে নচাৱন্ত কন্যাগণ। তাক দেখি দ্ৰৌপদীৰ নসহয় মন- হয়শালে নকুল পালত সহদেৱ। কঙ্কৰূপে যুধিষ্ঠিৰ নিচিনিল কেৱ॥ ১৮৯৮৩ এহিমতে পাণ্ডৱৰ দশমাস গৈল। দশ মাস মানে কিছু বিঘিনি নভৈল॥ কীচক নামত ৰাজ মহিষীৰ ভাই। একদিন৷ গৈলা সেই সুদেষ্ণাৰ ঠাই॥ ১৮৯৮৪ আসন দিয়োক বুলি সুদেষ্ণা পাঞ্চিল। হুৱৰ্ণৰ আসন দ্ৰৌপদী বঢ়াই দিল। সুদেষ্ণাক নমি বীৰ বসিলা আসনে। দ্ৰৌপদীক দেখিয়৷ বিস্ময় ভৈলা মনে॥ ১৮৯৮৫ শুনা সভাসদ পদ বিৰাট পৰ্ব্বৰ। বোল৷ ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ॥ ১৮৯৮৬ সুদেষ্ণা আৰু সৈৰিঞ্জীৰ লগত কীচকৰ আলাপ ছবি হুদেষ্ণাৰ সেৱকিনী ৰূপে গুণে নাহিক তাঙ্ক দেখি সেনাপতি কামানলে তনু দহে মহাভাৰত আকে। পীড়িলেক কামবাণে॥ দেৱৰ কুমাৰী যেনি সমানে। পূৰ্বৰ কালত এহে স্বভাৱতে পাপমতি এৰিলেক লাজ ভাৱ হাসি হাসি বুলিলেক বাণী। এক কথা পুছো তোত কহিয়ো ভগিনী মোত কৈত পাইল৷ এহি সেৱকিনী। ১৮৯৮৭ তোৰ ঘৰে নাছিলেক আসিলেক কোন ৰাজ্যহস্তে। ৰূপ দেখিবাক বৰে এহিৰেসে ভৈলো বশে মনে মুখে কটাক্ষে চাহস্তে॥ নব সুৰাগন্ধে যেন মোকো তেন কৰিলে বিবুদ্ধি। ৰূপ দেখি কামবাণে চিত্ত ভেদিলেক টানে এহে বিনে নাহিক ঔষধি॥ ১৮৯৮৮ এৰিবাক নুযুৱাই মোক দেখুৱাই মোৰ নাৰী। এহেস্তে আবৃত্তি তোৰ ৰত্নসিংহাসনে বসি মোহোৰো আবাসখান মোহোৰ হুইবেক অধিকাৰী॥ অখণ্ড বিভৱ মোৰ হীৰা-মণি-মাণিক ৰতনে। তেৱেসে মন্দিৰ শোভে ৰথে-গজে-সিংহাসনে অন্নে-পানে-বসনে ভূষণে॥ ১৮৯৮৯ এহেস্তে থাকায় যেৱে শ্ৰুতি-বুদ্ধি হৰুৱাৱে পাপিষ্ঠৰ বাণী শুনি সৈৰিন্ধীৰ খণ্ডে৷ মহাভুখ। বায়েকত লাজ হয়। থাকিবে সেৱিবে দাসী কাহাৰ বোহাৰী তুমি ৰাত্ৰিদিনে প্ৰকাশয় সুদেষ্ণায়ো ভৈল অধোমুখ॥ চন্দ্ৰবিশ্ব সমসৰ সকৰুণে বচন বুলিল। সিংহৰ ভাৰ্য্যাক যেন জম্বুকে পাইলেক আসি পৰিহাস কৰে মহাবল॥ ১৮৯৯০ নাসাযুগ তিলফুল নাৰীগণ অন্তৰিল দ্ৰৌপদীৰ পাশে গৈয়া কোন স্থানহস্তে আছা আসি। সুৱৰ্ণৰ ঘট সম কাহাৰ জীয়াৰী আৱে চন্দ্ৰকান্তি সম শোভে হাসি॥ বদনমণ্ডল জ্বলে নেত্ৰ পদ্মদল তুল ভ্ৰুৱযুগ যেন কামধেনু। শৰীৰৰ কান্তি মই অনঙ্গ বিজয় যত ধ্যু॥ ১৮৯৯১ সোণাৰ মৌলান সম কৰযুগ নৱ কিশলয়। কিবা বুলি বৰ্ণাইবোহো দুই বাহু প্ৰকাশয় স্তনযুগ নিৰূপন্ন কম্বুগ্ৰাৱ অধিকে শোভয়॥