পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব দেখ যে নেদেখ বেগে ভীম মহাবেগে। তুলিয়া ধৰিল৷ জীযূতক সেহি ছেগে। ১৮৯৬৪ মুণ্ডৰ উপৰে ধৰি ফুৰাই শত পাক। জীমূত ফুৰয় যেন কুমাৰৰ চাক॥ মৰে৷ মৰো বুলি বীৰে আটাস পাৰয়। বিস্ময় স্বৰূপে লোকে চাহিয়৷ আছয়। ১৮৯৬৫ খসি খসি পৰিলেক বস্ত্ৰ অলঙ্কাৰ। নিশবদ ভৈলেক মুকুতকেশ তাৰ। ফুৰম্ভে ফুৰস্তে আকাশত প্ৰাণ গৈল। মৰ৷ শৱ পৃথিৱীত আছাৰিয়৷ থৈল॥ ১৮৯৬৬ দুই হাতে পিসিয়া কৰিলা চূৰ্ণীকৃত। দেখি মালগণ পলাই হুয়া ভয়ভীত॥ জীমূত মৰিল বিৰাটৰ ৰঙ্গমন। সকল সমাজ ভৈল হৰিষ বদন॥ ১৮৯৬৭ তুষ্ট হয়৷ ৰাজা অসংখ্যাত ধন দিল। সকল সমাজে ভীষ্মসেনক পুঞ্জিল॥ এহিমতে পৰদেশী যত বীৰ আইলা। সুপকাৰ সমে ৰাজা সবাকো যুজাইল॥ ১৮৯৬৮ কাৰে৷ কাৰে৷ প্ৰাণ ৰৈল কাহাৰো নৰৈল। হেন দেখি বিৰাটৰ মন তুষ্ট ভৈল॥ ভীম সমে যুব্জায় সিংহ-বাঘ-হস্তী। ভীম সম বলী ষেৱে নপাৱে নৃপতি॥ ১৮৯৬৯ অনুৰূপে যুজন্ত সকলে সুপকাৰ। তাক দেখি মহাৰঙ্গ বিৰাট ৰাজাৰ। ৰঙৰ বেলাত ৰাজ৷ নাৰীৰ সমাজে। সিংহ-বাঘ-গজ যত আনে মহাৰাজে॥ ১৮৯৭০ সুপকাৰ সমে ৰাজা কৰাৱে সমৰ। অনুৰূপে সবাকে। মুজত্ত বৃকোদব। সিংহক মাৰম্ভ লাখি ৰাখক চৱৰ। হস্তীৰ যুগুত দেও মুঠিৰ প্ৰহাৰ। ১৮৯৭১ জৰপূৰ কৰি ধৰি পেলাৱে ভূমিত। উপৰত বসি তাৰ কিলাৰে পিঠিত॥ জৰপুৰ কৰি বেছি ঘষাৱৈ মহীত। ভীমৰ বিক্ৰম দেখি যাৰা বিৰোহিত। ১৮৯৭২ 1 I এৰিবাৰ বেলাত যে মাৰম্ভ চৱৰ। আৰ্তনাদ কৰি ভিৰি মাৰ লৱৰ। 12 re অমানুষ কৰ্ম্ম দেখি ৰাজা ৰক্ষনে। থুকি থুকি হাসি হাসি পৰে সিংহাসনে। ১৮৯৭৩ স্বভাৱে চঞ্চল হাস্তমুখী নাৰীগণ। ভীমৰ বিক্ৰম দেখি হাসে ঘনে ঘন॥ সাৰ্ব্বভৌম-নৃপন্থত বলে মুহি সম ৰূপে কামদেৱ সম কৰ্ম্মে নিৰূপম॥ ১৮৯৭৪ হেন ভীমসেনে কৰে কাণ্ডাৰ আৰতি। চাই থাকে আগতে দ্ৰৌপদী মহাসতী | নকান্দন্তে ক্ৰন্দন আসয় সৰসৰি। চক্ষুৰ লোতক আসে ৰাখে বস্ত্ৰ ছবি। ১৮৯৭৫ | দ্ৰৌপদীৰ ভাৱ দেখি ৰাজাৰ মহিষী। হাসি হাসি যাতে নাৰীয়াজে বিশ্বৰিষি॥ আমি বঙ্গ কৰে৷ দেখি বল্লভৰ কৰ্ম্ম। নভাসে নয়ন মনে কৰি থাকে মৰ্ম্ম। ১৮৯৭৬ সৈৰিন্ধীৰ ৰূপৰ নাহিকে পটন্তৰ। বল্লভৰু দেখি তিনিলোকত সুন্দৰ। একেলগে আছিলেক পাণ্ডৱৰ স্থানে। মোহোৰ ঘৰক লাগি আইলে একেদিনে। ১৮৯৭৭ দুইকো লাগি দুহাত্তৰ আছে অনুৰাগ। দুইৰে৷ দুখ দেখি দুইৰে৷ মনত বৈৰাগ॥ হুইৰ ৰূপে দুই মহা দেখয় বিচিত্ৰ। কোনে বুজিবাক পাৰে তিৰীৰ চৰিত্ৰ॥ ১৮৯৭৮ সুদেষ্ণাৰ বাণী শুনি দ্ৰৌপদীৰ শোক। হৰি হৰি বিধি এৱে চিনে যেনো ঢোক # দ্বাদশ ৰসৰ মানে জানো হওঁ দুখী। পাপী দুৰ্য্যোধন জানো দুনাই হোৱৈ হুখী। '৭৯ এহি গুণি ক্ৰন্দন কৰিল৷ বৰনাৰী। চক্ষুৰ লোতক ৰহি যাই সৰসৰি। গদ গদ কৰি পাচে বুন্সিলন্ত যাক। এতেক কলঙ্ক যেনে বোলাই! স্বামীক। ১৮৯৮ অল্প কৰি ৰচন বুঝিল সমাজত। এতিক্ষণে খ্যাত তুইৰ সকলে মোৰ।