পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 নৰ নাৰীগণ অলঙ্কাৰে হুমণ্ডিত। পতাকা তোষণ ধ্বজে দ্বাৰ হুশোভিত॥ ব্ৰাহ্মণগণক ৰাজা কৰাইল৷ ভোজন। দক্ষিণা দিলন্ত ৰত্ন হুৱৰ্ণ কঙ্কণ॥ ১৮৯৪৮ ভীমৰ দ্বাৰা জীমুতাদি মাল বধ সেহি সময়ত বৰ আনন্দ মিলিল। বহুদেশ হস্তে মালগণ প্ৰৱেশিল॥ মহাবলৱন্ত কালকুব্জ দৈত্য সম সিংহবন্ধ কটি স্কন্ধ ৰূপ নিৰূপম। ১৮৯৪৯ ৰাজসমাজতে জিনি আছে বাৰম্বাৰ। সবাকো দিলন্ত ৰাজা বস্ত্ৰ অলঙ্কাৰ | তাসম্বাৰ মাজত জীমৃত মহামাল। বাহু ডাম্ফ মাৰি ফুৰে যেন যমকাল॥ ১৮৯৫০ সম্বোধিয়া বোলে কোন মালে মাৰে মোক। যেহি খুজে তাক দৰ্শাইবোহো যমলোক॥ সিংহৰ গৰ্জ্জন হেন শুনিলেক হস্তী। অধোমুখে মালগণ থাকিল নমাতি॥ ১৮৯৫১ সকলো মালৰ যেৱে হৰিল চেতন। বিৰাটে ভীমক তেৱে বুলিলা বচন॥ শুনা শুনা লুপকাৰ বচন আমাৰ। জীযূতক যুক্তিবাক লাগয় তোমাৰ॥ ১৮৯৫২ যুদ্ধত কুশল তুমি কৈয়া আছা আগে। এহি মালযুদ্ধ তেৱে কৰিবাক লাগে। ৰাজাৰ বচন শুনি ভীম মহাবলী। জীমুতক যুক্তিবাক ৰঙ্গে গৈলা চলি॥ ১৮৯৫৩ হুৱৰ্ণ মেখলা বান্ধিলাহ৷ কঙ্কালত। বঙ্গঢঙ্গ উঠলিল সফলে লোকত কেশ বান্ধি পাচে মাৰিলন্ত বাহু ডাম্ফি। সচকিতে মালৰ হৃদয় গৈল কাম্পি॥ ১৮৯৫৪ ডাকি বোলে কোন মালে যুব্জিবেক মোক। যেহি যুজে তাকে পঠাইবোহে! যমলোক॥ ভীমৰ বচন শুনি জীমৃত ফিটাইল। যেন ডান গোটে বল্লভঙ্ক খেদি আইন॥ ১৮৯৫৫ APAAAA SBOA SARGAN দুই মত্তহস্তী যেন ভৈল একঠাই। মুখ চাই হুইকো দুই গজে অগাই। দুয়ে৷ বীৰে প্ৰথমতে মণ্ডলী কৰন্ত। বাহুত ধৰন্ত একে একে এৰাৱন্ত॥ ১৮৯৫৬ দুয়ো মহাভুজ দুয়ে| মহাবলৱম্ভ। ছিদ্ৰ পায়া হুইকে৷ দুই প্ৰহাৰ কৰম্ভ॥ চৱৰ চাপৰ কিল মুঠি ঘৰাকাতি। শেল মুগৰ নখে আৰে৷ মাৰে লাঠি। ১৮৯৫৭ একো একে৷ প্ৰহাৰত কৰে ঠাত ঠাত। পৰ্ব্বত উপৰে যেন পৰয় নিৰ্ঘাত॥ অনন্তৰে দুইকো দুই আঙ্কোৱালি ধৰি। বান্ধ যে বিবান্ধে যুজে পৃথিৱীত পৰি॥ ১৮৯৫৮ বাহু বাহু উৰু উৰু বান্ধ ধৰি আটে। বান্ধৰ চোটত ছাল চৰচৰি ফাটে॥ দেৱৰ দৈত্যৰ গন্ধৰ্ব্বৰ ৰাক্ষসৰ। পিশাচৰ মনুষ্যৰ নাগৰ সৰ্পৰ॥ ১৮৯৫৯ এতেকৰ বন্ধ দিয়া কতো থাকে পৰি। আউৰ আউৰে বান্ধকে এৰাৱে যত্ন কৰি॥ তেলিয়াৰ জান্ত যেন আটে কৰকৰি। বান্ধৰ চোটত হাত ভাগে মৰমৰি॥ ১৮৯৬০ দুয়ো দুইহাম্ভক বৰ কৰয় আন্দোল। সমাজত উসমিস উহ্নাল কহেলাল॥ কেহে৷ বোলে দুইৰো চোটে দুয়ো মৰিবেক। কেছে৷ বোলে জীমুত যাইবেক পৰলোক॥ '৬১ কেহে৷ বোলে জীযুতৰ হাতে সুপকাৰ। যোনে৷ মৰি চলি যাই যমৰ দুৱাৰ বিৰাট নৃপতি বোলে কৰে৷ কোন কাজ। অতিথিক মৰাইয়া ভুঞ্জিৰো কেনে ৰাজ॥ '৬২ সমজ্যাৰ ধাণী শুনি নৃপতিৰ কষ্ট। স্নেহৰ সেৱক মোৰ যোনে৷ হোৱে নষ্ট॥ ভীমসেনে জীমূতৰ বল কটালিল। মালযুদ্ধে নৃপতিৰ মন সম্ভোষিল॥ ১৮৯৬৩ মাৰিবাক মনে দিলা মুঠিৰ প্ৰহাৰ। বোম্বালে হৃদয় ফুটি বহে তেজধাৰ॥ H