হাইলা দিশাদিশ নিচিনি আপোন পৰ পৰি কৰে উসমিস দেখণ্ডে মৰিয় লৰ বাগৰি ফুৰন্ত ঠাই ঠাই । কাকো কেৱে নমাতে জুনাই # ২১৬১০ মহাভাৰত নমো দেৱ নাৰায়ণ ; ভৱভয় বিনাশন । পতিত পাৱন তুমি ; অধম পতিত আমি । মোৰ দোষ পৰিহৰ৷ ; ভাৰত শ্ৰৱণ কৰা।
আন আল-ঙ্গাল এৰি ; ডাকি বোলা হৰি হৰি | ১৬ ১৭ ঘটোৎকচৰ যুদ্ধ ঝুমুৰী এহিযতে সেনাগণ ; ভীষ্মপুত্ৰে কৰে ছন । ৰাজাৰ লাগিল ত্ৰাস ; নিহালগ্ন দিশপাশ কহিৰ পৰাঠ সেন৷ ; নাই দেখা নাই শুনা ৷ গগন ঢাকিল গৈয়া ; ৰাত্ৰিতে পৰিল কুৱা ॥ ১১ ৰাজাৰ আদেশ লৈয়া ; দুঃশাসন গৈল ধায়া। কোথা ধমু কোথা শৰ ; ফিৰি মাত্ৰ দিলা লৰ | শকুনি পলায় ডৰে ; হিয়া ধৰফৰ কৰে। অন্তৰত বৃকোদৰে ; পলুৱাক খেদি ধৰে ৷৷ ’১২ নমাৰন্ত মহাবলী ; উপৰক মাৰে দলি ৷
ৰুধিৰে ছাদন কৰে ; মৰি যায় যমঘৰে ৷ ৰিঙ্গ ৰাৱ লাগি গৈল ; সেনাৰ মৰণ ভৈল । ত্রাহি ত্রাহি ৰাখা বাপ; বেঢ়ি কৰে কাপকাপ ॥’১৩| দানৱৰ গদাকোবে ; বস্ত্ৰ যেন ধোবে ধোৱে ৷ বাঘে যেন গৰু ধৰি ; মাৰে দলাদলি কৰি
দশে কুৰি একাকাৰ ; যেন ছিৰে কলাখাৰ । পলাৱৰ্ত্তে খেদি ধৰে ; ঘাৰক মুচৰি মাৰে ॥ ’১৪ মাতম্ভে কৱাৰি ছিৰে ; মুণ্ডে মুণ্ডে ঠেলি মাৰে । কৰ্ণত লগাৱে জৰি ; বান্ধে পাচহাত ধৰি ॥ জোটাজুটি টানাটানি ; মৰাইল৷ সবাকো আনি । কাণে-নাকে বাৱে শল৷ ; চৱৰাই কৰে কলা ॥ ১৫ জিহ্বা ফালি লগাই ডোল; নাহি কাৰে৷ মাতবোল। ৰখীয়া কটক মানে ; মাৰ্লিন্ত খানে খানে ! ৰজনী নিকট জানি; তনয়ক মাতি আনি । ধন্য ধন্য পুত্র মায়া ; ধ্য তোৰ বজ্ৰকায়া ॥ ১৬ ঘটোৎকচে প্রণামিলা ; আকাশত প্রবেশিলা । ভীম গৈল নিজ খান ; নৃপতিৰ বিদ্যমান ॥ | পঞ্চম দিনৰ যুদ্ধ পদ বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ । সৈন্য মাৰি মন্দিৰে পশিলা বৃকোদৰ ॥ ধৰ্ম্মৰ আগত বীৰে জানাইলা সত্বৰে ৷ পাচে গৈয়া প্ৰৱেশিলা আপোনাৰ ঘৰে ॥ ২১৬১৮ কুক নৃপতিৰ ঘৰে বৰ আথাস্তৰ ৷ ভীষ্মত কহিলা যথাবৃতি নিৰন্তৰ ৷ ভীষ্ম বোলে দুৰ্য্যোধন ৰাজা দিলা সাৰ । সহজে পাণ্ডৱগণ দেৱৰ কুমাৰ ॥ ২১৬১৯ যেহি ৰোলে তাকে কৰ নাহিকে অন্যথা। ঘটোৎকচে কৰিলেক ইসৱ অৱস্থা মায়াবলে জিনিবাৰু পাৰে দেৱগণ ৷ ৰীৰতে৷ অধিক বীৰ হিড়িম্বী নন্দন ॥ ২১৬২০ বিৰোচনে কহিল৷ ৰাত্ৰিৰ সমাচাৰ । ৰখীয়া কটক সেনা বত্রিশ হাজাৰ বিগুটি মাৰিলা সেনা দেখিতে তৰাস ৷ পলাস্তে ধৰয় খেদি নাহি দিশ পাশ ৷৷ ২১৬২ ১ মনদুখে দুৰ্য্যোধন ৰাজাৰ বিভঙ্গ । টমকিল ঢোল ৰাজা দুৱাৰৰ সাঞ্জ ॥ ভীষ্ম বোলে শুনা ধৃতৰাষ্ট্ৰৰ তনয় । পাণ্ডৱৰ খানে বাঘ বাক্সে জয় জয় | ২১७22 সমৰে সাজিলা ধৰ্ম্মৰাজ মহাবীৰ । আসিয়া পাইলেক পাচে কুৰুক্ষেত্ৰতীৰ ! সত্বৰে সাজিয়ো আমাসাৰ বীৰগণ । হেন শুনি সত্বৰে সাজিলা দুর্য্যোধন । ২১৬২৩ ঋষিয়ে বোলস্ত কথা শুনা নৰপতি । পঞ্চম দিনাৰ যুদ্ধ কৰিবাৰ প্ৰতি ॥