পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কতোবেলি আসি পাচে থিৰ কৰি মন। কৃষ্ণক, সম্বোধি পাচে বুলিলা বচন॥ ২১৩৯৭ কৈত আছা প্ৰভু বোক দিয়ে৷ দৰিশন। নিচিনে৷ তুমিবা কোন মই কোন জন। কৈত আছে৷ কিসক আসিলো ইথানক। মোত এত বৰ প্ৰভু কৰিল৷ কিসক॥ ২১৩৯৮ বহুশিৰ বহুপদ বাহু অসংখ্যাত। চৌহ্যয় ভুবন দেখো আছৰ তোমাত॥ জানিলে৷ নিশ্চয় তুমি তুহিকে মানুষ। জগতৰে আত্ম৷ যিটো পৰম পুৰুষ। ২১৩৯৯ নোৱাৰে৷ চাহিতে প্ৰভু চক্ষু যাই ফুটি। তোমাতেসে প্ৰকাশে ব্ৰহ্মাও কোটি কোটি সসাগৰা মহী মেক মন্দৰ পৰ্য্যন্তে। তৰু লতা তৃণ বন দেখিলো সমস্তে॥ ২১৪০ নোৱাৰে৷ ৰুদ্ধিবে প্ৰভু তোমাৰ মহিমা। দেখিলো যতেক ৰূপ বৰ্ণাই নপাওঁ সীমা॥ এৱে মোক ক্ষম৷ কৰা দেৱ নাৰায়ণ। নিজ ৰূপে দেখা দিয়া পশ্চিলো শষণ॥ ২১৪০১ অৰ্জ্জুনৰ কাতৰ শুনিয়া দামোদৰ। গুচিল সমস্তে কৃষ্ণ ভৈল একেশ্বৰ॥ চতুৰ্ভুজ বনমাল৷ কিৰীটি কুণ্ডল। বলয়৷ কঙ্কণ হাৰ উৰুষ্টি উজ্জ্বল॥ ২১৪০২ গাৱে পীত পচৰা বিজুলী সম জ্বলে। কোটি আদিত্যতোধিক প্ৰকাশয় বলে॥ অৰ্জ্জুনে বোলন্ত প্ৰভু নোৱাৰো চাহিতে। যিৰূপে আছিলো তুমি আমি এক ৰথে। ২১৪০৩ সেহিৰূপ ধৰা প্ৰভু নেত্ৰ ভৰি লওঁ। এহি বুলি মৌন ভৈল৷ মধ্যম পাণ্ডৱ॥ এৰিলন্ত দিব্য ৰূপ গুচিল প্ৰতাপ। অৰ্জ্জুনৰ মনৰ খণ্ডাইল৷ সৰে তাপ॥ ২১৪০ শুন৷ প্ৰাণ বমি ভুমি উঠা সমৰক। বৈৰৰ সন্মুখে ভয় কৰাহা ি ১৮২ ১৪৪৯ পিতামহ বুলি যাক মানিয়া মনত। তেহো ভীষ্ম তোমাক সম্মুখ সমৰত। ২১৪০৫ দ্ৰোণক গৌৰৱ কৰি মানি আছা মনে। ধনু ধৰি যুদ্ধক সম্মুখ গুৰুদ্ৰোণে বোলা দুৰ্য্যোধন মোৰ সহোদৰ ভাই। তেহো আসি ভৈল৷ দেখা ভীষ্মৰ সহায়॥ ২১৪০৬ আনো সব সম্বন্ধী বান্ধৱগণ মানে। যুদ্ধক হৰিষে ৰহি আছে থানে থানে হেন জানি সত্বৰে যুদ্ধক উঠা সখি। হাসিবেক কৌৰৱে তোমাৰ কাৰ্য্য দেখি॥ '৪৭ কৃষ্ণৰ বচনে বীৰবৰ ধনঞ্জয়। যুদ্ধক উদ্যম ভৈলা এৰি লাজ ভয়॥ ধনু ধৰি মুণ্ড তুলি সবাকে চাহিলা। সাতো আগে সন্মুখত ভীষ্মক দেখিলা | ২১৪০ ইদানিক কৰি জ্বলে ভীষ্মৰ বদন। কৃষ্ণ অৰ্জুনক চাহি মাতে ঘনে ঘন। ভীষ্ম নিগদতি প্ৰভু প্ৰণামো চৰণে। নেৰিবাহা নাথ মোক জীৱন মৰণে। ২১৪০৯ ক্ষেত্ৰি জাতি নিদাৰুণ কঠিন হৃদয়। মোৰ লগে সমৰ কৰিবা ধনঞ্জয় | সিৰেলাত মোহোৰ শৰৰ ঘাৱ পাই। মোৰ দোষ নধৰি ক্ষেমিবা যদুৰায়। ২১৪১০ এহি বুলি ভীষ্ম লৈলা একপাট শৰ। প্ৰকাশ কৰয় যেন উদয় ভাস্কৰ অৰ্জ্জুনক দেখাই ত্বৰিতে এৰি দিল। কৃষ্ণৰ চৰণে শৰে প্ৰণাম কৰিল। ২১৪১১ প্ৰদক্ষিণে নমিলন্ত দুনাই দুনাই। উলটি তূণৰ শৰ পশিলেক যাই। দেখি অৰ্জ্জুনৰ বৰ হৰিষ মনত। এক শৰ ধৰি বীৰে জুৰিলা গুণত॥ ২১৪১২ হুইবেক দাৰুণ যুদ্ধ তোমাৰ আমাৰ। প্ৰথমতে মই হেৰা কৰো নমস্কাৰ। এহি বুলি তূণহত্তে গৈলা দুই যাগ। ভীষ্মৰ চৰণ আগে কৰিা সন | ২১৪১৩