পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থাকা বুলি হাতৰ এৰিলা নাৰায়ণ। ভীষ্মৰ মুখৰ চাই বুলিলা বচন॥ ২১২৭৯ শুনা কুদ্ধসৰ নোহোৰ বচন। গূঢ় অতিমত মুহুজয় একোজন যি কাৰণে দূত হুয়া আসিলো সম্প্ৰতি। দুয়ো ঘৰে সমানে হুয়োকু, মিত্ৰবতি॥ ২১২৭২ কৌৰৱ কুটুম্ব মোৰ অৰ্জ্জুন বান্ধৱ। ছুয়ে৷ ঘৰে সম ভৈলে নাহি পৰাভৱ | এতেক বুলিয়া সমজ্যাৰ বিমানে। অশ্বত্থামা বীৰৰ জপিলা দুয়ো কাণে॥ ২১২৭৩ ধানত তণ্ডুল পড়ানত কিছু নাই। যুত্ৰয়ে শোণিত মাংস অন্নেসে বঢ়াই॥ সেহিসে ঔৰসে প্ৰাণ মনৰ বিকাৰ। অম্লসে জীৱন্ততে দেহীৰ অধিকাৰ। ২১২৭৪ প্ৰাণ মন ইন্দ্ৰিয় নিয়মি যোগীগণে। গৃহ এৰি তপসি ফুৰয় বনে বনে॥ সিয়ো পাৰে উত্তম গতিক যাত হস্তে। অন্নদানে মহামতি সাধয় সিখতে। ২১২৭৫ নিবাহাৰ প্ৰাণীক কয় অন্নদান। নাহি নাহি মহাদান তাহাৰ সমান॥ হাতে ধৰি দুনাই মাতস্ত মুণ্ড তুলি। শুনা দুৰ্য্যোধন মোৰ বচন সমূলি॥ ২১২৭৬ দিবাক নোৱাৰা ৰাজ্য নেদিলে নেয়। তাতেসে আসিলো মই কৃষ্ণ-এনঞ্জয়॥ কুৰু-পাণ্ডৱৰ দুইৰে৷ বুঝিলো আশয়। কৰ্ম্মেসে কৰাৱে বাৰ জয়-পৰাজয়॥ ২১২৭৭ জয়কেসে আশায়ে বিষয় বাজাগণ। দৈৱবশে হায় বিনয় কতোজন॥ সিয়ো দোষে নপাৱে মধ্যক্ষসকলঙ্ক। কৰ্ম্মৰণে কতো স্বৰ্গ ভুঞ্জয় মৰক॥ ২১২৭৮ সবে বীৰগণ সাধিয়োৰ ফলকাম। যথাযোগ্য কষিয়ে মনৰ পৰিণাম | গোবিন্দৰ আশষ হয়ে নকৰে। ভীষ্ম মাত্ৰ জানি । SBBS ভূমিভাৰ হৰিখে আছি৷ নাৰায়ণ। তাহাৰ ঘৰত তাত নাহি প্ৰয়োজন। বিমৰিধ কৰে সবে কুৰু বীৰচয়। কিবা সচিত কিবা সোপন দেখ। ২১২৮০ পুনু অশ্বত্থামাক মাতয় দেৱহৰি। কাণে কাণে মুখ দিয়৷ চাপৰি চাপৰি॥ কহ অশ্বত্থামা কেনে মনত সংশয়। ধানত তণ্ডুল আছে সমন্তে জানয়॥ ২১২৮১ পতানত কিবা তান্ত কহিয়ো নিতান্ত। নহকিব৷ জানি নাৰায়ণ উঠিলন্ত॥ থাকা বুলি হাতৰ এৰিলা ভগৱম্ভ। দেখি কুক সেনাগণ বিস্ময় ভৈলন্ত॥ ২১২৮২ দুৰ্যোধনে বোলন্ত শুনিয়ে৷ দামোদৰ। পিতা পুত্ৰ জ্ঞাতি মিত্ৰ নাহি ক্ষত্ৰিয়ৰ। যুধিষ্ঠিৰ আসিল৷ আসিলা বৃফোদৰ। সহদেৱ নকুল অৰ্জ্জুন দামোদৰ॥ ২১২৮৩ আমিয়ো আসিলো ভীষ্ম দ্ৰোণ আদি কবি। বিনা যুদ্ধে কিসক এৰিব বহুগ্ধৰী॥ প্ৰভাততে যুদ্ধ হৈব নাহি অন্যাথা। যুধিষ্ঠিৰ ৰাজাত কহিবা মোৰ কথা॥ ২১২৮৪ মাধৱে বোলন্ত সবে থাকা এহি ভাৱে। ধৰ্ম্ম নৃপতিত মই জনাওঁ সিঠাবে। লৰিলন্ত কৃষ্ণ অৰ্জ্জুনৰ হাতে ধৰি। সিদ্ধ ভৈল কাৰ্য্য বুলি হাসিশস্ত হৰি॥ ২১২৮৫ দুৱাৰৰ বাজ হয়। অৰ্জুন-দামোদৰ। পৰম আনন্দ ভৈলা দুয়ো বীৰবৰ॥ বৈশম্পায়ন বোলে গুনা ৰাজ! জন্মেজয়। উলটি গৈলন্ত যদি কৃষ্ণ-ধনঞ্জয়॥ ২১২৮-৬ দুৰ্য্যোধন ৰাজাৰ বিচাট কৰে মন। সমজাৰ মুখ চাই বুলিলা বচন | আমিসবে যি শুনিলো কৃষ্ণৰ মুখত। ইসব কথাক মোৰ নৱে অশ্বত্থামা সেনাপতি । ২১২৮৭ । মাৰে কহিল| ||