পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১২৭৬
মহাভাৰত

গৰুৰ লক্ষণ যত মঙ্গল চৰিত।
গণিবাক পাৰে৷ যোজনৰ দূৰ স্থিত॥১৮৮১২
বৃষভৰ গুণ জানো পৃথিৱীত সাৰ।
যাৰ মুত্ৰগন্ধে ধেলু ধৰে গৰ্ভভাৰ॥
যুধিষ্ঠিৰে থৈলে মোৰ তন্ত্ৰিপাল নাম।
নৃপতি পুছিলে কহিবোহো এহি কাম॥১৮৮১৩
দ্ৰৌপদীক অনুশৌচ কৰন্ত নৃপতি।
পাঞ্চালনন্দিনী যজ্ঞমধ্যে উতপতি॥
পাণ্ডুৰ বোহাৰী পাঞ্চো ভাইব প্ৰিয় নাৰী।
সুদেষ্ণাক সেৱিবন্ত কোন কৰ্ম্ম কৰি॥১৮৮১৪
মাতৃ সম প্ৰতিপাল কৰে৷ দিনে দিনে।
ভগিনীৰ সম পূজা কৰে৷ ভিনে ভিনে॥
সুগন্ধ চন্দন মাল্য বসন ভূষণ।
আন কিছু নজানন্ত আতেসে যতন॥১৮৮১৫
দ্ৰৌপদী বোলন্ত ৰাজা নকৰিবা শোক।
বিৰাট মহিষী পাইলে নেৰিবন্ত মোক॥
সৈৰিষ্ক্ৰী স্বৰূপে থাকে৷ নৃপতিৰ স্থানে।
অমান্য নকৰে তাক আপুনি প্ৰমাণে॥১৮৮১৬
সৈৰিন্ধী স্বভাৱে মহাদৈৰ পাশে যাই।
আপুনাৰ কৰ্ম্ম কৰি মাগিবোহো ঠাই॥
ফুল গাঠিবাক জানো পিসিবে৷ চন্দন।
কেশ কঙ্কিয়াবে জানে৷ পৰম শোভন॥১৮৮১৭
পূৰ্ববত আছিলো দ্ৰৌপদীৰ সেৱকিনী।
প্ৰতিপাল বিস্তৰ কৰিলা এহি জানি॥
আপুনাক আপুনিয়ে ৰাখিবা যতনে।
সেৱকিনী সেৱক থাকোহে! এক থানে॥’১৮
নৃপতি মাতিলা দ্ৰৌপদীৰ শুনি বাণী।
তুমি যেনে হৈব৷ তাক আমি আছো জানি।
পাপী দুৰ্য্যোধন সুখী মুহি যেন মত।
এহি কৰ্ম্ম কৰি থাকিবাহ৷ সাৱহিত॥১৮৮১৯
ধৌম্য পুৰোহিত তুমি পাঞ্চালক যাহা।
মোৰ অগ্নিহোত্ৰ তুমি ৰাখি থাকিবাহা॥
দ্ৰৌপদীৰ সেৱকিনী যতেক সেৱক।
সূত হুপকাৰ সমে যাউক পাঞ্চালক॥১৮৮২০

ইন্দ্ৰসেন মুখ্য কৰি ৰথৰ সাৰথি।
কুৰিখান ৰথ লৈয়৷ যাউক শীঘ্ৰগতি॥
আঠাইশ হাৰ্জাৰ ব্ৰাহ্মণক মাতি আনি।
নমস্কাৰ কৰি ৰাজা বুলিলন্ত বাণী॥১৮৮২১
হস্তিনাপুৰক লাগি যায়োক সকলে।
ধৃতৰাষ্ট্ৰে পুষিব থাকিবা অবিকলে॥
যাত্ৰাৰ নিমিত্তে ৰাজা থঙিল * পাতিল।
হুমঙ্গলে অগ্নি জালি পূৰ্ণাহুতি দিল॥১৮৮২২
দীপ ঘট পাতিলা যাত্ৰাৰ যত কৰ্ম্ম।
ধৌম্য শিক্ষা মানে কৰিলন্ত সেৱা ধৰ্ম্ম॥
ধৌম্যৰ যতেক শিক্ষ৷ ধৰিল৷ মনত।
নমস্কাৰ কৰিল৷ ধৌম্যৰ চৰণত॥১৮৮২৩
জ্যেষ্ঠ অনুৰূপে নমিলন্ত ভিনে তিন।
অগ্নিকো দ্বিজকো কৰিলন্ত প্ৰদক্ষিণ॥
পাঞ্চো ভাই গৈল দ্ৰৌপদীক আগ কৰি।
ধৌম্য প্ৰতিমুখ্যে সবাহাঙ্কে৷ পৰিহৰি॥১৮৮২৪
যমুনাক গৈলন্ত সম্মুখে পাঞ্চো ভাই।
চক্ষু দেখিলেক মানে আছিলেক চাই॥
চক্ষু যেৱে নেদেখে সেৱক সেৱকিনী।
ধৰণীত পৰিলন্ত দিয়ে মুঠি হানি॥১৮৮২৫
হৰি হৰি ৰাজা ভীমসেন ধনঞ্জয়।
বৱঞ্জা কুমাৰ দুই মাদ্ৰীৰ তনয়॥
আমাক এৰিয়৷ তুমি গৈলা কোন থান।
কোনে সেৱা কৰাইব কৰাইবে কোনে স্নান॥২৬
শয্যা পাৰি দিবে কোনে আসন বসন।
ধনু যোগাইবেক কোনে কৰাইবে ভোজন॥
আপুনাৰ কৰ্ম্ম কেনে কৰিব আপুনি।
কেনমতে খাইব৷ আজি কৰঙ্গাৰ পানী॥১৮৮২৭
হৰি হৰি যাজ্ঞসেনী পাঞ্চাল কুমাৰী।
কোন স্থানে গৈলাহ৷ আমাক পৰিহৰি॥
কাহাক কৰিব৷ সেৱা যাইবা কোন স্থানে।
তুমি ব্যতিৰেকে কেনে ৰহিবো পৰাণে॥১৮৮২৮
দীৰ্ঘৰাৱে কান্দি বোলে ব্ৰাহ্মণ ব্ৰাহ্মণী।
আমাক ত্যাজিয়৷ গৈল৷ দ্ৰুপদনন্দিনী॥

● প্ৰণ্ডিল (স্থলি) = যজ্ঞৰ বেদী