পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভীষ্ম পৰ্ব্ব শুনি দুৰ্য্যোধন বৰ ভৈলা হৰিষিত। বাদ্য ভঙে চাপিলেক দ্ৰোণীৰ সন্নিত॥ ২১২২০ বীৰঢাক তৱল মঙ্গল তুৰী ভেৰী। বীণ৷ বাঁশী কৰতাল কাহালি মোহৰি॥ শঙ্খ শিঙ্গা মৃদঙ্গ মন্দিৰা ঢাক ঢোল। পল্লৱ গোমুখ জয়ধ্বনি মুখৰোল॥ ২১২২১ পাচে দুৰ্য্যোধন সবে সৈন্য কৰি থিৰ। ধৰিল৷ যোগান সবে যথাযোগ্য বীৰ॥ আগে পাচে সৈন্যৰ হস্তীৰ পটোৱাৰ। জয় জয় ধ্বনি সবে দিলেক জোকাৰ॥ ২১২২২ শ্ৰীকৃষ্ণ যুধিষ্ঠিৰৰ আলাপ বসিল৷ সমাজ পাতি কুষ্ণ বীৰবৰে। পাণ্ডৱৰ কথা শুনি আতি অনন্তৰে। যেৱে সেনাপতি অশ্বত্থামা ভৈলা ৰণে। সাৱশেষ কথা শুনিলেক চৰগণে॥ ২১২২৩ ধৰ্ম্ম নৃপতিৰ আগে কহে চৰগণে। অশ্বত্থামা সেনাপতি লৈলা দুৰ্য্যোধনে॥ যত বাদ্য-ভণ্ড শুনা কৌৰৱ দলৰ। চিৰঞ্জীৱ উৎসাহ বঢ়ায় কৌৰৱৰ॥ ২১২২৪ আমি শুনি আছিলো সভাৰ ওচৰত। দুৰ্য্যোধনে মিনতি বুলিলা যত যত॥ অশ্বত্থামা বীৰত্ব কহিলা যেন নয়। তোমাক ধৰিবে জিনিষেক ধনঞ্জয় | ২১২২৫ সহদেৱ নকুল ভীমৰ অথন্তৰ। পাণ্ডৱৰ সৈন্যৰ বিনাশ নিৰন্তৰ এহি বুলি দ্ৰুত মৌন হুয়া বসি ৰৈল। শুনি যুধিষ্ঠিৰ ৰাজা বাক্যহীন ভৈল॥ ২১২২৬ থিয়ায়ে শুকাইলা বাজা হেট মাখা কৰি। সেহিবো জামিলা অঞ্জন দেৱহৰি | ধৰ্ম্মৰ দেখিয়া মুখ দুইহান্তে সঙ্গিৰে। পুছিবে লাগিলা ধনঞ্জয়-মাহোদৰে। ২১২২৭ কেনে মুখ কৰা মহাৰাৰ ধৰ্ম্মময়। তোমাৰ সহায় আমি খ 3809 ভীমসেন সহদেৱ নকুল সঞ্জয়। বিৰাট দ্ৰুপদ শতানীক মহাশয়। ২১২২৮ আনো সব বীৰৰ প্ৰভাৱ যত যত। সবাকে সহায় দিবো তোমাৰ লগত। কোন বস্তু কৌৰৱৰ বীৰগণ মানে। যাক যৈতে সমৰে ৰাখিবে৷ থানে থানে। ২১২২৯ পাচে মোক সমৰে কৌৰৱ কুপতি। ঘোৰ ৰণে তাহাৰ কৰিবে! সদগতি॥ আউৰ কিবা তোমাৰ মনত অসন্তোষ। কহিয়ো আমাত সবে বঢ়৷ টুটা দোষ॥ ২১২৩০ যুধিষ্ঠিৰে বোলন্ত শুনিয়ে৷ নাৰায়ণ। যুদ্ধযজ্ঞে ক্ষত্ৰিয়ৰ মোক্ষ প্ৰয়োজন॥ তাহাতে বিকল মোৰ চিত্ত নহে থিৰ। চৰে কহিলেক কথা কু নৃপতিৰ। ২১২৩১ বীগণ লগে দুৰ্য্যোধনে আলোচিলা। ভীষ্ম দ্ৰোণ কৰ্ণ আদি সবাকে ৰাছিলা # অশ্বত্থামা বীৰক পাতিলা সেনাপতি। কৈলা অঙ্গীকাৰ মোক ধৰিবাক প্ৰতি॥ ২১২৩২ সবাহাক জিনিব দাণ বলিয়াৰ। নমৰিব চিৰঞ্জীৱ দ্ৰোণৰ কুমাৰ মোৰ সৈন্য বিনাশিব তাৰ মৃত্যু নাই। সুমৰি হুমৰি মোৰ থিৰ লুহি কায়॥ ২১২৩৩ তুমিসৰ বীৰৰ প্ৰভাৱ যত যত চিৰঞ্জীৱ কৰিবে সবাৰে৷ তেজ হত॥ এতেকেঁদে মনত সংশয় অতিৰেক। তাৰ হাতে সৈন্য মৰে কোনে ৰাখিৰেক॥ ২১২৩৪ নকৰো সমৰ প্ৰভু তোমাত বুজাওঁ। আজ্ঞা কৰা জুনাই ধনক চলি যাওঁ॥ নতু থুজ লাগস্তে কাম্পয় সৰ্ববগাৰ। এৱে কি কৰিবে৷ আন্না কৰিয়ে৷ মাধৱ। ৩৫ এতেক বুলিয়া ৰাজ৷ তেলিনা নিশ্বাস। মাধৱে বোলন্ত নৃপতিৰ চাপি পাশ নকৰা বিমান মোৰ জনা নিষ্ট বাণী। বিনাযুদ্ধে কৌৰৱৰ জোৰ কৰে| হানি ২৯২৬৬