পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত ১৪৩৬ যাক যেন বুলিয়ো সাক্ষাত কৰো কাজ। বিমৰিষি বোলে দুৰ্য্যোধন মহাৰাজ। ২১২০৪ সবে বীগণ মধ্যে বিচাৰিয়া চাওঁ। বীৰতো অধিক বীৰ ভীষ্মকেসে পাওঁ। তাহান্তে বিষম আছে মহন্তৰ মায়া। মোতোধিক অৰ্জ্জুনত দশগুণে দায়া॥ ২১২৫ তেহে সেনাপতি ভৈলে সবাহাৰে ৰঙ্গ। যাহাৰ যুদ্ধত পশুৰামে ভৈলা ভঙ্গ॥ বৈৰক আসঙ্গ দিব দায়ায়ে যুগুত। মোৰো কাৰ্য্য হেলা নকৰিব গঙ্গাহুত॥ ২১২০৬ নায়ক বিহীনে মিলে প্ৰজাৰ বিপত্তি। এতেকেসে ভীষ্মক নকৰে। সেনাপতি॥ জোগৰ সমান বীৰ নাহি একো থানে। কুৰুকুল মধ্যে শ্ৰেষ্ঠ সৰ্ববলোকে জানে। ২১২০৭ তোমাসাৰ হৰিষ তাহাঙ্ক পাইলে ৰণে। তথাপিতো অৰ্জ্জুনক দায়া কৰে জোণে॥ সময় উপেক্ষি অৰ্জ্জুনক দিব পথ। সকলে বিনাশ হৈব গঞ্জ বাজী ৰথ॥ ২১২০৮ সি কাৰণে দ্ৰোণক নকৰে৷ বৰ্ণমাজে। কৰ্ণব সমান বীৰ নাহি সামৰাজে॥ যুদ্ধত ক্ৰোধত মন্ত্ৰণাতো অগ্ৰগণী। যাহাৰ বীৰত্ব গুণে ঢাকিল ধৰণী। ২১২০৯ তথাপি ভৰসা নাই ভয়াতুৰ বৰ। যুদ্ধবেলা সন্মুখত ভিড়ি দিলে লৰ এতেক কৰ্ণক নাহি সহায় যুগুত। সমৰত লঘু কৰিখে ৰাধাহত॥ ২৯২১০ মোৰ ভাই দুঃশাসন জানো ভালমতে। যুদ্ধ দেখি ভঙ্গ দেই পলায় লগতে পাচক নচায় নাই প্ৰজাৰ ৰিপত্তি। দুঃশাসন বীৰক নকৰে৷ সেনাপতি॥ ২১২১১ শকুনি মমাই লিটে৷ সঙ্গৰে বাতূল। কেৰলে জানৱ সিটো পাশতিৰ মূল। আনে৷ 'সব বীগণ যতেক আছয়। সবাতো অধিক বীৰ কৃষ্ণ ধনঞ্জয়॥ ২১২১২ অশ্বত্থামা চিৰঞ্জীৱ জোগৰ নন্দন। তেহে সেনাপতি হৌক বোলে দুৰ্য্যোধন বীগণে ৰাজাৰ বচন অনুসৰি। তেতিক্ষণে উঠিলেক জয়ধ্বনি কৰি॥ ২১২১৩ দক্ষিণ দলত বসি আছে চিৰঞ্জীৱঞ্জ। ৰাজাগণ সমে দুৰ্য্যোধন ভৈলা থিৱ॥ দেখি অশ্বত্থামা গাৱ চালি ভৈলা থিৰ। ৰাজাক সম্বোধি মাতিলস্ত মহাবীৰ॥ ২১২১৪ কিবা আগমন মহাৰাজ কহিয়োক। কি কাৰ্য্যক লাগে ঝাণ্ঠে আজ্ঞা কৰিয়োক॥ দুৰ্য্যোধন বদতি শুনিয়ে মহাৰথ। সেনাপতি হুয়৷ যুদ্ধ কৰা প্ৰথমত # ২১২১৫ তোমাক কৰিলে৷ কটকৰ অধিপতি। অৰ্জ্জুনক জিনি মোক দিয়ে৷ বহুমতী তোমাৰেসে অধিকাৰ যত বীৰগণ। তোমাৰেসে ৰাজ্যভাৰ তোমাৰেলে ৰণ ২১২১৬ অশ্বত্থামা বোলন্ত শুনিয়ে! মহাবায়। হেন জান৷ যুদ্ধত অৰ্জ্জন তৈলা ঠাই॥ কোন বস্তু যুধিষ্ঠিৰ বীৰ বৃকোদৰ। সহদেৰ নকুল পতঙ্গ সমসৰ | ২১২১৭ দ্ৰুপদ বিৰাট চেৰিতান বলবস্তু। হৌক আসি সহায় আপুনি ভগৱন্ত | তথাপিতো পাণ্ডৱৰ আশা পৰিহৰা। নিগুটি কৰিৰো মেৱে মোৰ বোল ধৰা॥ '১৮ যুধিষ্ঠিৰ নৃপতিক প্ৰথমে ধৰিবো। ভীম ধনঞ্জয় দুইকো লঙ্গে সংহাদিবো। নকুল সহদেৱক ডেঙ্গৰা কৰো পাচে। যুদ্ধত জিনিবে! বাপণ বন্ধ পাচ্ছে। ২১২১৯ সব স্যৈ মাৰিয়া কৰিৰো গোটা গোট। তেৱে জানো পাশুৱে লতিৰে মোৰ ছোট। ● খ |