পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টাদশ পৰ্ব অসমীয়া মহাভাৰত ভীষ্ম পৰ দুৰ্য্যোধনৰ অশ্বত্থামাক সেনাপতি বৰণ পদ জয় নমো নাৰায়ণ দৈৱকীনন্দন। সদানন্দ মুকুন্দ মাধৱ জনাৰ্দ্দন॥ জয়তি যাদৱ যকুৰংশ শিৰোমণি। যাৰ যশে ভৰি আছে সমস্ত ধৰণী॥ ২১১৯২ প্ৰণামে৷ ভাৰতী ভগৱৰ্তী সৰস্বতী। যাহাৰ প্ৰসঙ্গে হুপ্ৰসন্ন হোৱে শতি॥ জয়তি ভাৰত কৰ্ম্ম জয়তি মঙ্গল। শুনস্তা ভগত্তা দুহাত্তৰ সম ফল॥ ২১১৯৩ অনিৰুদ্ধ বদতি শুনিয়ে৷ সাধু লোক। অল্পমতি জানি কিছু কৃপা কৰা মোক | বিৰচিলো মহাভাৰতৰ কথা সাৰ। গুৰুৰ প্ৰসাদে হৌক লোকত প্ৰচাৰ॥ ২১১৯৪ জন্মেজয় বদতি শুনিয়ো মুনিবৰ। প্ৰস্তুত কাহিনী কৰে৷ কৃষ্ণ-পাওৱৰ। ধৰ্ম্মক্ষেত্ৰে কুৰুক্ষেত্ৰে ফুষ্ণ পাণ্ডুগণ। কেন কেন মতে সবে কৰিলন্ত বণ॥২১১৯৫ কোন বীৰ তথাত আছিল অধিকাৰী। কোন কোন মহাৰথী বুলিবাক পাৰি। দাণ সমৰে জোন ঘৰে ভৈলা জয়। সাৱশেষ কৰি মোত কহিৰো নিশ্চয়॥ ২১১৯৬ বৈশল্পায়ন বাড়ি শুনিয়ো নৱেম্বৰ। কহিবো স্বৰূপ কথা ভলিডযুদ্ধৰ কুৰুক্ষেত্ৰে একত্ৰে মিশিলা দুৰোদল। পয়োভৰে মেহিদী জবা উপস। ২১১৯৭ চৌকি দিয়৷ সজাগে ৰহিলা বীগণ। বিৰলে আলোচ কৰে ৰাজা দুৰ্য্যোধন॥ চৰ মুখে শুনিলা সমস্ত কথা সাৰ। ধনঞ্জয় সেনাপত্তি পাণ্ডৱ দলৰ॥ ২১১৯৮ কৃষ্ণ ভৈলা সাৰথি অঞ্জন ধনুৰ্দ্ধৰ। শুনি দুৰ্য্যোধনৰ বিষাদ গুৰুতৰ॥ ত্ৰিভুবন বিজয় মাধৱ-ধনঞ্জয়। কাহাৰ শকতি ৰণে সাধিবেক জয়॥ ২১১৯৯ হুৰাস্থৰে বিমোহিত প্ৰচণ্ড প্ৰতাপে। কৃষ্ণ অৰ্জুনক জিনিবেক কাৰ বাপে॥ মনদুখে ৰাজাৰ গাৱত নাহি থাৰি। বীগণ মাতিয়া বৈসাইল৷ শাৰী শাৰী। ২১২০০ দুঃশাসন দুম্মুখ দুখত্ বীৰ কৰ্ণ। দুৰ্দ্ধৰিষ বৃষকেতু বিজয় বিকৰ্ণ॥ যুধামন্যু উত্তমোজা মাগধৰ পতি। জয়দ্ৰথ ভূৰিশ্ৰৱা কৌবৱ নৃপতি॥ ২১২০১ শল্য শাল্ব সুদক্ষিণ কাম্বোজ কলিঙ্গ। শ্ৰুতায়ুধ শ্ৰুতসেন নৃপতি বিৰিঙ্গ॥ বিৰোচন পুৰস্পৰ লখনা সুবৰ। কামৰূপাধিপ ভগদত্ত নৃপবৰ | 21202 এসম্বাক মুখ্য কৰি দুৰ্য্যোধন ৰাই। বুলিবে লাগিল! সবাহানে মুখ চাই। সবেহস্তে আমাৰ বচন বাকলিয়া 1 কোন সেনাপতি হব৷ সেখায়ে! বুলিয়ো। ২.৩ গাৱে গাৱে বীসবে দিলা সমিধান। কি কৰিৰে৷ মহাৰাজা তুমি বিমান |