পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্যোগ পৰ্ব্ব পাগুৱক জিনো আন বৈৰী যত যত। সবে অভিলাষ কৰো তধু চৰণত॥ ২১১১৩ পশুৰাম বীৰ ক্ষত্ৰিয়ৰ অধিকাৰী। সমৰত তোমাত পলাইল ৰণ হাৰি # এবে পিতামহ তুমি মোৰ বোল ধৰা। সেনাপতি হয়৷ পাণ্ডৱক যুদ্ধ কৰা॥ ২১১১৪ থানে থানে নিয়ম কৰিয়ো সেনাচয়। কালি সমৰক লাগি কৰিয়ো নিৰ্ণয় | ভীষ্মে বোলে দুৰ্যোধন শুনিয়োক বাণী। মোৰ সম বীৰ নাহি ত্ৰিভুবনে জানি॥ ২১১১৫ মোৰ দিব্য অস্ত্ৰ আছে জগতে বিদিত। সুৰাসুৰ মনুষ্য সবাৰে৷ মনে ভীত॥ মই যেৱে যুজে৷ সৰে মনুষ্যক মাৰি। ক্ষণেকে জগত শূন্য কৰিবাক পাৰি॥ ২১১১৬ সাক্ষাতে নজান তই আমাৰ মহত্ত্ব। জগত জুৰিবে পাৰে৷ শৰ প্ৰহাৰত॥ আমাৰ শৰত পশু ৰামে দিল ভঙ্গ। পাণ্ডৱক কোনে লেখে যেহেন পতঙ্গ॥ ২১১১৭ তথাপি তোমাত বাপু কহে৷ তত্ত্বসাৰ। তোকে পাগুৱকে সম স্নেহত! আমাৰ। তই যেন মহাহিত আদৰৰ আতি। পাওৱো সিমত মোৰ বংশধৰ নাতি॥ ২১১১৮ কিন্তু তই অৰ্থ দিয়া বঢ়াইলি আমাক। সি কাৰণে তোৰ হুয়া খোঙ্গো যুক্তিবাক॥ যদি মই যুজো তোৰ আগে কহে৷ সাৰ। পাঞ্চভাই পাণ্ডৱৰ নিচিম্ভিবে৷ মাৰ॥ ২১১১৯ গুণাকৰ পাঞ্চকে! ক্ষমিৰো বলে পাৰি। তই যদি পাৰস আপুনি দিবি ধাৰি। ৰাজাগণ সমন্বিতে কৰ্ণ দুঃশাসন। সমৰত পাণ্ডৱক তই জিন ৰণ॥ ২১১২০ ই কথা যাপি তই নেদেখা ভাল। তোৰ আগে কথা কহো গুনা মহীপাল॥ মহাবীৰ কৰ্গক পাডিয়ো সেনাপত্তি। ৰাজাগণ সমে বাপু কৰিয়ে যুগুতি। ২১১২১ ১৪২ দ্ৰোণৰ আমাৰ হুইৰ বৃথা কলেৱৰ। তাৰে বশ্য হয়৷ আমি কৰিবো সমৰ॥ হেন শুনি কৰ্ণে উঠি মাতিলেক পাচে। ৰাজাগণ সমে দুৰ্য্যোধনে শুনি আছে॥ ২১১২২ কৰ্ণ বোলে পিতামহ শুনিয়ো সম্প্ৰতি। যৈসানি বুলিলা ধনঞ্জয়ে অতিথী অৰ্দ্ধৰৰ্থী বুলি মোৰু বিকপিলা বৰ। সেহিদিনা অঙ্গীকাৰ কৰি আছো দৃঢ়॥ ২১১২৩ যাৱে তুমি ৰণে পৰি নোহোৱা নিৰ্য্যাণ। তাৱে নুযুজিবে৷ নধৰিৰে৷ ধনুবাণ॥ মধ্যস্থ স্বৰূপে মই চাহিবো সমৰ। তুমি পিতামহ পৰাক্ৰমী ধমুৰ্দ্ধৰ॥ ২১১২৪ বালকৰ দোষ গুণ নধৰিবা মনে। সেনাপতি হুয়া যুদ্ধ কৰিয়ো আপুনে! বৈশম্পায়ন বদতি শুনিয়ো নৰপতি। দুৰ্য্যোধনে ভীষ্মক পাতিলা সেনাপতি॥ ২১১২৫ আসনত বসিলেক গঙ্গাৰ কুমাৰে। আৰণ তুলিয়া আনি ধৰিলেক শিৰে॥ দেৱ সেনাপতি কাৰ্তিকক নমি পাৱে। কৃষ্ণৰ চৰণ দুই হৃদয়ে থিয়াৱে। ২১১২৬ নাহিকে হৰিষ কাৰ্য্য নিসিব্জিবে জানি। অসন্তোষে সেনাপতি ভৈলেক আপুনি॥ কৌৰৱগণৰ আনন্দৰ সীমা নাই। চতুৰ্ভিতি বেড়ি সবে আনন্দে বলাই॥ ২১১২৭ শঙ্খ ভেৰী কাহালী দুন্দুভি বাৱে ছানি। সৈন্যৰ আন্দোলে মাত থিতাতে মুগুনি। দণ্ডে ছত্ৰে ভীষ্মৰ যোগান ধৰি আছে। উঠি উঠি ৰাজাগণে নমিলেক পাচে। ২১১২৮ দুৰ্য্যোধন ৰাজ৷ আনন্দতে আছে চাই। সেহিবেলা নিৰ্ঘাত পৰিল গিৰিসাই। আকাশত শুনি ধৰ ধৰ মাৰ মাৰ। নেদেখি শৰীৰ বাক্য শুনি চমৎকাৰ॥ ২১: বিমঙ্গল দেখি ভয় ভৈলা ফুৰগণ। জুমাহুমি কাণাকানি কৰৈ সৰ্ব্বজন।