পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব খুণ্টিভাণ্ডে হাধীকোলে পাৰে লুকাইবাক। কতনে৷ ললাট বিধি দিলেক আমাক॥১৮৭৯৫ সকলে আছয় মহেন্দ্ৰৰ যত গুণ। মাধৱতো কৰি কিঞ্চিতেকো নাহি ন্যূন॥ ৰুদ্ৰৰ লগত গণৈ ৰুদ্ৰৰ সমান। আদিত্যৰ লগে গণৈ আদিত্যৰ থান॥১৮৭৯৬ ত্ৰিদশৰ বৈৰী ইন্দ্ৰে৷ নোৱাৰম্ভ যাক। একখান ৰথে চড়ি মাৰিলন্ত তাক॥ অগ্নিক তুষিলা বন খাণ্ডৱ দহিলা। ত্ৰিদশ সহিতে ইন্দ্ৰদেৱক জিনিলা॥১৮৭৯৭ মহেন্দ্ৰৰ অৰ্দ্ধাসন পায়া বীৰবৰ। দিব্য অস্ত্ৰ শিখিলস্ত পঞ্চম বৎসৰ॥ তিনিলোক মাজত সমান নাহি যাৰ” সিটো কৰ্ম্ম কৰিবাক নোৱাৰে পৰৰ॥১৮৭৯৮ উলুপী ভগিনী সৰ্পৰাজ বাহুকীৰ। নিজ বাহুবলে জিনিলেক মহাবীৰ॥ শঙ্কৰতে সম বল পৰাক্ৰম যাৰ। সিটো কেনমতে কৰ্ম্ম কৰিবে পৰৰ॥১৮৭৯৯ দুয়ো হাতে ধনু ধৰি প্ৰহাৰম্ভ শৰ। বৃষভৰ কান্ধ যেন দুয়ো হাতে কৰ॥ তাতে সব্যসাচী নাম খ্যাত ত্ৰিজগতে। এহি হাত দেখি নিচিনিবে কেনমতে ১৮৮০ ০ দুই কৰ্ণ মানে কৰ ভৈল ধলুগুণ। তাক দেখি কোনে হুবুলিবেক অৰ্জ্জুন | আজানুলম্বিত বাহু কৰীকৰ সম। চকোৰ নয়ন সিংহ সমান বিক্ৰম॥ ১৮৮০১ ইন্দ্ৰে শিৰে ৰত্নময় কিনীটি বান্ধিল। সূৰ্য্য সম জ্বলে অঙ্গ সহিতে মিলিল॥ ইয়ো কৰ্ম্ম অৰ্জ্জুনৰ খ্যাত পৃথিৱীত। তাক দেখি লোকে নিচিনিবে কোন চিত্ৰ॥ ৮০২ অৰ্জ্জুন বদতি নৃপতিৰ মুখ চাই। মোক লাগি ৰাজা কিঞ্চিতেকো শঙ্কা নাই। প্ৰতিজ্ঞ৷ সাফলি ধৰো নপুংসক বেশ। তেৱে ঢাকিবে৷ নিঃশেষ॥ ১৮৮০৩ । দুই মুষ্টি শাঙ্খা পিন্ধিৰোহো দুই হাতে। দুই হাতৰ চিহ্ন মানে লুকাইবেক তাতে॥ ফুগুল পিন্ধিৰে৷ কৰ্ণে বাজে ঋণজুণ। ধনুৰ গুণৰ কৰ বুলিবেক কোন॥ ১৮৮০৪ । কিৰীটি ঢাকিয়া কেশ বান্ধিবোহো বেণী। অলঙ্কাৰ আছে বুলি নানয় যেনি॥ শুৰঙ্গ বঙ্গৰ বন্ধে আবৰিবে৷ গাৱে। থিযবন্ধে নৃপুৰ পিন্ধিবো দুই পাৱে॥১৮৮০৫ নপুংসকে পঢ়ি ফুৰে নাৰী মুখে কথা। নপুংসকবেশে মই ফুৰিবে৷ সৰ্ব্বথা॥ G ১২৭৫ । বিবাহ উৎসৱে সুমঙ্গল গীত গাইবো। অস্তেসপুৰত আমি বৰ পূজা পাইৰো॥ ১৮৮০৬ পুছন্তে বিৰাটে মোক কহিবে৷ কাহিনী। বৃহন্নলা নামে দ্ৰৌপদীৰ সেৱকিনী | নৃত্য-গীত শিখাবোহে৷ ৰাজাৰ কন্যাক। মন্ত্ৰী পাত্ৰ সমে তুষ্ট কৰাইবো ৰাজাক॥১৮৮০৭ ছদ্মৰূপে থাকিবোহে৷ বিৰাটৰ ঘৰে। ভস্মৰ অনল যেন নিচিনিবে পৰে। নৃপতিৰ আগত নকুলে কহে কথা। আছোৱাৰ হুইবো মই নাহি অন্যৱধা॥ ৮০ ভাল মন্দ লক্ষণ ঘোঁৰাৰ যত যত। ঘোঁহৰ চিকিৎসা গুণ আছয় সমস্ত॥ ঘুঁ ৰীৰো যতেক গুণ সম বা বিসম। ঘোঁৰাক দেখিলে জ্ঞানে৷ যাৰ যেন গম॥১৮৮০৯ ৰথৰ যতেক ঘোঁৰা ৰঞ্ছিত যতেক। সবাকো শিখাইৰে৷ মই প্ৰত্যেকে প্ৰত্যেক শিশু ঘোঁৰা শিশু ঘুঁৰী মুহিকয় দুষ্ট। তাক দেখি বিৰাটৰ হৈব বৰ তুষ্ট॥১৮৮১০ ৰাজা যেৱে সোধে তেৱে কহিবো আগত। পাণ্ডৱৰ আছিলোহো গ্ৰন্থিক নামত | সহদেৰ বোলন্ত শুনিয়ো মহীপাল। বিৰাট ৰাজাৰ আমি হৈবোহে৷ গোৱাল॥১১ গোষ্ঠক লাগিয়া তুমি পাঞ্চিল| সতত। তাতে লওঁ গোৱালৰ গুণ য 1