পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এতেকে নকৰে৷ মাতৃ তোমাৰ বচন। যত বল আছে গাৱে কৰিৰোহে। ৰা॥ প্ৰাণ পৰিামে মই অৰ্থে কৌৱৰ। তষু পুত্ৰগণ সমে কৰিবো সমৰ। ২০৯৭৬ আৰ এক কথা কহো শুনা কুত্তী আই। পুত্ৰৰক্ষ৷ নিমিতে আসিছ৷ মোৰ ঠাই॥ কৰ্ণ মহাদানীৰ পাশক যিটো যায়। কদাচিতে৷ জানিব৷ তাহাৰ বৃথা নাই॥ ২০৯৭৭ কৰ্ণ মহাদানীৰ অদেয় নাহি জানি। পাঞ্চপুত্ৰ দান দিলোঁ লৈয়োক গোসানী। কুম্ভী বোলে বাপু যে আৰোগ্য ভৈলা কায়। আঙ্কিসে জন্মিল পাঞ্চ পুত্ৰ তোৰ ঠাই॥ ২০৯৭৮ যুদ্ধে নমাৰিবি মোৰ পাঞ্চটি তনয়। পুনু সত্য কৰি বোল নথবি সংশয় | কৰ্ণে বোলে কুন্তী আৱে কথা কহে৷ সাৰ। মই সমে লেখি ছয় তনয় তোমাৰ। ২০৯৭৯ নকুল সহদেৱ ভীম যুধিষ্ঠিৰ চাৰি। নমাৰিবে৷ আৰাক যুদ্ধত বলে পাৰি। মধ্যম তোমাৰ পুত্ৰ বীৰ ধনঞ্জয়। তাক পাইলে ৰণে ক্ষমা নকৰিৰো মই॥ 0960 যাপি অৰ্জ্জুনে মোক কৰয় সংহাৰ। ধনঞ্জয় সমে পাঞ্চ তনয় তোমাৰ॥ যদি ঘোৰ ৰণে অৰ্জ্জুনক মাৰো মই। তেৱে আমি সমে পাঞ্চ তোমাৰ তনয়॥ ২০৯৮১ দেৱী বোলে তোৰ পূৰ্ব্ববাক্য সত্য হৌক। অৰ্জ্জুনৰ শৰে ৰণে মৰণ যিলোক। কুন্তী শুনিলেক যেৱে কৰ্ণৰ বচন। কৰ্ণক প্ৰশংসি গৈলা আপুন ভৱন। ২০৯৮২ দিবাকৰো দুখে তৈতে অন্তৰ্দ্ধান ভৈলা। অনন্তৰে কৰ্ণো নিজ মন্দিৰক গৈলা॥ পাওৱৰ যুদ্ধ-আয়োজন বৈশম্পায়ন দতি শুনিয়ো নৰেশ্বৰ। আত অনন্তৰে কথা শুনা পাওৱৰ॥ ২০৯৮৩ কৌৰৱৰ কথাক কহিল না। যুদ্ধ বিনা ৰাজ্য নেঙ্গে দুষ্ট দুৰ্যোধনে একমনে শুনি আছে বাজা যুধিষ্ঠিক। শুনি সহদেৱৰ যে ৰুম্পৰ শৰীৰ ১২০৯৮৪ মহাক্ৰোধে উঠি ৰাজাসকলৰ আগে। সহদেৱে ভীমক মতিলা বৰ ৰাগে॥ শুনা ভীম দদা পাসৰিল৷ আৰোবাৰ। কৌৰৱে কৰিছে যত আমাক নিকাৰ॥ ২০৯৮৫ বনবাস দুখক স্মৰস্তে ফুটে প্ৰাণ। সবে পাসৰিল৷ মৎস্তনৃপতিৰ থান॥ সহদেৱ বীৰৰ বচন হেন শুনি। অনশুৰে যুধিষ্ঠিৰে বুলিলন্ত বাণী॥ ২০৯৮৬ যুধিষ্ঠিৰ বদতি শুনিয়ো নাৰায়ণ। ৰাজাগণো শুনিৰাহ৷ আমাৰ বচন। কৌৰৱে দিলেক যত বনৰাস ক্লেশ। আদি অন্তে মই তাক সহিলো নিশেষ॥ ২০৯৮৭ কৃষ্ণক পঠাইলে৷ মই ৰাজ্য খুজিবাক। শুনিলাহা দুৰ্য্যোধনে নেদিলেক তাক॥ আৱে মোৰ দোষ নাই তুমি সৰে সাখী। ৰাজ্য নেদি পাপিষ্ঠে খাইলেক দুই আখি॥ ৮৮ ঘোৰ সমৰত সংহৰিবে৷ কুৰুগণ। কৈৰা ভীম ধনঞ্জয় শুনিয়ে৷ বচন | হস্তী ঘোৰা জাণ্টে আন কটক জোৰাই। ৰাজাগণ ছবিতে মিলোক এক ঠাই। ২০৯৮৯ আৰো এক কথা কহো শুনিয়ো যুগুতি। সমৰত কাহাৰ পাতিৰে৷ সেনাপতি॥ সোমক পাঞ্চাল মৎস্য ত্ৰিভুৱনে সাৰ। তোমা চাৰি ভাই আৰো নৃপতি আপাৰ # সবে মহা পৰাক্ৰমী বিপুল শকতি। আলোচিয়ো কাহাফ পাতিবো সেনাপতি # বৈশম্পায়ন ৰদতি শুনিম্নে নৰেশ্বৰ। প্ৰথমতে সহদেৱে দিল উত্ত। ২০৯৯৯ সহদেৱে বোলে নদ। কথা কৰে। সাৰ। মহা উপকাৰী ৰাজা টি আসন