কৰ্ণে দেখে দিবাকৰ সাক্ষাতে স্থাসিলা। পিতৃ বুলি নমি দুই পাৱত বন্দিলা না কৰযোৰ কৰি উঠি খহিলেক ৰূণ। I হেন দেখি দিবাকৰে বুলি বচন॥ ২০৯৫৯ আদিত্য বদতি কৰ্ণ ত্ৰিভুৱনে সাৰ। কুন্তীক চিনিব৷ নিজ জননী তোমাৰ তোমাৰ জনক পিতৃ চিনিকা আমাক। কুন্তী যি বোলয় কিয় নকৰস তাক। ২০৯৬০ ভাল বোলে কুম্ভী তোক চাউ মনে গুণি। পাণ্ডৱৰ থানে ৰাজা হুয়োক আপুনি অখণ্ড নৃপতি হুয়া ধৰণী মণ্ডলে। কৌৰৱক তোমাৰ সেৰিখে কোন ফলে৷ ২০৯৬১ ভাল বোলে কুন্তীয়ো বিলম্ব কি কাৰণ। এখনে চলিয়ো বাপু পাওৱৰ থান॥ শীঘ্ৰে সঙ্গ ত্যজিয়োক কৌৰৱ শৃগাল। পাণ্ডৱৰ থানত তোমাৰ হুইবে ভাল॥ ২০৯৬২ বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়। এহি বুলি যৌন ভৈল৷ সূৰ্য্য মহাশয়॥ কুম্ভীয়ে৷ কৰ্ণক বুলিলেক যতমানে। শুনি মনে মনে গুণি আছিলেক কৰ্ণে॥ ২০৯৬৩ দুহান্তৰ বাক্য কৰ্ণে অনেক গুণিলা। নিজ সত্য হন্তে ঋণুমাত্ৰো নলৰিল৷ কৰ্ণে বোলে ৰাজমাতা নুবুলিবা আৰ। যিবেলা জন্মিলো মই গৰ্ভত তোমাৰ। ২০৯৬৪ সিবেল৷ হুতুলি মোক ধৰ্ম্মপথ চাই। মৰিবাক মনে মোক পেলাইলা উটাই॥ কন্যা হুয়া মুগুণিলা কৰিলাহা পাপ। আগে মোক ভাজি পাচে কৰাছা বিলাপ॥ '৬৫ মাতৃ হয়৷ তুমি মোত নিদাৰণী ভৈলা। শত্ৰুৰ পুত্ৰক যেন জলত পেলাইলা | তযু গৃহে যাইৰো যেৱে লুগুণি মনত। তেৱে মোৰ কুযশ ৰহিবে জগতত। ২০৯৬৬ তযু গৃহে ক্ষত্ৰিয় ফুলত জাত ভৈলো। তোমাৰ নিমিতে এই জাতি হৰুৱাইলো। বৈশ্য জাতি তৈলো অধিৰথ পিতৃ সান। জাতকৰ্ম্ম নামকৰ্ম্ম কৰিলে আমাৰ। ২০৯৬ মাতৃয়ে তেজিলে শত্ৰু তুলিলেক পাই।' পিতৃ মাতৃ অনুবন্ধ তাসম্বাৰ ঠাই। যদি পুত্ৰ বুলি তুমি হিত মানা মনে। তেৱে এতকালে আসি চিনা নেদা কেনে॥ ৬৮ এৱে চিনা দিয়৷ আপুনাৰ হিত মানি। জানে৷ কৰ্ণে মাৰে মোৰ পুত্ৰ পাঞ্চখানি॥ একেশ্বৰ কৰিয়া অজিলে বিধাভাই। এতকাল বহি গৈলা নাহি বন্ধু ভাই॥ ২০৯৬৯ এৰে ভাই চিনাইলাহা ভৈল যুদ্ধকাল। ই কথা শুনিয়া কোনে বুলিবেক ভাল॥ সমৰত আমাক কৰিবে পৰিত্ৰাণ। দুৰ্য্যোধনে পূজে মোৰ বাহু দুইখান। ২০৯৭০ আমাত ভাৰষা কৰে কৌৰৱসকল। পাগুৱক জিনিবাক আশংসয় বল॥ এৱে পাণ্ডৱৰ থানে দেখি সৰ্ব্বলোক। দুৰ্য্যোধন ৰাজা শুনি কি বুলিবে থোক। ’৭১ অধিৰথ পিতৃ মোক হাবিলাষে মাতি। মোৰ পুত্ৰ বুলি স্নেহে তুলিলন্ত আতি॥ এতকাল দুখ পাইলে তোলন্তে আমাক। শেষকালে আৱে কেনে এৰিবোহো তাক৷ '৭২ এতেকতে তযু বাক্য নগশয় কাণে। আন যিবা লাগে মানে খুজিয়ো আপুনে | সৰ্ব্বলোকে জানে যেন কৰ্ণ মহাবীৰ। ত্ৰিভুৱনে পৰাক্ৰমী বচন শুথিৰ॥ ২০৯৭৩ মই যদি সত্য এৰি যাওঁ তযু পাশ। ভেৱে লোকে কিব৷ মোত কৰিবে বিশ্বাস॥ তুমি সম যতেক অসতী কন্যাচয়। পুত্ৰ উপাৰ্জ্জিয়া তেজে কলঙ্কক ভয়॥ ২০৯৭৪ সত্য এৰি যাওঁ যদি তযু গৃহ লাগি। মই তেৱে ভৈলো তাসম্বাৰ বধভাগী। তোলনীয়৷ পুত্ৰ কেৱে হুতুলিবে আৰ৷ মোক দেখি সকলে কৰিৰে পৰিহাৰ। ২০৯৭৫