পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৭৪
মহাভাৰত

যি ৰাজ্যে বঞ্চিবো এৰাইবো দুখভাৰ।
বৈৰৰ মুণ্ডত যেন পৰে ছাৰখাৰ॥ ১৮৭৭৮
ৰাজাৰ বচন শুনি অৰ্জ্জুন বদতি।
ধৰ্ম্মৰে ঋষিৰ বৰে এৰাইৰো দুৰ্গতি॥
তথাপি কহিবো ৰাজ্য জানো যত মানে।
বাছি লৈবা আপুনি বঞ্চিবা যিবা স্থানে॥১৮৭৭৯
শূৰসেন পটেশ্বৰ দশাৰ্ণ পাঞ্চাল।
সৌৰাট অবন্তি মল্ল বিদিশল শাল্ব॥
যুগন্ধৰ কুস্তেলাট সৰিৰ বন্ধল।
বাছি লবা ৰাজা যেহি মনে অনুকূল॥ ১৮৭৮০
যুধিষ্ঠিৰে বোলন্ত শুনিয়ো ভ্ৰাতৃগণ।
মৎস্যনগৰীত মোৰ থাকিবাক মন॥
ধৰ্ম্মৱন্ত কুলৱ্ন্ত বৃদ্ধ মৎস্যৰাজ।
তাঙ্ক সেৱা কৰিলে নাহি কিছু লাজ॥’৮১
আনো এক কথাখানি পুছোহো সবাতে।
কৰ্ম্ম কৰিবাক লাগে পৰৰ সেৱাতে॥
কোনে কোন কৰ্ম্ম কৰিবাহা বিৰাটৰ।
হেন শুনি ধনঞ্জয়ে বুলিলা উত্তৰ॥ ১৮৭৮২
আমাক লাগিয়া তুমি নকৰিবা মৰ্ম্ম।
তোমাক সেৱিলো কৰি আছো তব কৰ্ম্ম॥
তুমি কোন কৰ্ম্ম জানা ৰাজা ৰাজেশ্বৰ।
কেনমতে সেৱা কৰিবাহা বিৰাটৰ॥ ১৮৭৮৩
যুধিষ্ঠিৰে বোলন্ত বঞ্চিবো দুখ কাল।
বিৰাট নৃপতি শুনো বৰহি পাশাল॥
পাশা খেলি কৌতুক কৰাইবো ৰাত্ৰি দিন।
মোহমস্ত হৈবে মোক নেদেখিবে ভিন॥ ১৮৭৮৪
সাজি পাশা-বাৰি দিবো হস্তীৰ দন্তৰ।
কৃষ্ণ-ৰক্ত চিহ্ন বৈদুৰ্য্যৰ সুৱৰ্ণৰ॥
পাশা জিনি আনিবোহো সুৱৰ্ণৰ লস।
এহি কৰ্ম্মে নৃপতিকো কৰিবোহে৷ বশ॥ ১৮৭৮৫
চাপ সমে সাজিবোহো কৰি বিতোপন।
পাঞ্চগুটি পাশৱটি হস্তীৰ দশন॥
চাৰিৰ পিঠিত চাৰি চাৰি ঠাইত চিহ্ন।
খেলাইবাৰ বেলা যেন দেখি ভিন্ন ভিন্ন॥ '৮৬

বৈদুৰ্য্য শ্যামল বৰ্ণ সুৱৰ্ণ ৰচিত।
ইন্দ্ৰলৰ কৃষ্ণবৰ্ণ প্ৰবালে লোহিত॥
পাশা খেলিবল চৰ্ম্ম সাজিবো কুশল।
চকত লগাইবো তাত সুৱৰ্ণৰ জল॥ ১৮৭৮৭
যেৱে মোত পুছে তেৱে কহিবো ৰাজাত।
কঙ্ক নামে দ্বিজবৰ জগতে প্ৰখ্যাত॥
মোৰ প্ৰিয় সখা যুধিষ্ঠিৰ ধৰ্ম্মৰাজ।
আমাক এৰিলে তেৰে তৈত বনমাজ॥ ১৮৭৮৮
এহিৰূপে খ্যাত হৈবো বিৰাট ৰাজ্যত।
একোজনে নিচিনিব অজ্ঞাত বাসত॥
ভীমে কোন কৰ্ম্ম কৰিবেক বিৰাটৰ।
তেতিক্ষণে ৰাজাক মাতিলা বৃকোদৰ॥ ১৮৭৮৯
বিৰাট ৰাজাৰ মঞি হৈবো সুপকাৰ।
ৰান্ধিবোহো অন্ন সুপ ব্যঞ্জন সম্ভাৰ॥
আৱটিবো বহুবিধ দুগ্ধ নিতে নিত।
সাজিবো দুগ্ধৰ পিণ্ড কৰি দিব্য ঘৃত॥ ১৮৭৯০
পৰ্ব্বত সমান ভাৱে আনিবোহো খৰি।
তেৱে হৈবো অন্ন ব্যঞ্জনৰ অধিকাৰী॥
অন্ন ব্যঞ্জনক মই পেট ভৰি খাইবো।
বিস্তৰ কালৰ খক তেৱে পাসৰিবো॥ ১৮৭৯১
সিংহ বাঘ সমে যদি যুজাৱে আমাক।
তাহাক যুজিয়া তুষ্ট কৰাইবো ৰাজাক।
এহি কৰ্ম্ম দেখি দায়া কৰিবেক মোক।
যেন নৃপতিক দায়া কৰে সৰ্ববলোক॥ ১৮৭৯২
ৰাজাৰ শত্ৰুক যদি যুজাৱয় মোক।
তেতিক্ষণে তাহাক পঠাইবো যমলোক॥
কৌতুকে যুজয় নৃপতিৰ মন্ত্ৰী পাত্ৰ।
খলে নমাৰিবো যুদ্ধে জিনিবোহো মাত্ৰ॥ '৯৩
নৃপতিক কহিবো বল্লভ মোৰ নাম।
যুধিষ্ঠিৰে শিখাইলন্ত সুপকাৰ কাম॥
এহিমতে থাকিবো বিৰাট নগৰত।
কোন কৰ্ম্ম কৰিবন্ত পুছা অৰ্জ্জুনত॥ ১৮৭৯৪
অৰ্জ্জুনক লাগি ধৰ্ম্মে কৰিবন্ত শোক।
এহিৰূপে গুণে ভাই কৈত লুকায়োক॥