পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উভোগ পৰ্ব্ব তাসম্বাক নমিয়া নৃপতি ভুঞ্জা অন্ন। যুধিষ্ঠিৰ নৃপতিৰ পুৰোহিতগণ॥ ২০৮৫৭ তাসম্বাৰ কৌতুকে তোমাক লাগ পায়। ৰাজ্য জোকাৰিখে আতি শুভক্ষণ চাই। দেখি ৰঙ্গ হৈবে কুম্ভী 'তোমাৰ জননী। বন্ধুগণে কৌতুক কৰিধে ভিন্নে ভিন্নি। ২০৮৫৮ শত্ৰুগণে মনত কৰোক অপমান। এতিক্ষণে চলা তুমি পাণ্ডৱৰ থান পৰগৃহে থাকিতে কিঞ্চিতো সুখ নাই। মই দুখ পাইলে৷ যত গোকুলক যায়॥ ২০৮৫৯ সঞ্জয় বদতি শুনিয়োক নৃপৰৰ। নীতিশাস্ত্ৰে পৰম পণ্ডিত গদাধৰ॥ আগ-পাচ চিনায়া বুলিল৷ দেৱহৰি। আমি সবে শুনিয়া আছিলো কৰ্ণভৰি॥ ২০৮৬০ কৃষ্ণৰ বচন যেৱে শুনিলেক কৰ্ণ। গুণিবাক লৈলা অধোমুখে মনে মন॥ দুই দণ্ড মানে গুণি কৰিলন্ত থিৰ। কৃষ্ণক সম্বুধি মাতিলন্ত ধীৰে ধীৰ॥২০৮৬১ কৰ্ণে বোলে জানে৷ কুন্তী মাৱৰ দুৰ্নয়৷ পাণ্ডুৰ ক্ষেত্ৰত জন্ম বিচাৰত মই। পোষ্ট৷ পিতৃ অধিৰ্থ ৰাধা মোৰ আই। বাঢ়ি আছে মোৰ দেহ তানে স্তন খাই॥ ২০৮৬২। পুত্ৰ বুলি আগে বিষ্ঠা পেলাইছে আমাৰ। অভেদ্য কৱচ দিলা পিতৃ দিবাকৰে। সি কাৰণে নমৰিলো জলৰ ভিতৰে। দৈৱযোগে হেন মোৰ অদৃষ্টত আছে। কেনমতে তাহাঙ্ক কৰিৰো পৰিহাৰ॥ কুম্ভীৰ দুৰ্ন য়কথা কহিবোহো কত। জন্ম দিয়া আমাকে পেলাইলে সাগৰত। ২০৮৬৩ | ইসব লক্ষণে ভঙ্গ দেখো কৌৰৱৰ॥ অধিৰথে পাই মোক তুলিলেক পাচে৷ ২০৮৬৪ মাতৃৰ দোষত থাকি কুৰু সমাজত। ভীষ্মৰ গালিক মই সহিবোহো কত॥ ভীষ্মে বোলে শুন অৰে কৰ্ণ দুৰাচাৰ। নাহি পিতা মাতা তই তনয় কাহাৰ। ২০৮৬৫ ১৪১৩ কিবা অধমত জাত উত্তমত হস্তে। নজানিয়া আমাক চোৱস কেনমতে॥ মাতৃ যাৰ দুষ্ট৷ প্ৰভু কহো তযু আগে। উপঞ্জি মৰোক তাৰ জীৱাক নলাগে৷ ২০৮৬৬ তযু সদবুদ্ধি প্ৰভু নপশয় কাণে। বিনাশৰ কাল ভৈল জানি আছে। মনে॥ অনুমানে জানো তযু অভিপ্ৰায় যত। ভূমিভাৰ সংহাৰ কৰিয়া সমৰত। ২০৮৬৭ বুদ্ধিছলে বধিবা ৰাখস্তা কেৱে নাই। আমি চাৰিজন ভৈলো কলঙ্কৰ ঘাই দুঃশাসন দুৰ্য্যোধন শকুনি মই চাৰি। আমি সবে ভৈলো মাত্ৰ কলঙ্কৰ ভাৰী। ২০৮৬৮ কালে আসি পীড়িলে ৰাখস্তা কেৱে নাই। কুবংশ সকলে কৰিব! তুমি ঠাই। তুমি নোহা মনুষ্য সাক্ষাতে নাৰায়ণ। অল্পতে মিলাইবা কুৰু-পাণ্ডৱৰ ৰণ॥২০৮৬৯ নানাবিধ উৎপাত দেখিয়া ঠাই ঠাই। প্ৰজা নষ্ট হুইবে হেন কাৰণতে পাই। গৃহযুদ্ধ ভৈল গুৰু চাণ্ডালী সহিত। বিনাশৰ কাল আসি ভৈল উপস্থিত॥ ২০৮৭ ০ যুদ্ধভঙ্গ হুইবে৷ আমি কৌৰৱ সকল। নানাবিধ প্ৰজাত দেখিলা বিমঙ্গল॥ হস্তী ঘোৰা কান্দে শৰ উভতি পৰয়। সৈন্যৰ মধ্যত কাক-শৃগালে ৰটয়॥ ২০৮৭১ অকাৰণে মনজুখে নিৰুৎসাহ বৰ। নিতে নিতে চৰমুখে শুনিছো প্ৰত্যেক। বলৱন্ত পাণ্ডৱৰ বিক্ৰম যতেক | ২০৮৭২ সবাৰে মধুৰ বাক্য শ্ৰীমন্ত বদন। ৰাত্ৰি দিনে শুনো সবে যুক্তিবাক মন॥ সমৰৰ নাম শুনি মত্ত হস্তীচয়। লোহাৰ হেঙ্গাৰ ভাঙ্গি ত্ববিতে চলয় ২০৮৭৩ মাহুতে খুম্পিলে দেখ নেদেখতে ধৰে। গড় প্ৰাখি ভাঙ্গি যেন পৰ্বৰ্কত বাগৰে॥