পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উভোগ পৰ্ব্ব তাকে বুলি হিত ৰাজা ভালমনে জানি। গৃহক আনিবে তাক আপুনাৰ মানি। পৰে পৰপুত্ৰত কৰয় হিত বোধ। মহা উপকাৰী যেন বনৰ ঔষধ॥ ২০৭৯১ আপুনাৰ সম যিটো বুদ্ধিমন্ত পাত্ৰ। যত হস্তী ঘোঁৰাচয় নিয়োজিবে তাত॥ আপুনি পালিবে প্ৰজাগণক নৃপতি। বুদ্ধিমন্ত আপুনাৰ পাত্ৰে সমন্বিতি॥ ২০৭৯২ পাতিৰেক সেনাপতি প্ৰজাৰ ৰক্ষক। দুৰ্জ্জনত হস্তে ৰাখিবেক সমস্তক॥ পিতৃৰ সদৃশ বিশ্বাসৰ যিটো ঠাই। তাকে ৰন্ধনত নিয়োজিৰে মহাৰায়। ২০৭৯৩ অৰ্থ কামলোভত নাহিকে যাৰ মন। দ্বাৰত পাতিবে বৃদ্ধ বৃদ্ধ দ্বাৰীগণ॥ যেই সেই সেৱকৰ মুবুজিয়া মতি। আপুনাৰ ভিতৰক নিনিবে নৃপতি॥ ২০৭৯৪ মাতৃৰ সদৃশ বিশ্বাসৰ যোগ্য যাত। নৃপতিৰ ৰন্ধনক নিয়োজিবে তাত নিতে একে থানত মুগুইবে নৰপতি। ক্ষত্ৰিয়ৰ নুবুজিয়া তনয়ৰ মতি॥ ২০৭৯৫ অলক্ষিতভাৱে ৰাজা গুতিবে সম্প্ৰতি। উত্তম ভৃত্যত পৰে নজানিবে আতি॥ দোষ গুণ নিবিচাৰি নুবুজিয়া মনে। প্ৰজা নদণ্ডিবে ৰাজা একৰ বচনে। ২০৭৯৬ বেদৰ বিহিত যত নানাবিধ ধৰ্ম্ম। নানামতে নৃপতি কৰিবে নান৷ কৰ্ম্ম॥ ব্ৰাহ্মণক অৱহেলা নকৰিধে মনে। ব্ৰাহ্মণসেৱাত পাই যত পুণ্য মানে। ২০৭৯৭ যেন ফুট। কলসত নৰহয় জল। ব্ৰাহ্মণৰ অসন্তোষে ধৰ্ম্মৰ বিফল॥ ১৪০ কিবা দুৰাচাৰ দুষ্টে সাধুক পীড়য়। কিবা খট তস্কৰে প্ৰজাক দেই ভয়॥ ২০৭৯৯ চাৰ চক্ষু চাহিয়া আপুন প্ৰজাগণ। দুৰ্জ্জ নত হস্তে সদ৷ কৰিবে ৰক্ষণ॥ মল্লবিদ্যা হড়গবিদ্য৷ ধন্ডুবিদ্যা মানে। সেনাগণ নিৱন্ধি খৈবেক থানে থানে। ২০৮০০ মন্ত্ৰণা কৰিবে ৰাজা পৰম ৰহস্য। শত্ৰুক জিনিয়া ৰাজ কৰিবেক বশ্য॥ সদবুদ্ধি কুবুদ্ধি প্ৰজাৰ যত যত। ঈশ্বৰেসে দেন্ত তাক জানিবা সমস্ত॥ ২০৮০১ ৰক্ষা কৰিবাক যাক ঈশ্বৰৰ মন। তাৰ মনে সুবুদ্ধি বঢ়ান্ত নাৰায়ণ॥ সংহৰিবে প্ৰতি যাক ঈশ্বৰৰ চিত। তান মনে কুবুদ্ধি বঢ়ান্ত নিতে নিত॥ ২০৮০২ ঈশ্বৰৰ ইটো কথা বুজন নযায়। হুখ দুখ কৰ্ম্মফল সুকৃতিতে পাই। পাপক জনাস্ত হৰি মায়াবী জনক। পাখি জাত ভৈলে যেন পলাই চটক॥ ২০৮০৩ ইহেন সংসাৰ সবে মায়াৰ ৰচনা। ঈশ্বৰে কৰম্ভ সবে যত আলোচনা | সেহিমতে মায়াবীক ছাড়িবেক যাই। মায়াপাশে মায়াত বিবিধ দুখ পাই॥ ২০৮০৪ বিচক্ষণ নৃপতি দেখিলে প্ৰজাগণ। নুপুছন্তে চিনি তাৰ ভালমন্দ কোন॥ সাধুক জানিয়৷ সাধু কৰ্ম্মক কৰন্তে। বীৰক জানিয়৷ মহাভয় উপগতে। ২০৮০৫ অগ্নিত দহিলে জানি স্থৱৰ্ণৰ কায়। আচাৰত জানিয়৷ কুলৰ অভিপ্ৰায়। দুখিত কালত জানি পণ্ডিতৰ জ্ঞান। আপদত জানি শত্ৰুমিত্ৰৰ প্ৰমাণ | 2086 ধনত জানিয়া পুৰুষৰ যেন চিত। ব্ৰাহ্মণসেৱাত পূৰ্ণ মনৰ বাঞ্ছিত। আকে জাৰ্নি ব্ৰাহ্মণ পূজিবে প্ৰতিনিত॥ ২০৭৯৮ | নাৰী শুদ্ধ পাৰে যদি যৌৱন ৰাখিত॥ মহাশান্ত নৃপতি পৰম বুদ্ধিমত্ত। সভা নুবুলিবা বৃদ্ধগণ নাহি যাত। চাৰ চকু দেখিবেক সকলে জগত॥ সিয়ে৷ বৃদ্ধ নোহে ধৰ্ম্ম নোবোলে সাক্ষাত। 199