পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টাদশ পৰ্ব অসমীয়া মহাভাৰত চৰণ বিনাট পল্প জয় জয় দৈৱকীনন্দন দামোদৰ। ভকত বৎসল নমো সৰ্ব্ববিঘ্নিহৰ॥ কৃষ্ণৰ চৰণে কৰো সহস্ৰ প্ৰণতি। হৃদয়ত থাকি মোক দিয়োক হুমতি॥ ১৮৭৭১ উত্তম জনক মই কৰে৷ নমস্কাৰ। অল্পমতি দেখি দোষ ক্ষমিবা আমাৰ গৰুড়ৰ পখা সম যদ্যপিতো নাই। পথা অনুৰূপে পক্ষী তেৱে কি নুৰয়॥ ১৮৭৭২

পাত্তৱৰ অজ্ঞাতবাসৰ আলোচনা ধৌম্য পুৰোহিত আৰো ৰাজা যুধিষ্ঠিৰ। দ্ৰুপদৰ নন্দিনী কনিষ্ঠ চাৰি বীৰ। এহি সাতজনে গুপ্ত সমাজ পাতিল। চাৰি ভাইক সম্বোধিয়া নৃপতি বুলিল॥ ১৮৭৭৩ দ্বাদশ বৎসৰ থাকি বঞ্চিলো নিৰ্জ্জনে। চিনিবে নপাৰে কেহো হেন জানা মনে। সেব্য সেৱকৰ ধনুৰ্ব্বাণ ঋষিগণে। অৰণ্যতো নেৰিলে বান্ধৱ নাৰায়ণে৷ ১৮৭৭৪ সুখে দুখে দ্বাদশ বৎসৰ বহি গৈল। অজ্ঞাত বৎসৰ ত্ৰয়োদশ আসি ভৈল॥ কোন ৰাজ্যে বঞ্চিবো যাইবোছে! কোন ঠাই। কোন কৰ্ম্ম কৰিবে৷ আমৰা পাঞ্চ ভাই॥ ১৮৭৭৫ । আমাৰ একক যদি চিনে এক জনে। দ্বাদশ বৎসৰ থাকিবাক লাগে বনে॥ হেনয় শঙ্কট আছে বৎসৰ মাসত। থাকিবাক লাগে আন ৰাজাৰ ৰাজ্যত॥ ১৮৭৭৬ কূট কপটৰ গুৰু অন্ধকৰ লুত। ৰাজ্যে ৰাজ্যে গুপ্তচৰ পঠাইছে বহুত॥ তাহান চৰিয়া যেন নিচিনে আমাক। আলটি যুগুত কৰ্ম্ম লাগে কৰিবাক। ১৮৭৭৭ কহিয়ো অৰ্জ্জুন ফুৰি আছা বহু দেশ। কোৰ নৃপতিৰ ৰাজ্য সম্পূৰ্ণ সুযেশ ৰ