পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>8.8 ধৃতৰাষ্ট্ৰ পিতা মোৰ গান্ধাৰিণী আই। পিতামহ ভীষ্ম জোণ বিদুৰ খুড়াই॥ ২০৭১৫ আনো জ্ঞাতিগণে ৰঙ্গ কৰিবে বিস্তৰ। দুৰাচাৰ পাপী কৰ্ণ শকুনিত পৰ॥ তোমাৰ প্ৰসাদে প্ৰভু সিদ্ধি মনোৰথ। সবে বন্ধুবান্ধৱক দেখিবে| সমস্ত॥ ২০৭১৬ বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ। এহি বুলি যুধিষ্ঠিৰে কৌতুক বিস্তৰ॥ আনন্দৰ সীমা নাহি-প্ৰসন্ন বদন। মাধৱৰ মুখক চাহন্ত ঘনে ঘন। ২০৭১৭ শুনি হৰি অল্প কৰি মাতিলস্ত পাচে। চৌপাশে আৱৰি ৰাজাগণে শুনি আছে। শুনা দদ| যুধিষ্ঠিৰ কহে৷ মই পাৰ। মহাভাৰত তিনিবিধ প্ৰাণী জান৷ সকলে সংসাৰ। ২০৭১৮ সত্ত্ব ৰজঃ তমঃ প্ৰকৃতিৰ তিনি গুণে। তিনি গুণে সবাহাৰ মতি ভিন্নে ভিন্নে॥ তমো গুণে জগতকে দেখৈ বৈৰভাৱ। ৰজো গুণে মহাদৰ্প দাম্ভিক স্বভাৱ। ২০৭১৯ সত্ত্ব গুণে শুদ্ধ আতি পৰিত্ৰ পৰম। তিনিয়ো জগত সিটো দেখৈ মিত্ৰ সম || এতেকতে দদ| তুমি সাত্ত্বিক স্বভাৱ৷ কৌৰৱক দেখা তুমি সুহৃদ বান্ধৱ॥ ২০৭২০ তমো গুণে উপঞ্জিল ৰাজা দুৰ্য্যোধনে। তিনিয়ো জগত ভাল নমানয় মনে॥ আপুনাৰ মতি যেন উপমাক লই। জগতকে শত্ৰু মিত্ৰ তেনয় দেখয়॥ ২০৭২১ আৰো বাৰ্ত্ত৷ কহো দদ। শুনা সাবধানে। যিদিনাত যাত্ৰ৷ দিয়া পঠাইলা আপুনে। সিদিনাত পাইলো বৃকস্থল নামে গ্ৰাম। তাতে ৰহি সিদিনাত কৰিলো বিশ্ৰাম॥ ২০৭২২ প্ৰভাততে গৈলো কুৰু-নৃপতিৰ পুৰী। হস্তিনাপুৰক তব আজ্ঞ৷ শিৰে ধৰি ভীষ্ম আদি কৰি কুদ্ধ নিৰন্তৰ। আগবাঢ়ি নিয়া মোক কৰিলা সাদৰ॥ ২০৭২৩ সিদিনা ৰহিলো মই বিদুৰৰ ঘৰে। কুম্ভী পেসী সহিতে কথায়ে উজাগৰে॥ কুন্তী পেসী তোমাক আমাৰ স্নেহ ভাৱে। মহাদুখে আছিস্ত দণ্ডেকে যুগ যাৱে॥ ২০৭২৪ হেন দেখি মোৰ মনে ভৈল মহাভীত। প্ৰভাততে উঠি মই বিদুৰে সহিত॥ দুন্দুভি বজাৱে কৌৰৱৰ সভা ছানি। কাহালি মহৰি ভেৰী নানা ৰোল শুনি॥ '২৫ কৃতবৰ্ম্মা সাত্যকিক দুইক লগে লই। প্ৰভাততে সভা মাজে প্ৰবেশিল গই॥ শুনি ধৃতৰাষ্ট্ৰ ৰাজা কৰিলন্ত মান। উচ্চ সিংহাসন দিল৷ বসিবাৰ থান॥ ২০৭২৬ সি বেলাত তব যত আজ্ঞা নিৰন্তৰ। সকলে কহিলো কুৰু সভাৰ ভিতৰ শুনি মহাভয় ভৈল কুৰুবৃদ্ধগণ। ধৃতৰাষ্ট্ৰ নৃপতিৰ ৰাজ্য দিবে মন। ২০৭২৭ গান্ধাৰীৰে৷ ৰঙ্গ দেখি আছে সামৰাজে। একে পাপী দুৰ্য্যোধন নৃপতিত বাজে। দেখি সপ্ত ঋষিগণে বুলিলস্ত তাক। ভীষ্মে বুলিলও তান মুশুনিলে হাক৷ ২০৭২৮ দ্ৰোণে বুলিলস্ত আৰে৷ বিহুৰে বুলিল। তাসম্বাৰ বাক্য শুনি অধিকে জ্বলিল॥ পাচে দুৰ্য্যোধনে কৰিলেক অঙ্গীকাৰ। সভামাজে আমাক গৰ্জ্জিলে বাৰম্বাৰ। ২০৭২৯ সূচি-অগ্ৰে যত ভূমি পাৰি ভেদিবাক। সিয়ো মানে ৰাজ্য দদা নেদয় তোমাক॥ হেন জানি দদা তুমি আমাৰ বচনে। সত্বৰে মিলায়ে৷ পৃথিৱীৰ ৰাজাগণে॥ ২০৭৩০ মহাঘোৰ ৰণে সমৰক কৰা সাৰ। কৌৰৱক মাৰি ৰাজ্য লৈয়ো আপুনাৰ॥ আপুনাৰ ৰাজ্য লৈয়ো শত্ৰুক সংহৰি। অৱশ্যে কৰিবে লাগে অন্য পৰিহৰি।২.৭৩১ কহে ৰাম সৰস্বতী এৰি আন কাম। নিৰন্তৰে নৰে ডাকি বোল৷ ৰাম ৰাম॥ ২.৭৩২ 120402