পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যিটো মোৰ প্ৰিয় ভাই বাসৱৰ সুত। যাৰ বল দেখি হৰে পূজিলা বহুত॥ ২০৬৯৮ গাভীৱ টঙ্কাৰ মেঘ গৰ্জ্জনৰ সম। উদ্যোগ পৰ্ব্ব হেন ধনঞ্জয়ক প্ৰশংসে ফুগণ॥ মত্ত গঞ্জ সম বলৱন্ত কোদৰ। বলে পৰাক্ৰমে যেন যম সমসৰ॥ ২০৬৯৯ যাক ভয় সতত নছাড়ে দুৰ্য্যোধন। হেন ভীমসেনক স্মৰন্ত কুৰুগণ॥ মাদ্ৰীৰ তনয় সহদেৱ মহাবল। কলিঙ্গ দেশক যিটো জিনিলে একল॥ ২০৭ সুৱলিত সহদেৱ যাহাৰ বচন। বৃদ্ধগণে সাদৰ কৰম্ভ অনুক্ষণ॥ ত্ৰিশূল সদৃশ যাৰ একৈ একৈ শৰ। দাৰুণ যুদ্ধত ধনঞ্জয় পটন্তৰ॥ ২০৭০১ যাৰ স্নেহ সততে নছাড়ে মোৰ মনে। হেন নকুলক কি স্মৰম্ভ কুৰুগণে॥ ধৃতৰাষ্ট্ৰ পিতা মোৰ গান্ধাৰিণী আই। পিতামহ ভীষ্ম দ্ৰোণ বিছুৰ খুড়াই॥ ২০৭০২ পৰোক্ষত এহি চাৰি মোক কি বুলিল। কিবা দুৰ্য্যোধন কিবা মোক প্ৰশংসিল॥ যাক স্মৰি মনৰ মুগুচে দুখ শোক। কুন্তী মাৱে কি বুলিল৷ তাকে৷ কহিয়ে সুচৰিতা বোহাৰী যে দ্ৰৌপদীক পাই। দণ্ডেক নেদেখি যাৰ দিবস নযায়। এৱে কেনে তেহ্ৰয় যৎসৰ পৰিহৰি। কি কৰন্ত কুন্তী আই কহিয়োক হৰি॥ ২০০৪ শিশু নকুলক দেখি পৰম বিনীত। কোলে কৰি যাক কুন্তী মাৱে প্ৰতিনিত। নিতে ৰোষ কৰম্ভ কাতৰ কৰি কায়। নকুলক নেদেখিলে দণ্ডে যুগ যায়॥ ২০৭০৫ ৰাত্ৰি দিনে সৰ্ববদাৰ নুগুচে মনৰ। চাৰিতো কৰিয়৷ নকুলক দায়া বৰ এৱে নকুলঞ্চ এৰি তেয় বৎসৰ। কি কৰম্ভ খাই কহিয়োক দামোদৰ। ২০৭০৬ 1800 পাণ্ডৱক অৰ্দ্ধৰাজ্য খুজিবাক প্ৰতি। কৌৰৱক পাশে তুমি গৈল| যন্ত্ৰপতি। সি কাৰ্য্য সিব্জিল প্ৰভু তোমাৰ প্ৰসাদ। কৌৰৱে কি আমাক দিলেক ৰাজ্য আদ॥ ' সিটো দুৰ্য্যোধনৰ মনত অদভুত। মোক ৰাজ্য নেদিবাক প্ৰতিজ্ঞা বহুত॥ গুৰু পুৰোহিতৰ আগত বাৰম্বাৰ। মোক ৰাজ্য নেদিবাৰ প্ৰতিজ্ঞা তাহাৰ॥ ২০৭০৮ সঞ্জয়ৰ আগত কৰিছ। এহিখানি। কৰ্ণ ভৰি আপুনি শুনিছা চক্ৰপাণি॥ দুৰাচাৰ পাপিষ্ঠ দুৰ্ম্মতি দুৰ্য্যোধন। সি কি ৰাজ্য দিলে প্ৰভু তোমাৰ বচন॥ '৭০৯ যত যত হিংসা কৰি আছে দুৰাচাৰ। হুমৰি হুমৰি মনে বিষাদ আমাৰ সভ৷ মাজে দ্ৰৌপদীৰ যতেক নিকাৰ। আপুনি সকলে জান৷ কি কহিবো আৰ। '১০ অশ্ব-মহিষৰ যেন অহি-যূষকৰ। বৈৰভাৱ কৌৰৱে নেৰয় পাণ্ডৱৰ আজি কিবা তোমাৰ বচনে জনাৰ্দ্দন। বৈৰভাৱ এৰিলেক বাজা দুৰ্য্যোধন॥ ২০৭১১ আমাৰ গৌৰৱে দুৰ্য্যোধন নৰপতি। কিবা মোক ॥ ’৭.৩। গবাঢ়ি নিবেক সম্প্ৰতি॥ ! এৱে কিবা ৰঙ্গমনে ৰাজা দুৰ্য্যোধন। সভাযাঙ্গে উঠি কৰিবেক আলিঙ্গন | ২০৭১২ বিৰোধ এৰিয়া মোক নমস্কাৰ কৰি। জ্যেষ্ঠ ভাই বুলি মোক আদৰিবা ধৰি॥ আমাৰ বচন কিবা নেৰয় মনত। সবান্ধৱে বসিয়৷ যে কহয় সতত॥ ২০৭১৩ তোমাৰ প্ৰসাদে হয়ে৷ ঘৰে একে ঠাই। ইটো তযু উপকাৰ হুজন নযায়। কৌৰৱ পাণ্ডৱ পঞ্চাধিক ভাই শত। একেলগে সবেয়ো বসিবো আসনত॥ ২০৭১৪ নানাবিধ উপহাস্য কৌতূহল বসে। দেখি ৰঙ্গ কৰিবন্ত ভীষ্ম পিতাছে।