পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত sett অৰ্থক অনৰ্থ হেতু দেখি বিদ্যমান। স্থৱৰ্ণ মৃত্তিকা দুইকো দেখয় সমান। ২০৪৪৯ এক সন্ধ্যা ভোজনত যিবা খানি লাগে। তাত পৰে ভোজন নকৰা অনুৰাগে॥ অসন্তোষ গৃহক দেখিয়া মায়াময়। আকে জানি মনত এৰিলে মহাশয়॥ ২০৪৫° বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়। কুন্তীক হুমৰি পাচে দেৱ কৃপাময়। যত দুখ কৌৰৱে দিলেক বিপৰীত। হুমনিশ্বাসক কাঢ়ি বিছুৰে সহিত॥ ২০৪৫১ মহাদুখে খেদ কৰে ভকতক স্মৰি। কুম্ভীৰ ভৱনে প্ৰবেশিলা দেৱহৰি। দেখস্ত শোকত কুন্তী বিকল স্বভাৱ। জানুশিৰে কৃষ্ণে নমিলন্ত দুই পাৱ॥ ২০৪৫২ কুম্ভীৰ পৰম স্নেহ মাধৱক পাই। গলে বান্ধি কান্দন্ত লোতক বহি যায়। বাৰ্তা পুছিলন্ত পাচে মাধৱৰ আগে। মহাস্নেহে গোসানী পুত্ৰক অনুৰাগে। ২০৪৫৩ অন্যো অন্যে স্নেহে যেন সবে একেকাল্পা। কাকো কেৱে নেৰে যেন দৰ্পণৰ ছায়া। জনপদে থাকি ৰাজ্য ভুঞ্জিবে যুৱাই। নিৰ্জন অৰণ্যে গৈল বনবাসী পায়। ২০৪৫৪ সৰ্ব্বকালে বেঢ়ি বেঢ়ি ঘোটক সকলে। হস্তীগণে চিহ্নয় পৰম আন্দোলে। নটে ভাটে বেঢ়ি বেঢ়ি কৰে নানা স্তুতি। এতেক প্ৰকাৰে যাৰ নিদ্ৰ৷ বিমুকুতি॥ ২০৪৫৫ আৱে ঘনে ঘনে ঘোৰ শৃগালৰ ৰাৱে। সিংহ বাঘে বেঢ়ি বেঢ়ি তোমাক জগাৱে। জম্বুনদ সদৃশ যাহাৰ দেহা জ্বলে। হেন যুধিষ্ঠিৰ বাপু আছন্ত কুশলে॥ ২০৪৫৬ নহুষ যযাতি পৃথু সগৰ দিলিপ। মান্ধাত৷ ভৰত আদি অসংখ্যাত নৃপ॥ এতদ্বাৰ ভাৰক একলে আছা ধৰি। প্ৰাণ পৰিশ্ৰমে যিটো অন্যায় নকৰি॥ ২০৪৫৭ নাহি শত্ৰু মিত্ৰ সব গুণাকাৰ সম্ভ। হেন যুধিষ্ঠিৰ বাপু কুশলে আছস্ত॥ মধ্যম তনয় মোৰ পৰম প্ৰৱল। ময়মত্ত হস্তী দশ হাজাৰৰ বল। ২০৪৫৮ কীচকক মাৰিলেক গন্ধৰ্বৰ ছলে। সিয়ো পাপী দ্ৰৌপদীক জঙ্কাইলে নিষ্ফলে॥ সৰ্ববদায়ে ক্ৰোধী আতি বিপৰীত ৰোহ। কোন সুখে থাকিবে ভীমৰ কৰি দ্ৰোহ॥ '৫৯ ক্ৰোধে যম সম হুতাশন সম বলে। হেন বৃকোদৰ বাপু আছন্ত কুশলে॥ সহস্ৰাৰ্জ্জুনৰ সম তনয় অৰ্জুন। জুয়ে৷ একে সম অতিৰথ নিদাৰণ॥ ২০৪৬০ হাজাৰ বাহুয়ে প্ৰহাৰয় যত মান। ধনঞ্জয় দুই বাহু তাহাৰ সমান॥ হেন অৰ্জ্জুনৰ বাপু কহিয়ো কল্যাণ। কৈসানি কৰিবা আসি শত্ৰুক মৰ্দ্দন॥ ২০৪৬১ কৌৰৱক কোপমনে পাণ্ডৱ সকল। অদ্যাপিয়ো আশা কৰে যাৰ বাহুবল॥ তুমি যাৰ বান্ধৱ পৰম প্ৰিয় সখি। আপুনি অধীন ভৈলা যাৰ ভক্তি দেখি॥ ২০৪৬২ বলৱন্ত যুৱৰাজ ৰিপুসংহাৰক। গৰু লই আসন্তে যি বেলা কৌৰৱক॥ একেশ্বৰ কৌৰৱ সৱক ৰণে জিনি। বজ্ৰমানে কাঢ়ি লৈলা নকাটিলা বিশি৷ ২০৪৬৩ যাৰ যশ প্ৰচণ্ড আদিত্য সম জ্বলে। হেন ধনঞ্জয় বাপু আছস্ত কুশলে | গুণাকৰ পৰম স্থবিজ্ঞ মহাবলে। যাৰ সম ৰূপ নাহি ধৰণীমণ্ডলে॥ ২০৪৬৪ তোমাত ভকতি যিটো তিলেক নেৰয়। হেন সহদেব বাপু কুশলে আছয়!! সুৱলিত শিশু মোৰ হুকোমল কাৰা। চাৰিতো অধিক আতি নকুলক দায়া॥ এক দণ্ডে যুগ যায় নেদেখিয়া যাক। চৈধয় বৎসৰ নতু পাও দেখিবাক॥ ২০৪৬৫