পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিছৰৰ শয্যাত ৰুকৰ শয়ন

উদ্যোগ পৰ্ব্ব বৈশম্পায়ন বদতি শুনিয়ে! নবেম্বৰ। ধৃতৰাষ্ট্ৰে মাধৱক পুজিলা বিস্তৰ হস্তী ঘোঁৰ৷ ধন ৰত্ন দিলেক আপাৰ। উছগিল৷ দাস দাসী হাজাৰে হাজাৰ॥ ২০838 নিজ দাসী বাছি বাছি ৰূপেগুণে ধন্যা। উছৰ্গি কৃষ্ণক দিল৷ অযুতেক কন্যা॥ সুৱৰ্ণ ৰজত ভাল শৰীৰক মণ্ডি। ধৃতৰাষ্ট্ৰে বোলে মোৰ দোষ যাউক খণ্ডি॥ ৩৫ গৃহমধ্যে সাৰ আতি যাক সম নাই। দুঃশাসন গৃহত বহিব৷ যদুৰায়॥ দুৰ্য্যোধনে মাতয় কৃষ্ণৰ হাতে ধৰি। দুৰ্গম পথত প্ৰভু আছাহা ভাগৰি। ২০৪৩৬ আজি জ্ঞাতিগণৰ সবাৰে হেন মন। তুমি সমে ৰঙ্গমনে কৰিবে৷ ভোজন॥ উঠিয়ো ডাৰুক উঠা সাত্যকি লগত। মুঠ৷ যদি কৃষ্ণ তেৱে মোহোৰ শপত। ২০৪৩৭ হেন শুনি কৃষ্ণে তাক দিলন্ত উত্তৰ। তযু গৃহে অম্ল ভূঞ্জিবাক লাগে ডৰ॥ যি কাৰ্য্যে আসিছে৷ যদি সিঞ্জে সিটো কাজ। তেৱে অন্ন ভুঞ্জিলে কিঞ্চিতো নাই লাজ॥ ৩ যদ্যপি কুটুম্ব সম্বন্ধত মুহি ভিন্ন। তথাপিতো দূত আমি পৰৰ অধীন॥ তযু গৃহে ভোজন কৰিলে মহাবীৰ। শুনি ক্ৰোধ কৰিবন্ত ৰাজা মুধিষ্ঠিৰ॥ ২০৪৩৯ আকে জানি নগৰ বাজত দিয়া ঠাই। তযু গৃহে অন্ন ভুঞ্জিবাক মুঘুৱাই কন্যাগণ দিলা যত বিবিধ সম্ভাৰ। দূতৰ শুনিছা কৈত হেন ব্যৱহাৰ॥ ২০৪৪০ দূতৰ বিহিত যত ধৰ্ম্মা শাস্ত্ৰ লই। থাকে৷ আমি নগৰৰ বাহিৰত গই॥ কপটীক কপট কৰিলা দেৱহৰি। উঠি গৈলা পাচে বিছুৰৰ হাতে ধৰি॥ ২০৪৪১ সাধুৰ মধ্যত বিহুৰক অগ্ৰ কৰি। যাহাৰ গৃহৰ কীৰ্তি অ্যপিও স্মৰি॥ এনয় গৃহত ৰহিলন্ত যে শ্ৰীহৰি। চাৰিও কান্বিত কেঞ্চ, কুমতিৰ পুৰি। ২০৪৪২ দেখি ঘিণে ভৰি দুৱাৰত পোত যায়। হাসন্ত সাত্যকি দাৰুকৰ মুখ চাই॥ অভ্যন্তৰ মানে তাৰ ভখুৰিয়া গৈল। চাৰিয়ে৷ কাখৰে যেঙ্গচতা বাসা লৈল। ২০৪৪৩ বসিবাৰ আসন আছয় একখানি। বিছুৰৰ চাঙ্গত বসিলা চক্ৰপাণি বিছুৰে কিমতে আস্ত গুতি সুখ পায়। এহি বুলি শয়ন কৰিলা যদুৰায়॥ ২০৪৪৪ শয়ন কৰিল৷ ভকতৰ মন ৰমি। অৰ্দ্ধেক চৰণ প্ৰভু পৰিল ওলমি॥ আপুনি বিহুৰে পাচে গুণি মনে মনে। কাত ভিক্ষা কৰিবে৷ দিবে কোন জনে॥ ২০৪৪৫ অম্ৰাৱতী সম কুণ্নপতিৰ পুৰি। মোক স্নেহে তাহাত নৰৈলা দেৱহৰি॥ সৰ্ব্বশূন্য গৃহগোট আছে বিছুৰৰ। তেখনে ভৈলেক আসি সম্ভাৰ প্ৰচুৰ॥ ২০৪৪৬ দধি মধু ষড়স তণ্ডুল বিশেষ। অনন্তৰে ভোজন কৰিল৷ হৃষীকেশ॥ জন্মিজয় বদতি শুনিয়ে দ্বিজবৰ। অদভুত কথাক শুনিলো বিছুৰৰ॥ ২০৪৪৭ ধৃতৰাষ্ট্ৰ ৰাজাৰ পৰম প্ৰিয় হিত। কুক্কুল মধ্যে কিয় বিছুৰ দুখিত॥ ইটে৷ অদভুত কথা আমি নতু শুনি। কহিয়োক লক্ষ্মীপতি থাকে কিবা শুণি॥২০৪৪৮ শ্ৰীকৃষ্ণৰ কুম্ভীৰ ওচৰত উপস্থিত আৰু পাণ্ডৱৰ বাওঁ৷ ধান 306-9 বৈশম্পায়ন বদতি শুনিয়ে! জন্মেজৰ। মহাজ্ঞানী বিছুৰ সকলে গুণাশ্ৰয়।