পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Sobo সিবেলা শোভন সুশোভিত ভৈল পথ। চলি যাস্ত মাধৱ দাৰুকে ডাকে বথ। ২০৩৩০ স্থপথ গমনে শ্ৰান্ত নাহিকে ভাগৰ। মধ্যাহ্নবেলাত নিবৰ্ত্তিল৷ দিবাকৰ॥ যথা যথা চলন্ত মাধৱ জনাৰ্দ্দন। তথা তথা নগৰনিবাসী কন্যাগণ॥ ২০৩৩১ ভাই-বেটা-স্বামীকে লগত লৈয়া সাজে। উপায়ন বস্তু লৈলা মুখ ঢাকি লাজে॥ ব্ৰাহ্মণৰ বেদপাঠ তুলত ব্ৰাহ্মণী। উপায়ন বস্তুক যোগাত্ত ভিনে তিনি। 20৩৩২ এহিমতে পথত চলন্ত হৃষীকেশ। এৰাইলন্ত বহু মৎস্যনৃপতিৰ দেশ। এৰাইলন্ত নদী নদ গ্ৰাম বহুতৰ। পাচে পশিলন্ত হৰি ৰাজ্য কৌৰৱৰ॥ ২০৩৩৩ মহাভাৰত দুয়োফালে কুসুম মঞ্জিত ৰাজআলি। ফলে ফুলে শোভন পৰিছে হালি হালি॥ নাগেশ্বৰ বকুল কদম্ব শাল তাল। তাৰ মাজে মাজে গৃহচয় ভাল ভাল॥ ২০৩৩৪ পানীশালা অন্নশালা আছে ভাল ভাল। পন্থশ্ৰমী যত লোক ৰহয় সকল॥ তাক ছাড়ি কতোক্ষণে যাস্ত হৃষীকেশ। বৃকস্থল নামে গ্ৰামে ভৈলন্ত প্ৰবেশ। ২০৩৩৫ পাণ্ডৱৰ প্ৰিয় ৰাজ্য সুশোভন স্থলি। ছলে দুৰ্য্যোধনে কাঢ়ি লৈলে পাশা খেলি॥ তাৰ যত নৰনাৰী সকলে মহন্ত। পণ্ডিৱৰ কুশলক সততে বাঞ্ছস্ত॥ ২০৩৩৬ বৃকস্থল নামে গ্ৰাম নাহি পটন্তৰ। সেহিদিনা তথাতে ৰহিলা দামোদৰ। মাধৱক দেখিয়া যতেক নৰনাৰী। সপুত্ৰবান্ধৱে চলিলন্ত শাৰী শাৰী॥ ২০৩৩৭ দণ্ডৱতে কৃষ্ণক নমিলা সামৰাজে। কৰযোৰ কৰি বোলে শুনা যদুৰাজে॥ পাণ্ডৱৰ সুহৃদ তোমাত পৰে নাই। আজি ৰহিয়োক খানিতেক থাকো চাই৷ ২০৩৩৮ জগতনায়ক তুমি ব্ৰহ্মাদিৰো দেৱ। জানি শুনি তোমাক পাগুৱে কৰে সেৱ॥ তুমি পাণ্ডৱক স্নেহ কৰা অবিশ্ৰান্ত। তথাপি পাওৱে এতমান দুখ পাস্ত॥ ২০৩৩৯ আৰ এক কথা কহো শুনা যন্ত্ৰপতি। পাণ্ডৱৰ পক্ষ হন্তে আমাৰ বিপত্তি! নিশাভাগে চৰ ফুৰে দুষ্ট কৌৰৱৰ। পাণ্ডৱক প্ৰশংসা কৰয় কোন নৰ॥ ২০৩৪ আম নগৰত থাকি অলক্ষিত হুই। অকস্মাত কোনো জনে পাণ্ডৱ বোলয় | তেৱে তাৰ পলাইলেয়ো নাহিকে নিস্তাৰ। পোতাশালে বন্দী কৰি ভুঞ্জাৱে নিকাৰ॥ ২০৩৪১ কৌৰৱৰ বিপত্তিক নযায় সহন। তোমাৰ চৰণে প্ৰভু পশিলো শৰণ॥ এহি বুলি নৰনাৰীগণ নিৰন্তৰ। মাধৱক ৰহিবাৰ দিলে বাসাঘৰ | ২০৩৪২ মহস্ত ভকত যত উপাসিয়া ৰৈল। কতোলোকে কৌৰৱত জনাইবাক গৈল॥ নিঃশঙ্ক নিৰ্ভয় সুশিক্ষিত দূত দুই। ধৃতৰাষ্ট্ৰ ৰাজাত জনাইলে আগ হুই॥ ২০৩৪৩ দূতলোকে বোলে শুনিয়োক নৰেশ্বৰ। বৃকস্থলে আসি ৰহিছন্ত দামোদৰ। পাণ্ডৱে পঠাইলা তাসম্বাৰ দূত হুই। তযু আগে আসিব সাত্যকি সমে দুই॥ ২০৩৪৪ কালি কৃষ্ণ আসিব কহিলো সাৰেসাৰ। যেন লাগে আলোচ কৰিয়ো আপুনাৰ॥ ধৃতৰাষ্ট্ৰে শুনিলন্ত আসিৱন্ত হৰি। অধোমুখে নৃপতি ৰহিলা মৌন ধৰি॥ ২০৩৪৫ আসিৱন্ত কৃষ্ণ পাণ্ডৱৰ দূত হুই। অৰ্দ্ধৰাজ্য খুজিলে নেদিলে ভাল মুই॥ পুত্ৰৰ কাৰণে ৰাজ্যে নপাৰে| দিবাক। কৰ্ণ-দুঃশাসন শকুনিয়ে দেই হাক"। ২০৩৪৬ ৰাজ্য দিবে প্ৰতি আৰে৷ মোৰো ইচ্ছা নাই। কোনে পাণ্ডৱক ৰাজ্য দিবে চক্ষু খাই।