পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্যোগ পৰ্ব্ব পাণ্ডৱৰ মাতা যে মাধৱ তযু পেসী। অনাথিতি কৰি আমি ভৈলোছো বিদেশী॥ ১৪ এক দণ্ডে যুগ যায় আমাক স্মৰস্তে। নজানো মৰিল কিবা আছয় জীৱন্তে॥ বনবাসে আসে৷ দুখ অপমান পাই। সিবেলাতে৷ লগতে আসয় কুন্তী আই। ২০৩১৫ পাচে পাচে আসন্ত পাৰন্তে দীৰ্ঘ গেৰি। তেৱে আমি তথাতে লুকাইলে৷ আইক এৰি উলটিয়া গৈল পুণ্ডু নগৰক লাগি। বিদুৰে পোষন্ত এৱে শাক অন্ন মাগি॥ ২০৩১৬ স্বভাৱে ভিক্ষুক দুখী বিদুৰ খুৰাই। ভিক্ষুকৰ অতিথি দুখুনী কুন্তী আই | মাতৃক স্মৰম্ভে মোৰ প্ৰাণখানি দহে। কিমতে বহিবো প্ৰভু চিত্ত থিৰ নোহে। ২০৩১৭ নিতে নিতে কৌৰৱেয়ে৷ দেই অপমান। আমাসাৰ শোকত বিবৰ্ণ মুখ তান॥ তুমি বিনে দুখৰ নাহিকে পৰিত্ৰাণ। মোৰ পদে যাইব৷ কুন্তী জননীৰ থান॥ ২০৩১৮ পাঞ্চোভাইৰ বদলে কুন্তীক নমস্কাৰ। ভিন্নে ভিন্নে মাধৱ কৰিবা পাঞ্চবাৰ॥ তযু সঙ্গে চলি যাউক মত্ত ষাঠি হাথী। বলৱন্ত যোদ্ধা যাউক দশ মহাৰথী॥ ২০৩১৯ আনে৷ অসংখ্যাত চলি যাউক ৰথীচয়। আগে পাচে তোমাক আৱৰি সমস্তয়। পথে ঘাটে পৰাঠক দুৰ্জ্জনক ভয়। বলৱন্ত চলোক হাজাৰ সেনাচয়॥ ২০৩২ শত্ৰুটত তুলি তুলি বিস্তৰ সম্ভাৰ। পদাৰী লগতে সাব্জি চলোক আপাৰ॥ ভোজনৰ সম্ভাৰ লগতে যাউক লই। কৌৰৱত আশে যেন নথাকাহা ৰই। ২০৩২১ দাসদাসী অনেক চুলোক লগ ধৰি। যি কাৰ্য্যত লাগে যেন শীঘ্ৰে দেই কৰি॥ ধনঞ্জয় বদতি গুনিয়ো প্ৰাণদখি। কৌৰৱক বুলিবা আমাৰ কাৰ্য্য লখি। ২০৩২২ ১৩৭৯ চাটু কৰি নুবুলিব৷ বোলে৷ সাবেসাৰ। অৰ্দ্ধৰাজ্য নেদিলে চিন্তিবো মহামাৰ॥ ওৰ কুসুমৰ ধণ ৰুধিৰে লেপিত। মোৰ শৰে কাটিবে৷ পৰিবে পৃথিৱীত॥ ২০৩২৩ ভীমৰ ক্ৰোধ আৰু শ্ৰীকৃষ্ণৰ ধৃতৰাষ্ট্ৰৰ সমীপলৈ যাত্ৰা বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ। অৰ্জ্জুনৰ বাক্যে ক্ৰোধ উঠিল ভীমৰ। দ্বাদশ হাজাৰ মত্ত গজৰ প্ৰৱল। ডাঙ্গৰ শৰীৰ যেন পৰ্ব্বত সচল॥ ২০৩২৪ বায়ুৰ তনয় ভীমসেন মহাযোধ। অৰ্জ্জুনৰ বাক্যে কৌৰৱৰ বৰ ক্ৰোধ॥ ক্ৰোধ-সত্য-বেগ-মত্ত বচন নোলাই। আৰ্ত্তনাদ কৰিলন্ত মাধৱক চাই॥ ২০৩২৫ ভীমৰ আটাস বজ্ৰসন্ধানতো টান। দুয়োহাতে মাধৱে ঢাকিল৷ দুয়োকাণ॥ সিবেলাত তথাতে যতেক ৰাজাগণ। পৃথিৱীত পৰি সধে ভৈল অচেতন॥ ২০৩২৬ দাৰুকৈয়ো পৰিলন্ত হামুকুৰি খাই। সাত্যকিয়ো পৰিলাহা শ্ৰুতি-বুদ্ধি নাই॥ ৰথগতি মন্দ ভৈল নাহি কিছু যোৰ। জুল্টি খাই পৰিল ৰথৰ চাৰি ঘোৰ। ২০৩২৭ কৌৰৱক কোপে ভীম আৰকত বৰ্ণ। কতোবেলি শ্ৰুতি লভিলেক ৰাজাগণ॥ বচনে ভীমক কৃষ্ণে পূজিলা বহুত। তুমি বীৰশ্ৰেষ্ঠ কৌৰৱৰ যতদূত। ২০৩২৮ যুধিষ্ঠিৰে লগত পঠাইলা যতমানে। মাধৱৰ লাগ লৈল৷ জ্বৰিত গমনে॥ আথবঢ়াই কৃষ্ণক বিচিত্ৰ গ্ৰম পাই। তৈৰেপৰা উলটি আদিলা পাঞ্চোভাই॥ ২০৩২৯ লগত আসিলা ফিৰি নৃপতিসঞ্চল। শঙ্খ শিঙ্গা ৰাৱত মেদিনী টলৰল।