পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আশ্রমিক পৰ্ব্ব স্নানক কৰাই পাচে কৰন্ত ভোজন। যুধিষ্ঠিৰে নজানস্ত হেন সম্ভাষণ ॥ কেহোবেল৷ ধৃতৰাষ্ট্ৰ শোকত উম্মত। খাটক এবিয়া পৰি থাকয় ভূমিত ॥ ১২৯ ৰবিব উদয় জানি উদান ভাৱত । মৃতক স্বৰূপে পৰি থাকন্ত ভূমিত ॥ বিছুৰ সঞ্জয় আসি ডাকিয়া বোলয়। উঠিয়োক মহাৰাজ হেলা নুধুৱাই ৷৷ ১৩০ কৃপাচার্য্য বেদব্যাস আনো পাত্র যত । সবহি মিলিল আসি তোমাৰ সভাত ॥ পাচে আথে বেধে উঠি চলয় সভাত । নাহি কচে অল্পপান শোকে দগ্ধচিত। ১৩১ সেহিবেলা যুধিষ্ঠিৰ ধৰ্ম্মৰ নন্দন। যদি আসি কৰে তাঙ্ক চৰণ বন্দন ॥ শোক দুখ সমস্তকে হুই বিস্মৰণ। সন্তোষে কৰম্ভ পুণ্ডু স্নান অন্নপান ৷৷ ১৩২ কতোবেলা বিষুষ্ঠিত শোকে দগ্ধ হই । সান্ত্বনা দিয়ন্ত ব্যাসে নানা কথা কই ॥ কতোব৷ গান্ধাৰী বোলে আমাৰেসে দোষ । পাণ্ডৱৰ অমঙ্গল চিন্তা কৰা কিস ॥ ১৩৩ শৰীৰৰ হস্তে প্রাণ নযায় যারত। ৰোগ শোক চিন্ত৷ দুখ ভুঞ্জিবে! তারত ॥ তোমাৰ আমাৰ কিছু পৰিক্ৰিয়া নাই। হেন জানি নাথ আক সহিবে ঘুৱাই ॥ ১৩৪ হেনয় দারুণ শোক তাপৰ মাজত। যুধিষ্ঠিৰ সেৱ৷ ভক্তি পাই যথোচিত হৰিষ বিষাদে আছে অম্বিকাৰ হুত । পঞ্চদশ বর্ষকাল ভৈলন্ত অতীত ॥ ১৩৫ অনস্তৰে চিন্তা কৰি আত্মাৰ কুশল। বানপ্রস্থ লাগি মন ভৈলন্ত বিহ্বল | এহিযনে গুণি ৰাজ৷ বুলিলা সভাত । কেছে৷ জনে চিন্তা নকৰিব! আমাসাত ৷৷ ১৩৬ শুনা ভাই ক্ষমাশীল বিছৰ হুমতি । পৰম ধাৰ্ম্মিক ভূমি বোধে বৃহস্পতি !! >> জন্মাবধি অন্ধ হুইয়া ভেলা অধাশ্বৰ । শত শত নৃপতি যোগাৱে কৰভাৰ ৷৷ ১৩৭ অমৰাৱতীক জিনি হস্তিনা নগৰ। ঐশ্বৰ্য বৈভৱ যত সীমা নাহি তাব ॥ হুৰপতি সম ৰীৰ পুত্ৰ দুৰ্য্যোধন । ধৰণী ব্যাপিল যাৰ শোৰ্য্য বীৰ্য্য গুণ ॥ ১৩৮ হেন পুত্র অকালতে গৈলা যমঘব। ঐশ্বৰ্য্য সম্পদ সুখ ভৈল৷ চাৰখাৰ ৷৷ ভৈলো বৃদ্ধ মিলে আসি মৰিবাৰ কাল। ভীমৰ দাৰূণ যাক্যে হানে যেন শেল ৷ ১৩৯ শোক চিন্তানলে মোৰ শৰীৰ দহয় । নির্মিলয় নিদ্রা অম্লপানে লুচয় ॥ তথাপি নযায় প্রাণ এতেক দুখত। আনো কিব৷ ভুঞ্জিবোহো আছয় লিখিত। ১৪০ পূৰ্ব্বজন্মে আচৰিলে৷ পাপ অমোচন । ব্ৰহ্মবধ গুৰুৰধ হুৱৰ্ণ হৰণ ৷ কিবা জানে৷ চক্ষু কাঢ়ি দগুলো লোকক । ইসব পাপত আৱে ভৈলোহে৷ অন্ধক। ১৪১ এতেক সম্ভাপে প্রায়শ্চিত্ত মনে মানি। আৰে৷ পূৰ্ব্ব নৃপতিগণৰ কাৰ্য্য গুণি ॥ পূৰ্ব্ব ৰাজাগণ যত ক্ষত্রিয় বংশৰ । চাৰি আশ্ৰমক পালিলন্ত নিৰন্তৰ ৷ ১৪২ অন্ধজন বুলি মোৰ অন্তৰ্গতে ভয়। বনে নানা হিংস্র জন্তু সতত ভ্রময় ॥ কীট পতঙ্গম সর্প অসংখ্য আছয়। যাহাৰ প্ৰহাৰ লোকসবে নসহয় ॥ ১৪৩ ইটো মন্দ চিন্তাত জীৱন ধিক ধিক। জীৱন্তে মৃতক মই জীব৷ লাগে কিক ॥ বনক যাইবাক প্ৰতি ভৈলোহে৷ প্রস্তুত। তিয়াগিলো সব আব্জি ভুঞ্জিলো বহুত ॥ ১৪৪ শুনিয়োক সভাসদ যত মহাভাগ । এতেকে মিলোক মোৰ বানপ্ৰস্থ যোগ ॥ দুৰ্গম বনত গৈয়া নিবাস কৰিবো। কায় মনে কৃষ্ণ ইষ্টদেৱক ভক্তিবো ॥ ১৪৫