পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আামিক পৰ্ব্ব হেনমতে বিলাপম্ভ অঙ্ক নৰপতি । নাহি কচে অন্নপান নাহিকে তৃপিতি মলিন বসন পিন্ধি বসয় ভূমিত। গান্ধাৰী প্ৰবোধে তাঙ্ক বুদ্ধি তান চিত্ত ॥ ৮১ শুদ্ধচিত্ত যুধিষ্ঠিৰ আমাক সেৱয়। ভীমৰ বাক্যত ৰোষ এৰিবে লাগয় ৷ দৈৱৰূপ কৰ্ম্মফল মহন্ত বিনাশ । দৈৱেসে কৰয় জানা ইটো পৰিহাস ॥ ৮২ দৈৱবলে লোকে নান! সুখ দুখ পায় । এতেকতে সমজ্ঞানে সজ্জনে সহয় ॥ বিশেষত যাক যেন কৰে আচৰণ। তাহাৰো মিলয় তেনে স্বৰূপ বচন ॥ ৮৩ ছোৱাল কালৰপৰা তুমি নৃপবৰে । ভীমক দিলাহ। কষ্ট নানা ক্ৰোধ ভৰে ॥ নানামত দুখ পাই বঞ্চিল বনত। ফুৰম্ভ তহিতে নান৷ ঋষি আশ্ৰমত ॥ ৮৪ সিটো দুখে কহে বাক্য তাৰ দোষ নাই । আমাৰেসে কৰ্ম্মফল ভুঞ্জিছো সদায় ॥ এতেকতে প্রাণ প্রভু নকৰিবা শোক। সবাহাকে ত্যজি পৰলোক বঞ্চিয়োক ॥ ৮৫ অঙ্ক বোলে বৃকোদৰ আতি নিকৰুণ । একে একে শত পুত্ৰ কৰিলা নিধন ॥ মনুষ্য হুইয়া কৰিলন্ত ৰক্তপান । অন্যায় যুদ্ধত মাৰিলন্ত দুৰ্য্যোধন ॥ ৮৬ তাঙ্ক পাই স্বভাৱে মোহোৰ দেহা দহে। তাৰ বাক্যবাণ মোৰ পৰাণে নসহে ॥ ভীমৰ বাক্যত মোৰ অধৈৰ্য্য পৰাণ । বিষ ভক্ষিবাক লাগি হই আছে ঘন ॥ ৮৭ কিন্তু আতি সাধুমতি ধৰ্ম্মৰ নন্দন । তাৰ যত গুণ যশ নহয় বর্ণন। তাহাৰ সেৱান্ত জীৱে আমাৰ জীৱন। তাঙ্ক দেখি সবস্থৰ হয় বিস্মৰণ ॥ ৮৮ এহিযতে কতোদিন গান্ধাৰী সহিত। কৰি সদ আলাপন শান্ত কৰে চিত্ত ॥ হেনমতে গান্ধাৰীৰ চিত শান্ত নাই । পুত্রশোকে মহাবহ্নি দুগুণে উধাই ॥ ৮৯ ধৃতৰাষ্ট্ৰ বোলে শুন৷ গান্ধাৰ নন্দিনী। চিত্ত থিৰ কৰিয়োক চাহা মনে গুণি ॥ নীচ জনে নীচ বাক্যে পীড়ে উত্তমক। তাহাৰ উত্তম পদ যানো ধিক ধিক ৷ ৯০ এহিবুলি মৌন হয়৷ ধৰম্ভ ধিয়ান । নাহি ৰুচে অন্নপান পৰ্যকে শয়ন ॥ স্বামীৰ দেখিয়া দুখ মনে সুখ নাই। গান্ধাৰী ৰহিলা পাচে বিদ্রূৰক চাই ॥ ৯১ বিদুৰ আসিয়া বোলে কুৰুকুল স্বামী । শুনিয়োক পৰিচ্ছেদ যিবা কহো আমি ৷ ৰাজ ৰাজেশ্বৰ যুধিষ্ঠিৰ মহা শান্ত। দেৱতো অধিক কৰি তোমাক ভাৱন্ত ॥ ৯২ ভ্রাতৃসবে নিয়োজিল তোমাৰ সেৱাত । আছয় অপৰ আৰো দাস দাসী যত ॥ পিতৃতে৷ অধিক সেৱা কৰে প্ৰতি নিত । নানা ৰত্ন ঐশ্বৰ্য্য যোগাৱে যথোচিত ॥ ৯৩ যত ইচ্ছা দান ভোগ কৰা নিতে নিত। যুধিষ্ঠিৰ সৰ্ব্বক্ষণে তোমাতে প্ৰণত ॥ তোমাৰ আদেশ মানি ৰাজ্যক চৰ্চয় । আপুনাৰ সুখ শান্তি তোমাতে অপয় ॥ ৯৪ ধৃতৰাষ্ট্ৰ বোলে শুন বিদুৰ ভৈয়াই । যতেক কহিল৷ মানে অসত্য নোহয় | গুণৰ সাগৰ ধৰ্ম্মপুত্ৰ যুধিষ্ঠিৰ । কায়মন বাক্যে সদা সেৱয় বিস্তৰ ॥ ৯৫ পিতৃতো অধিক সেৱা কৰে সৰ্ব্বক্ষণ। আমাৰ মঙ্গল বাঞ্ছ৷ কৰে অনুক্ষণ | কিন্তু ভীমে বিপৰীত বাক্য বৰিষিল। এতেকে অধিক শোক সিহেতু মিলিল ৷ ৯৬ বেদনাত বিকল ভৈলন্ত মন চিত্ত। উপবাস থাকি সাধে৷ শৰীৰৰ হিত ॥ মাতিলে ভীমক কোনো কাৰ্য্যে অকস্মাত। গৰিহিত নানা বাক্য বোলে যথোচিত ॥ ৯৭