পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্নানৰ শেষত ফল ফুল জল লই। মহা ধ্যানে পিতৃগণে তৰ্পণ কৰয় ॥ অনন্তৰে গৃহে আসি উপসম হই। ঋষি মুনি ব্ৰাহ্মণৰ সম্ভোষি হৃদয় ॥ ৬৪ পিতৃগণ উদ্দেশে কৰম্ভ নানা দান। স্বর্ণ ভূমি ধেনু বৎস যেন হয় মন ॥ যুধিষ্ঠিৰে যোগাস্ত যতেক অভিলাষ। যাৱে পিতৃ মনত নকৰে অসন্তোষ ॥ ৬৫ বৃকোদৰ অৰ্জ্জুন নকুল সহদেৱ। যথা যোগ্য আজ্ঞা পাশি নিতে কৰে সেৱ ॥ কিন্তু বীৰ বৃকোদৰ ধৰ্ম্ম আজ্ঞা পাই । জ্যেষ্ঠ পিতৃ অন্ধক যদিবা উপাসয় ৷৷ ৬৬ মনে মনে পূৰ্ব্ব দুখ স্মৰণ কৰন্ত। এতেক সময়ে দীর্ঘশ্বাস ফোকাৰম্ভ ॥ সময়ে বেলিন্ত ক্রোধে নানা কটু ভাষ। কেহো বেলা নানা বাক্যে কৰে পৰিহাস ॥ ৬৭ ছোৱাল কালত মোক মাৰিবাক মনে। বিষলাৰু ভুঞ্জাইলি পৰম যতনে অগ্নিগৃহ সাজি পুৰিলিহি পাঞ্চঞ্জন । আনন্দ কৰিলি কাঢ়ি লৈলি সিংহাসন ॥ ৬৮ শত্রুবুদ্ধি ভুঞ্জাইলি অনেক নিকাৰ । সিসব হুমৰি মনে লাগয় ধিক্কাৰ দুষ্টবুদ্ধি দুৰ্য্যোধন হিংসিল সবখা। নকৰিল৷ পাণ্ডৱৰ কোননো অৱস্থা ॥ ৬৯ পাশা খেলি ধন ৰাজ্য সমস্তকে নিলা। এক বস্ত্ৰে দ্রৌপদীক সভাক আনিল৷ ৷ দ্রৌপদী কান্দিল আতি আৰ্ত্তনাদ কৰি। শুনি নুশুনিলা তুমি পুত্ৰক আদৰি ৷৷ ৭০ আতি পাপাচাৰী তোৰ পুত্ৰ এক শত । ধৰ্ম্মাধর্ম্ম পাপ-পুণ্য নগণি মনত ॥ পাৰে মানে আমাক হিংসিল নিৰন্তৰ। তাৰ ফলে মিলিল এতেক অথস্তৰ | ১ সঞ্জয় বিছুৰ ব্যাসদেৱ মহামতি । নানামতে বুজাইলন্ত ধৰ্ম্মক একটি । মহাভাৰত ধন্থকুলপতি কৃষ্ণ ৰান্ধৱ প্রধান। দূত হুয়া আসিলন্ত কৌৰৱৰ স্থান ॥ ৭২ পাঞ্চভ্রাতৃ লাগি পাঞ্চগ্রাম মাগিলন্ত । শুনি মুশুনিল উপহাস কৰিলন্ত ॥ দুষ্ট কর্ণ শকুনিক মানিলন্ত হিত। জয় পৰাজয় হৌক সম্মুখ যুদ্ধত ॥ ৭৩ যেন দুই বাস ঘৰিষণে জ্বলে জুই। সমস্ত বংশৰ বন পুৰি কৰে ছাই ॥ কৌৰৱৰ হেনমত অকাৰ্য্য ফলত । মৰিল দপিষ্ঠ দুষ্ট ভ্ৰাতৃ এক শত ॥ ৭৪ শকুনি প্রভৃতি দুষ্টকামী যত যত । সবে যমলোকে গৈলা আমাৰ হাতত ॥ তথাপিতে৷ পূৰ্ব্বদুখ নপাহৰো আমি। আমাত বোলাবা কেনে পাণ্ডৱৰ স্বামী ॥ ৭৫ এতেক কহন্তে খঙ্গে বাহুক জঙ্কাৰি। চক্ষুক পকান্ত যেন নিশ্বাস ফোকাৰি ॥ যেন মদমত্ত ভীম বোলে নানা বোল কৰ্ণে পশি হৃদয়ত ফুটে যেন শেল ॥ ৭৬ শোকে দুখে অন্ধৰ চেতন হৰে গাৱে। অর্জ্জন নকুল সহদেৱ দেখি ধাৱে ৷ মহাবলী বৃকোদৰ নিকৰুণ মন। শোক জ্বলি আন দিকি কৰম্ভ গমন ॥ ৭ কিছুক্ষণে সঙ্কুকিয়া অন্ধ নৰপতি । বিলাপ কৰম্ভ দুখে শোকে দগ্ধমতি ॥ হায় পুত্র দুৰ্য্যোধন বাজ বাজেশ্বৰ। সুবৰ্ণ পতাকা ধ্বঙ্গ আছিল যাহাৰ ॥ ৭৮ শত শত ৰাজা খাটে যাৰ দুৱাৰত ! যাৰ বাক্যে ভীষ্ম জোগ কৰ্ণ উপগত : ইন্দ্ৰৰ বৈভৱ জিনি ভোৰ হুখ যোগ । নানা ভাৱে কৰিলি বিবিধ উপভোগ ॥ ৭৯ তোৰ সম শতপুত্ৰ সবে ভৈলা নাশ । এতেক শোকতো মোৰ নভৈল বিনাশ ॥ নপাওঁ বিষক নির্মিলয় আরি-ব্যাধি। আৰো কিবা লাগি ৰাখে নিরুণ বিধি।