পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আশ্ৰমিক পৰ্ব্ব মুনি বোলে গুনিয়োক ৰাজা জন্মেজয়। ধৰ্ম্ম অৱতাৰ ৰাজা ধৰ্ম্মৰ তনয়॥ জ্যেষ্ঠ পিতৃ অন্ধক সন্তোষি হেনমতে। গান্ধাৰীকে৷ সন্তোষয় সেৱা ধৰি চিত্তে॥ ৪৯ দ্ৰৌপদী হুভদ্ৰা কুম্ভী চিত্ৰাঙ্গদা সতী। উলুপী উত্তৰ৷ আদি যতেক আয়তী॥ সকলোৱে গান্ধাৰীৰ ওচৰত ৰই। নানামতে কৰে সেৱা যেন মহাদই॥ ৫০ সেৱাত সম্ভোষি পাসৰম্ভ শোক দুখ। সস্নেহে চাহন্ত দেৱী পাণ্ডৱৰ মুখ॥ যুধিষ্ঠিৰ শিৰঘ্ৰাণি কৰম্ভ চুম্বন। আশীষ বৰষে সদা প্ৰফুল্লিত মন॥ ৫১ যুধিষ্ঠিৰ নৃপতিৰ আতি শুদ্ধমতি। মনে মনে কৃষ্ণপাৱে কৰম্ভ ভকতি॥ জগতৰ আত্ম৷ কৃষ্ণ অগতিৰ গতি। বোলে তঘু পাৱে নছাৰোক মোৰ মতি॥ ৫২ আপুনি আসিয়া ভৈলা বান্ধৱ আমাৰ। তোমাৰ কৃপাত জীৱে পাণ্ডুৰ কুমাৰ তুমিসম বান্ধৱ নাহিকে পাণ্ডৱৰ। দুখৰ সহায় মাত্ৰ চৰণ তোমাৰ॥ ৫৩ যত উপকাৰ নাপাৰিবে৷ সুজিবাক। নিজগুণে কিনি লৈল৷ পাণ্ডুৰ পুত্ৰক। এহিবুলি সৰ্ববক্ষণে কৃষ্ণক চিন্তয়। ঐশ্বৰ্য্য বিভূতি বল কৃষ্ণত অৰ্পয়॥ ৫৪ ধন্য ধন্য যুধিষ্ঠিৰ নৃপতি প্ৰধান। বাজসিংহাসনে যেন ভৈল তপোবন। লোকৰ কুশল চিন্তি কৰে সৰ্ব্বকাম। মনে মুখে সৰ্ব্বক্ষণে বোলে ৰাম ৰাম॥ ৫৫ আশ্ৰমিকপৰ্বৰ কথা পাণ্ডৱ চৰিত্ৰ। শ্ৰৱণ কীৰ্ত্তনে হয় হৃদয় পৱিত্ৰ। বিৰচিল কালিদাস সম্ভসেৱা ধৰি। পাতক ছাৰোক ডাকি বোলা হৰি হৰি॥ ৫৬ - ভীমৰ কটুবাক্যত ধৃতৰাষ্ট্ৰৰ খেল আৰু সঞ্জয়-বিছৰৰ সান্ত্বনা বাণী পদ মুনি বোলে শুনা পৰীক্ষিতৰ নয়। পাণ্ডৱ চৰিত্ৰ কথা আতি মনোময় | ধৰ্ম্মপুত্ৰ যুধিষ্ঠিৰ ধৰ্ম্মৰ মুকতি। ধৃতৰাষ্ট্ৰ গান্ধাৰীৰ সাধিবাক প্ৰীতি॥ ৫৭ ভ্ৰাতৃদমে দুহান্তক সেৱন্ত আপুনি। আজ্ঞ৷ মাত্ৰ কৰে কাৰ্য্য একোকে মুগুণি॥ যদি কিবা কাৰ্য্যচয় নমনিয় মনে। তথাপিতে৷ কৰে কাৰ্য্য অন্ধৰ কাৰণে॥ ৫৮ সৰ্ববক্ষণে যুধিষ্ঠিৰে মনত গুণস্ত। জ্যেষ্ঠ পিতৃ শোক তাপে সদায় জ্বলন্ত॥ শত ভ্ৰাতৃ দুৰ্য্যোধন চন্দ্ৰ সমসব। পৰম বান্ধৱ কত মহ। বলীয়াৰ॥ ৫৯ আমাৰ কাৰণে সবে গৈলা যমলোক। ইটো মহাশোক দুখে পীড়য় অধিক॥ এতেকে সেৱাতে হৌক শোকৰ প্ৰলয়। দিন ৰাত্ৰি সৰ্ববক্ষণে ইহাকে ভাবয়॥ ৬০ ভ্ৰাতৃসমে আলোচি অন্ধৰ চাপি পাশ। অন্ধ নৃপতিক ভাবে দেৱতা সদৃশ॥ সুচিন্তিতে যোগান ধৰন্ত প্ৰতিনিতে। ধৈৰ্য্যৱন্ত যুধিষ্ঠিৰ ভ্ৰাতৃ সমন্বিতে॥ ৬১ হেনমতে সেৱা পায় কৌৰৱ প্ৰধান। শুদ্ধচিত্তে শুক্ল বস্ত্ৰ কৰি পৰিধান॥ স্নান দান তৰ্পণ কৰথ প্ৰতিনিত। মনে যেন কচয় ভুঞ্জন্ত দধি ভাত॥ ৬২ ৰবিৰ উদয় জানি অন্ধ নৰপতি। স্নানহেতু চলে বঙ্গে গান্ধাৰী সহিতি॥ গঙ্গাত কৰন্ত স্নান ধৰি কৃতাঞ্জলি। ৰাৱ কাঢ়ে মনে মনে গঙ্গা গঙ্গা বুলি॥ ৬৩