পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 কৰাইলন্ত ঠায়ে ঠায়ে নগৰ নিৰ্ম্মাণ। বাট ঘাট সৰোবৰ কৰি বিতোপন ॥ স্থানে স্থানে অট্টালিকা সাব্জিল যতনে । হীৰা মণি মাণিক্য লগাই পাৰে মানে ॥ ৩২ স্থানে স্থানে সাব্জিলন্ত হৰিৰ মন্দিৰ। হুৱৰ্ণ ৰজত ৰত্নে কৰি জাতিষ্কাৰ ॥ পোৱাল মুকুতা মণি গাঠি শাৰী শাৰী । সবাৰ সহিত চন্দ্ৰতাপ দিছে আৰি ॥ ৩৩ ঠায়ে ঠায়ে সাব্জিলন্ত অতিথিৰ ঘৰ। বহু উপহাৰে ৰাখে ভোজন সম্ভাৰ ৷ দোকান পোহাৰ হাট পাতে স্থানে স্থানে। নানা দ্ৰব্য কিনা বেচা কৰে সৰ্ব্বক্ষণে ॥ ৩৪ আৰে৷ নানা কাৰ্য্যে সাধে প্ৰজাৰ কুশল। পুত্ৰস্নেহে প্ৰজাক কৰন্ত প্ৰতিপাল ॥ চাৰি জাতি প্ৰজা মানে থাকে চাৰি কাজে। নপাৱয় চিন্তা দুখ ৰঞ্চি সিটো ৰাজে ॥ ৩৫ নাহি লোক অপযশ নাহি শত্রুভয়। নৰনাৰী হুমঙ্গলে বিষয় ভুঞ্জয় বোলে কৌতূহলে হস্তিনাৰ প্ৰজা যত । যুধিষ্ঠিৰ সম ৰাজা নাহিকে লোকত ॥ ৩৬ দৰিদ্ৰক কৰে দান অন্ন আভৰণ। গুণী জ্ঞানী পণ্ডিতক কৰে বহু মান ॥ ঋষি মুনি ব্ৰাহ্মণক সেৱে সমাদশে। ভূমি ৰত্ন ধেনু বস্ত্ৰ সদা দান কৰে ॥ ৩৭ হেনমতে প্ৰজাৰ সতত চিস্তি হিত। অন্ধৰ চৰণ সেৱা কৰে নিতে নিত । সেৱা পায়৷ ধৃতৰাষ্ট্ৰ সদায় সন্তোষ। পাসৰিলা যেন পুত্ৰশোক মহাদুখ ॥ ৩৮ অন্ধৰ আনন্দ লাগি সেৱক পৰায় । কৰে আপোনাৰ ৰাজকাৰ্য্য সমুদায় ॥ মনে মনে ঘুধিষ্ঠিৰ চিন্তন্ত সর্ববধা। ৰাজোচিতে ৰক্ষা হৌক জ্যেষ্ঠৰ মৰ্য্যাদা ॥ ৩৯ এহি হেতু নিৰ্ম্মিলন্ত নতুন আবাস। গান্ধাৰী সহিতে তৈত দিলন্ত নিবাস ॥ মহাভাৰত আৰাস লগতে নিৰ্ম্মিলন্ত সভাহান। মধ্যত থাপিল ৰত্নময় সিংহাসন | ৪. দাস দাসী পাত্ৰ পুৰোহিত সুমঙ্গলে৷ বসি থাকে অন্ধৰাজ আতি কুতূহলে বেদব্যাস কৃপাচাৰ্য্য বিছুৰ সঞ্জয়। অন্ধৰ সন্তোষ হেতু তথাত থাকয় ॥ ৪১ ভ্ৰাতৃপমে যুধিষ্ঠিৰ হয় উপগত । ভৃত্যসমে পালে আজ্ঞ৷ যি হয় উচিত | ভ্রাতৃ সমস্তকো বোলে বিনয় বচন। যদি মোত স্নেহ ভক্তি আছে অনুক্ষণ ॥ ৪২ ক্ৰুৰভাৱ এৰি সবে এৰি কোপ মন । কায় মন বাক্যে সেৱা অন্ধৰ চৰণ পুত্র নাতি হীন অন্ধ শোকে দগ্ধ আতি । আমাৰ সেৱাত যেন হয় হৃষ্টমতি ॥ ৪৩ অযাচিতে দিব৷ অন্ন বস্ত্ৰ আভৰণ। এতেকে সন্তোষ আমি স্বৰূপ বচন | হেনমতে প্রিয়বাক্য সাদৰি ভ্ৰাতৃক । সেৱা কৰে যুধিষ্ঠিৰ অন্ধ নৃপতিক ॥ ৪৪ পাই অন্ধ পাণ্ডৱৰ সস্নেহ ভকতি। সদায় সন্তুষ্ট আতি প্রফুল্ল মূৰুতি ॥ হৃষ্ট চিত্তে বসে সদ! আপোন সভাত । পৰম আনন্দ পায় সভাসদ যত । 85 দেৱঋষি পিতৃগণ ৰহস্থ্য বিষয়। কথোপকথনে ব্যাসদেৱে আলাপয় ॥ আচাৰ বিচাৰ নীতিধৰ্ম্ম যত যত । ৰখানও বিদুৰে সঞ্জয় মানে হিত ॥ ৪৬ বিছুৰৰ ৰাজনীতি আতি বিচক্ষণ। নীতিৰ প্ৰভাৱে কাৰ্য্য মিলে বিমান । সমস্ত নৃপতি সবে আসি ইটো স্থান। হয় হস্তী ৰথ ৰত্নে কৰন্ত সম্মান ॥ ৪৭ বন্দীসকলৰ হয় বন্ধবিমোচন। প্রাণদগুযোগ্য ব্যক্তি পায় প্রদান | দয়া দান ধৰ্ম্মে দৰিদ্ৰতা দূৰ ভৈল। ৰামৰাজ্য সম সুখ লোকত মিলিল ॥ ৪৮