পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাতে ৰোগ ঋণ তাপ ভৈল অনুকূল ৷ জঠৰ জ্বালাত সদা ইন্দ্রিয় বিকল যায়৷ মোহে পৰাণৰ ভৈলো বধভাগী। যমৰ যাতনা ঘোৰ আমি লৈলো মাগি ৷৷ ১১ পতিত পাৱন কৃষ্ণ অনাথৰ নাথ ৷ তোমাৰ চৰণে মই দমাইলে| মাথ | চিত্ত বৃত্তি প্ৰবৰ্ত্তক তুমি নাৰায়ণ । এতেকতে কৰা কৃপা অণু পৰিমাণ ॥ ১২ অনাথ জনৰ সাধিয়োক মহাহিত। বাঞ্ছা পূৰ্ণ হৌক প্ৰভু তোমাৰ কৃপাত ॥ আশ্রমবাসিক পর্ব্ব ব্যাসৰ ৰচিত । বখানিল৷ অন্ধৰ বৈৰাগ্য কথা যত ॥ ১৩ ভাৰতৰ কথা ইটো সম্ভৰ কাহিনী । হৰিসেৱা সুখলব্ধ হয় যাক শুনি পণ্ডিতৰ মুখে শুনি বিৰচিলো আমি । শ্ৰৱণ কীৰ্ত্তনে আত্ম৷ হৌক মোক্ষগামী ৷ ১৪ দ্বিজ গুৰু পাদপদ্ম হৃদয়ত ধৰি । দণ্ডৱতে শত শত নমস্কাৰ কৰি প্ৰণামোহো মাতা পিতা প্রকৃতি পুৰুষ । স্বজন পালন ৰূপে সন্তানৰ ঈশ ॥ ১৫ সন্ত মহন্তক অষ্টাঙ্গতে কৰে৷ নতি । নৰ-নাৰী সমজ্যাক আমাৰ মিনতি ॥ পুনু পুনু সুধীবৃন্দে কৰিছো কাকূতি। পদত দূষণ দেখি ক্ষমিবা সম্প্ৰতি ॥ ১৬ স্বৰূপে মূৰুখ আমি অজ্ঞ আতিশয় । অবাঞ্ছিত কাৰ্য্যে যেন কৰিলো নিশ্চয়। অবাক্যেও বাক্য হয় কৃষ্ণৰ কথাত । ভাৰতৰ কথা জানি হোৱা সন্তোষিত ॥ ১৭ যেন কূপোদক পানী গঙ্গাজন পায় । দিয়ো গঙ্গাজল হয়া পাপীক তৰায় ৷ এতেক মহিম৷ জানি ব্যাস তপোধন। জন্মেজয় ৰাজাক দিলন্ত সমিধান ॥ ১৮ ভাৰতৰ কথা শুনা একচিত্ত মনে। দুৰ হৈব শোক তাপ অথিৰ জীৱনে ॥ মহাভাৰত স্বভাৱে হৈবন্ত জানা কৃষ্ণত ভকতি । ভকতি বলত পাইবা ডুকুতি মুকুতি ॥ ১৯ হেন জানি লৈয়ো সবে কৃষ্ণত শৰণ । সমস্ত ধৰ্ম্মৰ মূল কৃষ্ণৰ কীৰ্ত্তন ॥ বিৰচিল কালিদাস তৰিবাৰ কাম । সবে ডাকি সর্ববক্ষণে বোলা কৃষ্ণ ৰাম ॥ ২০ যুধিষ্টিৰৰ ৰাজ্যপালন ছবি জন্মেজয় নিগদতি অনন্তৰে কহিয়োক কথা। পিতামহ কথাচয় খণ্ডিল মনৰ পাপ মহাত্মা পাণ্ডৱগণ অশ্বমেধ যজ্ঞ কৰি যুধিষ্ঠিৰ মহাযশী ব্যাসৰ আদেশ অনুসৰি। পুত্ৰৱতে পালিলা অন্ধ নৃপতিৰ প্ৰতি ৰাজ্যক চৰ্চ্চিল কেন কৰি ॥২১ সম্ভোষিল৷ গান্ধাৰী জ্ঞাতি গোত্র মিত্র যত শত পুত্ৰ গৈলা হেন ধৃতৰাষ্ট্ৰ ৰায় শুন! মুনি মহামতি কেনমতে খপিলা শুনস্তে অমৃতময় ব্যথা | বৈশম্পায়ন মুনি ধৰ্ম্ম মাত্ৰ লোকৰ সংসাৰ বৈভৱ ধন বন্ধু বান্ধৱৰ স্নেহ ধৰ্ম্ম সেৱাপৰায়ণ শোক দুখ পৰিহৰি ৰাজসিংহাসনে বসি প্ৰজাক। দেখুৱাই কিবা ভক্তি আত্মাক। সমস্তে ভৈলন্ত হত পৰলোক। গান্ধাৰীক লগে লই কালক ॥ ২২ নিগদতি নৃপমণি সম্পদ | সমস্ততে মিলল্প আপদ বু বু যেন কেৱলে দুখৰ ক্লেশ নিষিতে হবে চোরে না।..