পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজাৰ বচনে তুষ্ট ভৈলা যদুপতি। হৰিষে কৃষ্ণৰ পদে কৰিলন্ত ভক্তি॥ ৩৪৯৬৩ আঙ্কোৱালি ধৰি কৃষ্ণ কৰিলন্ত দায়া। তুমি আমি ভিন্ন নহে সৰে একে কায়া॥ অনুগ্ৰহ কৈলা কৃষ্ণে অনাথৰ নাথে। পদধুল৷ লৈল৷ ৰাজ৷ আপুনাৰ মাথে॥ ৩৪৯৬৪ অপূৰ্ব্ব মন্দিৰে বালা দিলা নৰেশ্বৰ। বসময় মিষ্ট অম্ল দিলন্ত অপাৰ। সুগন্ধ তাম্বুল দিল৷ কপূৰে পূৰিয়া। ৰত্নময় পালঙ্কত শুৱাইলন্ত নিয়া॥ ৩৪৯৬৫ অৰ্জ্জুন প্ৰভৃতি যত সবে ৰাজাগণ। অন্যে। অন্যে সবাহাঙ্কে কৰিল। পূজন॥ মিষ্ট অম্ল পান দিয়া কৰাইল৷ ভোজন। বিচিত্ৰ মন্দিৰে নিয়৷ কৰাইলা শয়ন॥ ৩৪৯৬৬ মহানন্দে নৃত্যগীত ৰজনা গোৱাইলা। এহিমতে কৃষ্ণ পাৰ্থ ৰজনী বঞ্চিল৷॥ প্ৰভাত সময়ে উঠিলন্ত দিনমণি। বীৰসিংহে প্ৰণামিয়৷ বোলে চক্ৰপাণি॥ ৩৪৯৬৭ প্ৰাতঃক্ৰিয়া কৰি কৃষ্ণে বসিলা তেখন। কৰযোৰে বীৰসিংহে ভৈলা উপসন্ন॥ অৰ্জ্জুন উঠিল! তেবে নিদ্ৰা ভঙ্গ কৰি। প্ৰাতঃক্ৰিয়৷ কৰিলন্ত বীৰ গুৰু স্মৰি॥ ৩৪৯৬৮ বহুবিধ অশ্ব ৰথ গজ বস্ত্ৰ সমে। গোবিন্দক বীৰসিংহ দিলা ভক্তিমনে॥ অৰ্জুন প্ৰভৃতি দিলা বন্ধু আভৰণ। ৰথ অশ্ব হস্তী দিলা অনেক বসন | ৩৪৯৬৯ নৃপতিৰ ভক্তি দেখি দেৱ জগন্নাথ। ৰত্ন অশ্ব গজ বস্ত্ৰ ৰহিলা তথাত। বহুবিধ আদৰ কৰিলা দামোদৰ। ধন্য ধন্য কৰি হৰি প্ৰশংসে অপাৰ॥ ৩৪৯৭০ প্ৰেমে আকুলিত ভৈলা বীৰসিংহ ৰায়। দণ্ডৱত কৰিয়৷ পৰিলা কৃষ্ণ পাৱ। পদধূলি কৰে তুলি লৈল৷ মাথা পাগে। কৰযোৰে ভক্তি কৰি বোলে কৃষ্ণ আগে॥৩৪৯৭১ আজ্ঞা কৰা দেৱহৰি কমল লোচন। ইসব ৰাজ্যত মোৰ নাহি প্ৰয়োজন॥ ৰাজাৰ বচন শুনি বোলে পতি। মধুৰ বচনে বোলে অমৃতৰ শ্ৰুতি॥ ৩৪৯৭২ এহিকৰ্ম্ম কৰি চল অৰ্জ্জুন সহিত। ঘোটকক লৈয়া চল ধৰ্ম্মৰ বিদিত॥ মুনিগণ আসিব দেখিবা যজ্ঞ কাজ। যজ্ঞত দীক্ষিত ভৈলা ধৰ্ম্ম মহাৰাজ॥ ৩৪৯৭৩ কৃষ্ণৰ বচনে ৰাজা আনন্দিত মনে। সসৈন্যে চলিলা ৰাজা অৰ্জ্জুনৰ সমে॥ চতুৰঙ্গ দলে বাজা গজ বাজী ৰথী। ধ্বজ দণ্ড পতাকা যে অসংখ্য পদাতি॥ ৩৪৯৭৪ বাজে শঙ্খ সিংহনাদে কৰে কৌতূহলে। মেলি দুই ঘোটকক শীঘ্ৰগতি চলে। কৃষ্ণক নভঙ্গি যিটো পূজে আন দেৱ। কৰে বলিদান তাক সম মুহি কেৱ॥ ৩৪৯৭৫ এহিটো প্ৰভুৰ গুণ নলৱন্ত কথা। তাৰ সঙ্গ লৈব যিটো তাৰ জন্ম বৃথা॥ হেন জানি কৃষ্ণৰ কথাত দিয়া চিত্ত। নাহি আন কথা আৰে৷ দুৰ্ঘোৰ কলিত॥ নামতে সমস্তে এবে যুগধৰ্ম্ম পায়। বোলা ৰাম ৰাম হেৰা ব্যৰ্থে আয়ু যায়॥৩৪৯৭৬ চলিলা ঘোটক দুই ধনুধৰি বীৰগণে পদ্মন গমন বেগে যায়। ছবি একত্ৰে ঘোটক দুই আসিল। উত্তৰ ঠাই অসংখ্য পদাতি পাচে ধাই॥ ৰাখি সবে সেনাপতি চলিলা চকিত মনে ভ্ৰমে দুই সুখী হই আপুন ইচ্ছায়ে চলে বঙ্গে। অসংখ্য ভুবঙ্গ হস্তী চলি যায় ঘোটকৰ সঙ্গে॥ ৩৪৯৭৭