পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

2096 অনড় ব্ৰহ্মাণ্ড পতি দেখিলো নয়নে। এহিৰূপে তুতি বাণী বীৰসিংহে ভণে॥ ৩৪৯৪৬ নৃপতিৰ ভক্তি দেখি গোবিন্দ শ্ৰীহৰি। সৈন্য মধ্যে লুকি দিয়া ৰহিল৷ মুৰাৰি। চক্ষুমেলি নৃপতি নেদেখে নাৰায়ণ। ব্যাকুল স্বভাৱে ৰাজা বুলিলা বচন॥ ৩৪৯৪৭ দেখা দিয়৷ নাৰায়ণ বঞ্চিলাহা মোৰে। মই সম পাপী নাহি সংসাৰ ভিতৰে॥ হা হা বিধি কেনে মোক কৰিল৷ স্ৰজন। দেখা দিয়া মোহোক বঞ্চিলা নাৰায়ণ॥ ৩৪৯৪৮ কৃষ্ণৰ চৰণ চিন্তি যৰে৷ পাপমতি। জলে জাম্প দিয়া মৰো হৈবে সদগতি॥ এহি বুলি যায় বাজা জলে জাম্প দিবে। যত্ন কৰি ৰাখে ধৰি পাত্ৰ-মন্ত্ৰীসবে॥ ৩৪৯৪৯ নৃপতিৰ ভক্তি দেখি দেৱ যদুপতি। পুনৰপি ৰাজা আগে গৈলা শীঘ্ৰগতি॥ কৃষ্ণে নৃপতিক ধৰি দিলা আলিঙ্গন। চৰণত পৰি ৰাজা কৰম্ভ স্তৱন। ৩৪৯৫০ তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি ত্ৰিপুৰাৰি। তুমি ইন্দ্ৰ তুমি চন্দ্ৰ তুমি নদী গিৰি॥ অনন্ত মহিমা তযু পুৰুষ প্ৰধান। ধন্য ধন্য দেহ। মোৰ দেখো নাৰায়ণ॥ ৩৪৯৫১ মহাভাৰত বীৰসিংহে বোলে শুনা কৃষ্ণ মহাশয়। অৰ্জ্জুনৰ সমে মোক দিয়া পৰিচয়॥ ৰাজাৰ বচন শুনি বেলিন্ত অৰ্জ্জুন। মোৰ নাম ধনঞ্জয় পাবা কিবা গুণ॥ ৩৪৯৫২ অৰ্জ্জুনৰ বচনক শুনি নৃপবৰ। তুমি সম ভাগ্যৱন্ত আন নাহি নৰ॥ আপুনি সাৰথি ভৈল৷ দেৱ নাৰায়ণ। সদায় নেৰন্ত হৰি তোমাৰ সদন। ৩৪৯৫৩ পৰম বৈষ্ণৱ তুমি ত্ৰিভুবন মাজে। তোমাৰ সেৱাত বশ্য ভৈলা যদুৰাজে॥ তোমাৰ মহিষা কোনে বৰ্ণাইবাক পাৰে। ইন্দ্ৰদেৰ সম নোহে তোমাৰ সমবে ৩৪৯৫৪ তুমি যেনমতে পালা দেৱনাৰায়ণ। হেনমতে পালে কোনে ইতিনি ভূৱন। তষু দাস ভৈলো আমি জন্ম জন্মান্তৰ। তেবেসে পাইবোহে আমি দেৱ দামোদৰ॥ ৩৪৯৫৫ নৃপতিৰ তুতি নতি দেখি ধনঞ্জয়। কৰযোৰ কৰি বহু কৰিলা বিনয় তোমাৰ ভক্তিৰ সীমা কি কৈবো মহিমা। জগতৰ মধ্যে মই কি কৈৰে৷ উপমা॥ ৩৪৯৫৬ এহি বুলি দুই বীৰে কৈলা কোলা কোলি। অন্যে! অন্যে সম্ভাষা কৰিলা দুই বলী॥ ৰীৰসিংহে বোলে শুনা গোবিন্দ মুৰাৰি। পদৰেণু দিয়া ৰক্ষা কৰা মোৰ পুৰী। ৩৪৯৫৭ অনন্ত ব্ৰহ্মাণ্ডপতি দেৱ বনমালী। মোৰ পুৰে পৰোক তোমাৰ পদধূলি। নৃপতিৰ বাক্য শুনি বোলন্ত অৰ্জ্জুন। তযু দেশে ঘোৰ৷ গৈয়৷ মিলিলা আপুন।৩৪৯৫৮ ঘোটক নাপালে মোৰ যজ্ঞভঙ্গ হয়। আগে ঘোৰ৷ পালে মোৰ নগৰক যাই॥ অৰ্জ্জুনক বাক্য শুনি বুলিলা বচন। মোৰ পুৰে যজ্ঞ ঘোৰা কৰিছে গমন॥ ৩৪৯৫৯ কৃষ্ণক দেখিবে লাগি বান্ধিছো যতনে। কৃষ্ণ সমে অৰ্জ্জনে চলিছে আপুনে। নৃপতিৰ ভক্তি দেখি দেৱ নাৰায়ণ। সসৈন্যে তাহাৰ পুৰে কৰিল৷ গমন॥ ৩৪৯৬০ স্থৱৰ্ণ মন্দিৰে বাসা দিলা যদুপতি। দিব্য দ্ৰব্য দিয়া পুজে কৰিয়া ভকতি॥ পাদ্য অৰ্ধ দিয়া ৰাজা কৃষ্ণ পূজা কৈলা। বহুবিধি মাঙ্গল্য তেখনে আৰছিল॥ ৩৪৯৬১ বাঘ ভাও যতমানে পুৰীত আছিল। দিশ বিদিশক পুৰী উৎসৱ কৰিল ৰাজ্য ধন ছন দণ্ড আছিল সম্পতি। কৃষ্ণ আগে সমৰ্পিল কৰি তুতি নতি॥ ৩৪৯৬২ স্ত্ৰী পুত্ৰ সঙ্গে লৈয়| জ্ঞাতিবন্ধু সঙ্গে। পাত্ৰ মন্ত্ৰী লৈয়া ৰাজা অষ্টাঙ্গে প্ৰণামে।